22
Aug
জলবায়ু পৰিৱৰ্তন আৰু বৰ্তমানৰ তথাকথিত উন্নয়নৰ আৰ্হিয়ে অসমৰ বান পৰিস্থিতিক অধিক ভয়াৱহ আৰু বিধ্বংসী কৰি তুলিছে। এই উদ্বেগ প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। কেৱল সাময়িক সকাহ আৰু মথাউৰি মেৰামতিৰ পৰিৱৰ্তে সমগ্ৰ নদী আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰক লৈ এক সৰ্বাংগীন তথা বৈজ্ঞানিক পদক্ষেপ গ্ৰহণৰ দাবী তুলি শুকুৰবাৰে এক বিবৃতিযোগে স্পষ্ট কৰি দিয়ে নাগৰিক সমাজে। সংগঠনটোৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, ১৯৫০ চনৰ প্ৰলয়ংকাৰী ভূমিকম্পই অসমৰ কেইবাখনো নদীৰ গতিপথ সলনি কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত পলস পেলাই নদীৰ গভীৰতা হ্ৰাস কৰিছিল। পৰৱৰ্তী সময়ত বান নিয়ন্ত্ৰণৰ বাবে মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও এই পদক্ষেপৰ দীৰ্ঘম্যাদী উপযোগিতাক লৈ এতিয়াও প্ৰশ্ন থাকি গৈছে। পূৰ্বতে বানপানীয়ে প্ৰাকৃতিকভাৱে…
