গেটৱে’ৰ সমীপত ফেৰীৰ পৰা নদীত পৰা মহিলাক ২.৫ কিলোমিটাৰ নামনিত উদ্ধাৰ NDRF-এ

এক শ্বাসৰুদ্ধকৰ অভিযানেৰে ব্ৰহ্মপুত্ৰৰ উত্তাল জলৰাশিত উটি যোৱা এগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ (এনডিআৰএফ) জোৱান। ‘গেটৱে’ অৱ গুৱাহাটী’ৰ সমীপত ফেৰীৰ পৰা হঠাতে নদীৰ গভীৰ পানীত পৰি যোৱা ৫৭ বছৰীয়া মহিলাগৰাকীক প্ৰায় ২.৫ কিলোমিটাৰ নামনিত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাহিনীটো।

বুধবাৰে পুৱা প্ৰায় ১১:০৫ বজাত ফেৰীৰ পৰা এগৰাকী যাত্ৰী ব্ৰহ্মপুত্ৰৰ বুকুত পৰি যোৱাৰ খবৰ লাভ কৰে প্ৰথম বেটেলিয়ন এনডিআৰএফে। তথ্য পোৱাৰ লগে লগে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড ঘাটত নিয়োজিত ‘ছাব-টীম ১-এল’-ৰ এটা দল পৰিদৰ্শক অনুৰাগ কুমাৰ সিঙৰ নেতৃত্বত অত্যাধুনিক উদ্ধাৰকাৰী সঁজুলিসহ তৎপৰ হৈ পৰে।

তীব্ৰ জলস্ৰোত আৰু প্ৰতিকূল পৰিস্থিতিক নেওচি উদ্ধাৰকাৰী দলটোৱে পুৱা প্ৰায় ১১:৪৫ বজাত ঘটনাস্থলীত উপস্থিত হৈ নামনি অভিমুখে ব্যাপক অনুসন্ধান আৰম্ভ কৰে। অভিযানৰ অংশ হিচাপে দিনৰ প্ৰায় ১২:১০ বজাত মূল দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ নিলগত মহিলাগৰাকীক প্ৰত্যক্ষ কৰে জোৱানসকলে আৰু ততাতৈয়াকৈ তেওঁক নদীৰ বুকুৰ পৰা জীৱন্তে উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা মহিলাগৰাকীক নলবাৰী জিলাৰ ধুপৰতল নিবাসী খন্তেশ্বৰী খাটনিয়াৰ (৫৭) বুলি চিনাক্ত কৰা হৈছে। উদ্ধাৰৰ পিছতেই তেওঁক গুৱাহাটীৰ লাচিত ঘাটলৈ আনি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক চয়নিকা মেধিৰ উপস্থিতিত জৰুৰীকালীন চিকিৎসা সেৱাৰ অধীনত হাস্পতাললৈ প্ৰেৰণ কৰা হয়। এনে প্ৰাণঘাতী পৰিস্থিতিত এনডিআৰএফৰ প্ৰথম বেটেলিয়নৰ তৎকালীন সঁহাৰি আৰু নদীকেন্দ্ৰিক উদ্ধাৰ অভিযানৰ দক্ষতাই পুনৰবাৰ এগৰাকী লোকৰ অমূল্য প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *