বৰাগাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

ৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত আসাম ইনষ্টিটিউট অৱ মেনেজমেণ্ট  কৰ্তৃপক্ষ, স্থানীয় ৰাইজ আৰু লাইফ কেয়াৰৰ  যৌথ উদ্যোগত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত শিশু , মহিলা  পুৰুষকে ধৰি প্ৰায়  ৩০০ গৰাকী লোকে অংশগ্ৰহণ কৰে।

বিশিষ্ট চিকিৎসক ডাঃ তানিশা বৰুৱাৰ তদাৰকাত অনুষ্ঠিত শিৱিৰত উপস্থিত লোকসকলক ৰোগ নিৰাময়, শৰীৰৰ যত্ন, ৰোগৰ লক্ষণ, নিৰোগী হৈ থকাৰ উপায় আদি সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰা হয়।

শিৱিৰত  বিভিন্ন শাৰীৰিক সমস্যাৰ জটিলতা সম্পৰ্কে পৰীক্ষা কৰাৰ লগতে ৰোগ প্ৰতিৰোধ আৰু সময়মতে চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰতো ৰাইজক সজাগ কৰা হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *