ঔষধ প্ৰস্তুত কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণ

শুকুৰবাৰে গভীৰ নিশা তেলেংগানাৰ য়াদাদ্ৰী ভংগীৰ জিলাৰ পোচমপল্লী মণ্ডলৰ দোথিগুডেমৰ সমীপত হাজেলো লেব প্ৰাইভেট লিমিটেড নামৰ এটা ঔষধ প্ৰস্তুতকৰণ কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় ।বিস্ফোৰণৰ ফলত কোম্পানীটোৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ততাতৈয়াকৈ সেই স্থানলৈ গৈ জুই নিয়ন্ত্ৰণলৈ আনে । এখন গাড়ীৰে জুই নুমুওৱাটো অসম্ভৱ হৈ পৰাত অগ্নি নিৰ্বাপক বাহিনীৰ কেবাখনো গাড়ী ব্যৱহাৰ কৰিবলগীয়া হয় ৷ অগ্নিকাণ্ডটোত আহত দুই শ্ৰমিকক নিশাই চিকিৎসাৰ বাবে হায়দৰাবাদলৈ স্থানান্তৰ কৰা হয় । অৱশ্যে চিকিৎসাধীন অৱস্থাতে এই দুজন দুৰ্ভগীয়া শ্ৰমিকে মৃত্যুক সাবটি লয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *