অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ বিনান্সৰ ৩.৩ কোটি টকাৰ বৰঙণি

বিনান্স কেম্পানীৰ জনহিতকৰ শাখা বিনান্স চেৰিটি-এ অসমৰ ভয়াৱহ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ জৰুৰীকালীন সাহায্য আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ গুঞ্জৰ ৰাহত পদক্ষেপলৈ ৩.৩ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বৰঙণিৰ দ্বাৰা গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ৩৪৯খন বানপীড়িত গাঁৱৰ প্ৰায় ২৭,৫০০টা পৰিয়াল উপকৃত হ’ব বুলি আশা কৰা হৈছে। ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি এই ধনেৰে ঘৰুৱা সামগ্ৰী, অনাময় সামগ্ৰী, টাৰ্পলিন(তিৰ্পাল) আৰু অন্যান্য প্ৰয়োজনীয় জৰুৰীকালীন সাহায্য সামগ্ৰী বিতৰণ কৰা হ’ব।

প্ৰকাশিত খবৰ অনুসৰি এইবাৰৰ বলিয়া বানত অসমৰ ২৫খন জিলা আৰু ২,৭৩৪ খন গাঁৱৰ ১২ লাখতকৈও অধিক লোক বানপানীত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি পাইছে।বিনান্সৰ এপিএচি অঞ্চলৰ মুৰব্বী এছ বি চেকেৰে এই বিষয়ে জনায় যে, গুঞ্জৰ ৰাহত পদক্ষেপৰ সৈতে সহযোগিতা কৰা আমি আশা কৰিছোঁ যে আমাৰ এই বৰঙণিয়ে ভুক্তভোগীসকলক জৰুৰীকালীন সাহায্য প্ৰদান কৰিব আৰু পৰিয়ালসমূহক পুনৰ সংস্থাপন তথা পুনৰুদ্ধাৰৰ দীঘলীয়া যাত্ৰা আৰম্ভ কৰাত সহায় কৰিব।” গুঞ্জৰ প্ৰতিষ্ঠাপক অংশু গুপ্তাই কয় যে, এই ধ্বংসলীলাৰ মাত্ৰা অতি ভয়াৱহ। পৰিস্থিতিৰ ভয়াৱহতাৰ বাবে বহু লোকে অস্থায়ী আশ্ৰয় ল’বলৈ বাধ্য হৈছে আৰু সাঁচতীয়া শস্য তথা জীৱিকা সম্পূৰ্ণৰূপে বিনষ্ট হৈছে।

এই বৰঙণিয়ে অসমৰ বানপীড়িত সম্প্ৰদায়সমূহক সহায় কৰাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ড আৰু জনহিতকৰ সংস্থাসমূহৰ বৰ্ধিত ভূমিকাক প্ৰতিফলিত কৰিছে। সমান্তৰালভাৱে অসমত বাৰম্বাৰ হোৱা বানপানীৰ ফলত হোৱা ব্যাপক অৰ্থনৈতিক ক্ষয়-ক্ষতিৰ দিশটোও পৰিস্ফূত হৈছে। ক্ষতিগ্ৰস্ত জিলাসমূহে পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ এই সময়ছোৱাত সাহায্য আৰু পুনৰুদ্ধাৰৰ বাবদ জৰুৰীকালীন ঘৰুৱা সামগ্ৰী, সাধাৰণ উপকৰণ আৰু জৰুৰীকালীন সামগ্ৰীৰ স্থানীয় যোগান শৃংখল ক্ষিপ্ৰ হ’লে অৰ্থনৈতিকভাৱে সবল কৰি তোলাত সহায় কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *