Blog

লখিমপুৰৰ ফটিপুৰ লাওগাওঁবস্তিত হাবিজুল ইছলামৰ বিৰুদ্ধে তৃতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হোৱাৰ অভিযোগ দ্বিতীয় পত্নীৰ ; অসম ৰাজ্যিক মহিলা আয়োগত অভিযোগ দাখিল

লখিমপুৰৰ ফটিপুৰ লাওগাওঁবস্তিত হাবিজুল ইছলামৰ বিৰুদ্ধে তৃতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হোৱাৰ অভিযোগ দ্বিতীয় পত্নীৰ ; অসম ৰাজ্যিক মহিলা আয়োগত অভিযোগ দাখিল

অসম চৰকাৰে বহু বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত আইন বলবৎ কৰাৰ পাছতো এই আইনক ভ্ৰুক্ষেপ কৰা নাই একাংশ লোকে । আনকি দুই এঠাইত কোনো কোনোৱে এজনী , দুজনী নহয় তিনীজনীলৈকেও বিয়া কৰোৱা বুলি অভিযোগ উত্থাপিত হৈছে। এইবাৰ এনে এটা অভিযোগ উত্থাপিত হৈছে লখিমপুৰ জিলাৰ বঙালমাৰা থানাৰ অন্তৰ্গত ফটিপুৰ লাওগাওঁবস্তিৰ  পেছাত ব্যৱসায়ী হাবিজুল ইছলাম নামৰ এজন লোকৰ বিৰুদ্ধে প্ৰথম আৰু দ্বিতীয় পত্নী থকাৰ পাছতো তৃতীয়বাৰৰ বাবে পুনৰ বিবাহ পাশত আৱদ্ধ হোৱা বুলি অভিযোগ কৰিছে দ্বিতীয় পত্নী ফাৰহা বেগমে । ইতিমধ্যে দ্বিতীয় পত্নী ফাৰহা বেগমে ন্যায় বিচাৰি অসম ৰাজ্যিক মহিলা আয়োগত  হাবিজুল ইছলামৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল…
Read More
অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ বিনান্সৰ ৩.৩ কোটি টকাৰ বৰঙণি

অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ বিনান্সৰ ৩.৩ কোটি টকাৰ বৰঙণি

বিনান্স কেম্পানীৰ জনহিতকৰ শাখা বিনান্স চেৰিটি-এ অসমৰ ভয়াৱহ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ জৰুৰীকালীন সাহায্য আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ গুঞ্জৰ ৰাহত পদক্ষেপলৈ ৩.৩ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বৰঙণিৰ দ্বাৰা গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ৩৪৯খন বানপীড়িত গাঁৱৰ প্ৰায় ২৭,৫০০টা পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি এই ধনেৰে ঘৰুৱা সামগ্ৰী, অনাময় সামগ্ৰী, টাৰ্পলিন(তিৰ্পাল) আৰু অন্যান্য প্ৰয়োজনীয় জৰুৰীকালীন সাহায্য সামগ্ৰী বিতৰণ কৰা হ’ব। প্ৰকাশিত খবৰ অনুসৰি এইবাৰৰ বলিয়া বানত অসমৰ ২৫খন জিলা আৰু ২,৭৩৪ খন গাঁৱৰ ১২ লাখতকৈও অধিক লোক বানপানীত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা ১০৫ জনলৈ…
Read More
ৰাষ্ট্ৰবাদৰ নামত চকুলো টোকা সকলেই যুৱপ্ৰজন্মৰ ডাঙৰ শত্ৰুঃ মল্লিকাৰ্জুন খাৰ্গে

ৰাষ্ট্ৰবাদৰ নামত চকুলো টোকা সকলেই যুৱপ্ৰজন্মৰ ডাঙৰ শত্ৰুঃ মল্লিকাৰ্জুন খাৰ্গে

যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু গৃহ মন্ত্ৰ্যালয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। গণতান্ত্ৰিকভাৱে অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা নিৰীহ শিক্ষাৰ্থীসকলৰ ওপৰত চৰকাৰে চলোৱা বৰ্বৰ দমন-পীড়নক সমালোচনা কৰি খাৰ্গেয়ে শাসকীয় পক্ষৰ ৰাষ্ট্ৰবাদী স্থিতিক তীব্ৰ প্ৰশ্নবাণেৰে থকা-সৰকা কৰে। সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে কয়, “ৰাষ্ট্ৰবাদক লৈ ঘঁৰিয়ালৰ চকুপানী টোকা লোকসকল প্ৰকৃততে দেশৰ যুৱ প্ৰজন্মৰ আটাইতকৈ ডাঙৰ শত্ৰু। ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা কৰা হ’ল, পেলেট গান চলোৱা হ’ল, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়ালৈকে এটাও শব্দ উচ্চাৰণ নকৰিলে আৰু গৃহমন্ত্ৰীয়েও নিজৰ দায়িত্বৰ পৰা পলাই ফুৰিছে। অমিত শ্বাহে আচলতে কি…
Read More
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফে আগবঢ়াইছে ভেল্যু-প্লাছ-মমেণ্টাম ইণ্ডেক্স ফাণ্ড

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফে আগবঢ়াইছে ভেল্যু-প্লাছ-মমেণ্টাম ইণ্ডেক্স ফাণ্ড

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে বিএছই ৫০০ মমেণ্টাম ভেল্যু ৫০ ইণ্ডেক্স ফাণ্ড। এই পুঁজি হৈছে এক নতুন ভেল্যু-প্লাছ-মমেণ্টাম বিনিয়োগৰ বিকল্প, যাৰ জৰিয়তে গ্ৰাহকসকলক নিৰ্বাচিত ইউএলপি-ৰ মাধ্যমেৰে দীৰ্ঘম্যাদী ইকুইটিৰ সুযোগ লাভৰ সুবিধা প্ৰদান কৰা হ’ব। এই ফাণ্ডে এক নিয়ম-আধাৰিত বিনিয়োগ কৌশলৰ জৰিয়তে বিএছই ৫০০ জগতৰ পৰা নিৰ্বাচিত ৫০টা কোম্পানীৰ এক বৈচিত্ৰ্যপূৰ্ণ গোটত বিনিয়োগৰ সুযোগ প্ৰদান কৰিব। ই আকৰ্ষণীয় মূল্যায়ন আৰু ইতিবাচক মূল্যৰ গতিশীলতাক একত্ৰিত কৰে। বজাৰৰ পৰিৱৰ্তনশীল মূল্যায়ন তথা ট্ৰেণ্ডৰ সৈতে খাপ খুৱাবলৈ প্ৰতি ত্ৰৈমাসিকত ইয়াৰ পৰ্যালোচনা কৰা হ’ব। এই নতুন ফাণ্ডটো মুকলিৰ বিষয়ে আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ মুখ্য বিনিয়োগ বিষয়া মনীষ কুমাৰে কয় যে, “বিএছই ৫০০ মমেণ্টাম ভেল্যু ৫০…
Read More
যন্তৰ-মন্তৰত প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত পেলেট গান ব্যৱহাৰৰ অভিযোগ! ভুক্তভোগীৰ সৈতে থানাত ৰাহুল গান্ধীৰ ধৰ্ণা

যন্তৰ-মন্তৰত প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত পেলেট গান ব্যৱহাৰৰ অভিযোগ! ভুক্তভোগীৰ সৈতে থানাত ৰাহুল গান্ধীৰ ধৰ্ণা

নতুন দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক উত্তেজনাময় পৰিৱেশ। এই ঘটনাত ৰেপিড একশ্যন ফ’ৰ্চৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে বুধবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ভুক্তভোগী শিক্ষাৰ্থীসকলক লগত লৈ নতুন দিল্লীৰ পাৰ্লিয়ামেন্ট ষ্ট্ৰীট আৰক্ষী থানাত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তদন্তৰ অগ্ৰগতি আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাহুল গান্ধীয়ে আৰক্ষী থানাৰ সন্মুখতে দলীয় নেতা-কৰ্মী আৰু ভুক্তভোগীৰ পৰিয়ালৰ সৈতে ধৰ্ণাত বহে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিবাদৰ সময়ত গুৰুতৰভাৱে আহত হোৱা ১৯ বছৰীয়া ছাত্ৰ চাহিল লোচবে নিজৰ অধিবক্তা আৰু পৰিয়ালৰ সৈতে পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে আনুষ্ঠানিক এজাহাৰ দাখিল কৰিবলৈ…
Read More
হিন্দু-মুছলিম মানসিকতাৰ পৰা ওলাই আহকঃ ‘বন্দে মাতৰম’ক লৈ শৰ্মিলা ঠাকুৰৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কংগনা ৰানাৱটৰ

হিন্দু-মুছলিম মানসিকতাৰ পৰা ওলাই আহকঃ ‘বন্দে মাতৰম’ক লৈ শৰ্মিলা ঠাকুৰৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কংগনা ৰানাৱটৰ

ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম' গোৱাক কেন্দ্ৰ কৰি চলি থকা দেশজোৰা বিতৰ্কৰ মাজতে প্ৰবীণ চলচ্চিত্ৰ অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ বক্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাৱট। বৃহস্পতিবাৰে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনাই প্ৰবীণ অভিনেত্ৰীগৰাকীক 'হিন্দু-মুছলিম মানসিকতা'ৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়। ৮১ বছৰীয়া শৰ্মিলা ঠাকুৰে শেহতীয়াকৈ এক সাক্ষাৎকাৰত 'বন্দে মাতৰম'ৰ কেৱল প্ৰথম দুটা স্তৱকহে গোৱা উচিত বুলি মন্তব্য কৰিছিল। তেওঁ দাবী কৰিছিল যে পৰৱৰ্তী স্তৱকসমূহত থকা হিন্দু দেৱ-দেৱীৰ উল্লেখে এক ঈশ্বৰবাদী লোকসকলৰ বিশ্বাসত বাধাৰ সৃষ্টি কৰিব পাৰে। শৰ্মিলা ঠাকুৰৰ এই সাক্ষাৎকাৰৰ অংশ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কংগনা ৰানাৱটে কয় যে তেওঁ জ্যেষ্ঠ অভিনেত্ৰীগৰাকীৰ বক্তব্যক সন্মান কৰে যদিও এগৰাকী শিল্পী…
Read More
বিদ্যালয়ৰ দুৰৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানত আক্ৰমণৰ সন্মুখীন চিজেপি কৰ্মী! শিক্ষামন্ত্ৰীক ৪৮ ঘণ্টাৰ আল্টিমেটাম

বিদ্যালয়ৰ দুৰৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানত আক্ৰমণৰ সন্মুখীন চিজেপি কৰ্মী! শিক্ষামন্ত্ৰীক ৪৮ ঘণ্টাৰ আল্টিমেটাম

ৰাজহুৱা বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানৰ জয়পুৰত দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণৰ সন্মুখীন হ’ল ‘ককৰোচ জনতা পাৰ্টী’ৰ কৰ্মী-সমৰ্থক। জয়পুৰৰ বগৰু অঞ্চলৰ অন্তৰ্গত ৰামপুৰা কঁৱৰপুৰাত দলটোৰ প্ৰতিনিধি দলটোক স্থানীয় লোক আৰু একাংশ দুৰ্বৃত্তই খেদি খেদি প্ৰহাৰ কৰাৰ লগতে বাহনসমূহত ব্যাপক আক্ৰমণ চলায়। আনহাতে, শাসকীয় দল বিজেপিৰ আশীৰ্বাদপুষ্ট দুৰ্বৃত্তইহে এই আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে চিজেপিৰ সহ-আহ্বায়ক আশুতোষ ৰাংকাই। ঘটনাক কেন্দ্ৰ কৰি দলটোৰ সহ-আহ্বায়ক আশুতোষ ৰাংকাই প্ৰত্যক্ষ অভিযোগ উত্থাপন কৰি কয়, "আমি ৰামপুৰা কঁৱৰপুৰাৰ বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ। বিগত কেইবাবছৰ ধৰি সেই বিদ্যালয়খন ম’হৰ গোহালিত চলি আছে। আমি যোৱাৰ পূৰ্বেই তাত বিজেপিৰ গুণ্ডা উপস্থিত আছিল আৰু আমাৰ স্বেচ্ছাসেৱকসকলক মাৰপিট কৰে।…
Read More
শ্বিলঙৰ তাণ্ডৱৰ পিছতে কেএছইউৰ শীৰ্ষ তিনি নেতাক গাৰো পাহাৰৰ কাৰাগাৰলৈ প্ৰেৰণৰ যোজা; অতিৰিক্ত অৰ্ধসামৰিক বাহিনী মোতায়েন

শ্বিলঙৰ তাণ্ডৱৰ পিছতে কেএছইউৰ শীৰ্ষ তিনি নেতাক গাৰো পাহাৰৰ কাৰাগাৰলৈ প্ৰেৰণৰ যোজা; অতিৰিক্ত অৰ্ধসামৰিক বাহিনী মোতায়েন

শ্বিলং মহানগৰীত সৃষ্টি কৰা ব্যাপক হিংসাত্মক পৰিস্থিতিৰ পিছতেই গ্ৰেপ্তাৰ হোৱা খাছী ষ্টুডেণ্টছ ইউনিয়নৰ শীৰ্ষ তিনি নেতাক অনা-খাছী অধ্যুষিত গাৰো পাহাৰ জিলাৰ কাৰাগাৰলৈ প্ৰেৰণৰ যোজা চলাইছে মেঘালয় প্ৰশাসনে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত শুকুৰবাৰে পুৱা কেএছইউৰ উপ-সভাপতি পিনকমেনলাং চানমিয়েট আৰু সাধাৰণ সম্পাদক ৰুবেন নাঝিয়াৰক তুৰা কাৰাগাৰলৈ আৰু সভাপতি ৰেইমণ্ড খাৰজানাক ৱিলিয়ামনগৰ কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৃহস্পতিবাৰে শ্বিলং জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তিনিওগৰাকী ছাত্ৰ নেতাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, ৫ দফীয়া দাবীৰ সময়সীমা উকলি যোৱাৰ পিছত ছাত্ৰ সংগঠনটোৱে শ্বিলঙত উলিওৱা বাইক ৰেলীৰ সময়তে বুধবাৰে বিয়লি ভয়ংকৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল। পূব…
Read More
জাতিৰ পিতা মহাত্মা গান্ধীৰ হস্তলিখিত পাণ্ডুলিপিৰ বিশ্ব অভিলেখ! নিলামত ১৬.২ কোটি টকাত বিক্ৰী ৬৮৮ টা চিন্তা-দৰ্শন

জাতিৰ পিতা মহাত্মা গান্ধীৰ হস্তলিখিত পাণ্ডুলিপিৰ বিশ্ব অভিলেখ! নিলামত ১৬.২ কোটি টকাত বিক্ৰী ৬৮৮ টা চিন্তা-দৰ্শন

মহাত্মা গান্ধীৰ আদৰ্শ, সত্য আৰু অহিংসাৰ বাৰ্তাবাহী এক অমূল্য ঐতিহাসিক নথিয়ে নিলামৰ ইতিহাসত সৃষ্টি কৰিলে এক নজিৰবিহীন বিশ্ব অভিলেখ! মুম্বাইস্থিত প্ৰতিষ্ঠিত নিলাম সংস্থা 'চেফ্ৰনআৰ্ট'ৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ নিলামত জাতিৰ পিতা মহাত্মা গান্ধীৰ হস্তাক্ষৰ সম্বলিত ৬৮৮ টা চিন্তাধাৰাৰ সংকলন অভিলেখসংখ্যক ১৬.২ কোটি টকাত বিক্ৰী হয়। কোনো ভাৰতীয় ঐতিহাসিক নথিৰ নিলামৰ ক্ষেত্ৰত এয়া সৰ্বকালৰ সৰ্বাধিক মূল্য বুলি চিহ্নিত হৈছে। স্বাধীনতা সংগ্ৰামী তথা গান্ধীজীৰ ঘনিষ্ঠ সহযোগী আনন্দ টি হিংগোৰাণীলৈ লিখা এই দৈনন্দিন টোকাসমূহ তেওঁৰ পত্নী বিদ্যাৰ বিয়োগৰ পাছত প্ৰায় দুবছৰ ধৰি প্ৰস্তুত কৰা হৈছিল। পৰৱৰ্তী সময়ত "এ থট ফৰ দ্য ডে’" নামৰ গ্ৰন্থৰূপে সংকলিত হোৱা এই পাণ্ডুলিপিত সত্য, অহিংসা, ব্ৰহ্মচৰ্য, অপৰিগ্ৰহ, নিৰ্ভীকতা,…
Read More
ষ্টাৰ্ডফ্লেক্সৰ উদ্যোগত উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ বান সাহায্য

ষ্টাৰ্ডফ্লেক্সৰ উদ্যোগত উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ বান সাহায্য

শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অন্যতম ব্ৰেণ্ড ষ্টাৰ্ডফ্লেক্স ৱাটাৰপ্ৰুফিং চল্যুচনে উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ২,০০০ বানপীড়িত পৰিয়ালক সহায় কৰিবলৈ সাহায্য অভিযান হাতত লৈছে।কোম্পানীটোৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশ হিচাপে এই পদক্ষেপ হাতত লৈছে। এই অভিযান ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু জিলা প্ৰশাসনৰ সহযোগত ৰূপায়ণ কৰা হৈছে। ১৯ আগষ্টত গুৱাহাটী মহানগৰীত এই সাহায্য কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে।শেহতীয়া পৰিস্থিতি আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি শিৱসাগৰ জিলাৰ নিমাইজান গাঁৱৰ পৰা এই সাহায্য বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীয়ে ক্ৰমান্বয়ে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ সামৰি ল’ব।শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ…
Read More