শ্বিলঙত প্ৰতিবাদী ৰেলীত অসমৰ বাহনৰ ওপৰত আক্ৰমণ! গ্ৰেপ্তাৰ কেএছইউৰ সভাপতিসহ শীৰ্ষ তিনি নেতা

মেঘালয়ৰ ৰাজধানী শ্বিলঙত ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি সংঘটিত ব্যাপক হিংসাত্মক ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খাছী ষ্টুডেণ্টছ ইউনিয়নৰ শীৰ্ষ তিনি নেতাক। বুধবাৰে নিশা শ্বিলং সদৰ আৰক্ষীয়ে জিম্মাত লয় কেএছইউৰ সভাপতি ৰেইমণ্ড খাৰজানা, উপ-সভাপতি পিনকমেনলাং চানমিয়েট আৰু সাধাৰণ সম্পাদক ৰুবেন নাঝিয়াৰক। ৰাজহুৱা সম্পত্তি ধ্বংস, সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ আৰু শান্তি ভংগৰ অভিযোগত ‘ভাৰতীয় ন্যায় সংহিতা, ২০২৩’ৰ অধীনত এই তিনি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে মেঘালয় আৰক্ষীয়ে।

সংগঠনটোৰ ৫ দফীয়া দাবী পূৰণৰ দাবীত শ্বিলং মহানগৰীত উলিওৱা ক’লা পতাকা বাইক ৰেলীৰ সময়তে দিনৰ ভাগত সৃষ্টি হয় ভয়ংকৰ তাণ্ডৱৰ। আৰক্ষীৰ তথ্য অনুসৰি, এই হিংসাত্মক কাৰ্যসূচীত প্ৰায় ৩১খন বাহন ভাঙি চূৰমাৰ কৰাৰ লগতে কেইবাজনো লোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰা হয়। মেঘালয়ৰ বাহিৰৰ পঞ্জীয়ন থকা বাহনসমূহৰ লগতে এখন যাত্ৰীবাহী বাছলৈকো শিলগুটি নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে। ইফালে মাওলাইত পথৰ মাজতে এখন চৰকাৰী বাহন জ্বলাই দিয়াৰ ফলত সমগ্ৰ চহৰখনত তীব্ৰ আতংকৰ সৃষ্টি হয়।

যোৱা ৪ আগষ্টত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক অৱগত কৰা পাঁচ দফীয়া দাবীৰ সময়সীমা উকলি যোৱাৰ পিছতে এই আন্দোলন গঢ়ি তুলিছিল ছাত্ৰ সংগঠনটোৱে। দাবীসমূহৰ ভিতৰত ‘মেঘালয় ৰেচিডেণ্টছ ছেফটি এণ্ড ছিকিউৰিটি এক্ট’ কাৰ্যকৰী কৰা, প্ৰব্ৰজিত শ্ৰমিক আইন প্ৰণয়ন, চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াৰ সংস্কাৰ, ‘নেগ্ৰিমছ’ৰ নিযুক্তিৰ বিসংগতি দূৰীকৰণ, পূব জয়ন্তীয়া পাহাৰত প্ৰস্তাৱিত চিমেণ্ট প্ৰকল্পৰ ৰাজহুৱা শুনানি বাতিল আৰু মেঘালয়ত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰাটো অন্যতম।

ৰেলীৰ চৰ্ত উলংঘা কৰি একাংশ প্ৰতিবাদকাৰীয়ে আইন হাতত তুলি লোৱা কাৰ্যৰ বাবে আৰক্ষীয়ে কঠোৰ সকীয়নি প্ৰদান কৰিছে। অৱশ্যে ঘটনাৰ পিছতে সংবাদ মেল সম্বোধন কৰি কেএছইউ নেতৃত্বই দুখ প্ৰকাশ কৰে যদিও কোনো দুৰ্বৃত্তই আন্দোলনক বদনাম কৰিবলৈ বাহিৰৰ পৰা আহি এই তাণ্ডৱ চলোৱা বুলি দাবী কৰে। নিশা শীৰ্ষ তিনি নেতাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই আৰক্ষীয়ে জয়িয়াৱস্থিত কেএছইউৰ মুখ্য কাৰ্যালয়তো অভিযান চলায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়। এই গ্ৰেপ্তাৰ আৰু প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত শ্বিলং তথা সীমান্তৱৰ্তী অঞ্চলত বৰ্তমানেও উত্তেজনাপূৰ্ণ হৈ আছে সামগ্ৰিক পৰিৱেশ।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *