Blog

প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰাক্তন সাংসদ ডাঃ অৰুণ কুমাৰ শৰ্মাসহ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ পৰম হিতৈষীক ৰাজহুৱা সম্বৰ্ধনা

প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰাক্তন সাংসদ ডাঃ অৰুণ কুমাৰ শৰ্মাসহ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ পৰম হিতৈষীক ৰাজহুৱা সম্বৰ্ধনা

গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ পৰম হিতৈষীসকলক ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে  ধামৰ নামনিত থকা শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগনত থকা সভাগৃহত এখন বিশেষ সম্বৰ্ধনা অনুষ্ঠান  অনুষ্ঠিত হয়। শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ সভাপতি কামিনী কান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা , প্ৰাক্তন সাংসদ ডাঃ অৰুণ কুমাৰ শৰ্মাকে ধৰি লংকেশ্বৰ ধামৰ উন্নয়নত সহযোগিতা আগবঢ়োৱা আৰু বাবে বিশেষ ভাবে সেৱা আগবঢ়াই অহা ব্যক্তি সকলক গামোছা আৰু শৰাইৰে বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। আনহাতে ধাম পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ…
Read More
অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা

অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা

অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা । অসমৰ কেব চালক, বিভিন্ন পৰিবহণ সন্থাৰ তীব্ৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে খানাপাৰা । অসম আৰু মেঘালয়ৰ সংযোগস্থল খানাপাৰা আৰু যোৰাবাটত চালকসকলে পুৱাৰে পৰা অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।জানিব পৰা মতে পৰ্যটৰ কোনো বাণিজ্যিক বাহনকে মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নাই প্ৰতিবাদকাৰী চালক সন্থাই ।খানাপাৰাৰ পৰাই ঘূৰাই পঠোৱা হৈছে বাহনসমূহ । অসমৰ পৰ্যটকক সদ্যহতে শ্বিলং বা মেঘালয় ভ্ৰমণৰ পৰিকল্পনা স্থগিত ৰাখিবলৈও প্ৰতিবাদকাৰী চালকসকলে আহ্বান জনাইছে । বুধবাৰে শ্বিলঙত সংঘটিত এক ঘটনাৰ পিছতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে । বহিঃৰাজ্যৰ বহু বাহনত সংগঠনটোৱে আক্ৰমণ কৰে । কেৱল বাহনেই নহয় অসমৰ পৰ্যটকৰ ওপৰতো আক্ৰমণ কৰে প্ৰতিবাদকাৰীৰ ৰূপত থকা দুস্কৃতিকাৰীয়ে…
Read More
পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ

পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ

পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ ৷ আজি (২০ আগষ্ট)ৰ পৰা ৰাজ্যখনৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান তিনিদিনৰ বাবে বন্ধ ঘোষণা কৰিছে মণিপুৰ চৰকাৰে ৷ ৰাজ্যখনৰ শেহতীয়া আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি আজিৰে পৰা ২২ আগষ্টলৈ বন্ধ থাকিব সকলো ধৰণৰ শিক্ষানুষ্ঠান ৷ মণিপুৰৰ শিক্ষা বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি মাধ্যমিক শিক্ষা ব’ৰ্ড, উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড আৰু অন্যান্য ব’ৰ্ডৰ সৈতে জড়িত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ লগতে চৰকাৰী, সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো এই বন্ধৰ নিৰ্দেশনা প্ৰযোজ্য হ’ব ।
Read More
যোৰাবাটৰ প্ৰতিবাদকাৰীক সংগ দিলে শৃংখল চলিহাই

যোৰাবাটৰ প্ৰতিবাদকাৰীক সংগ দিলে শৃংখল চলিহাই

যোৰাবাটৰ প্ৰতিবাদকাৰীক সংগ দিলে শৃংখল চলিহাই। 'এই আন্দোলন বহুদূৰলৈ আগবাঢ়িব। তৃতীয় শক্তিয়ে এই আন্দোলনত সোমাই যাতে প্ৰতিবাদটো বিপদে পৰিচালিত নকৰে।' প্ৰতিবাদকাৰী সকলক চোঁকা নজৰ ৰাখিবলৈ আহ্বান শৃংখল চলিহাৰ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত সংগঠনটোৰ কাৰ্যকৰ্তাসকলে সীমান্ত প্ৰাংগণত উপস্থিত হৈ মেঘালয় চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।যোৰাবাট প্ৰতিবাদস্থলীত উপস্থিত হৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মেঘালয়ত বসবাস কৰা তথা যাতায়াত কৰা অসমৰ লোকসকলৰ সম্পূৰ্ণ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মেঘালয় চৰকাৰক দাবী জনায়। লগতে অসমৰ লোকসকলক লক্ষ্য কৰি চলোৱা হিংসাত্মক কাৰ্যকলাপক তীব্র ভাষাৰে গৰহণা দি শৃংখল চলিহাই কয়, "অসমৰ লোকৰ ওপৰত আক্ৰমণ হ’লেই এইবাৰ প্ৰত্যাক্ৰমণ হ’ব।"
Read More
নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি, বানৰ পাছত গ্ৰহণ কৰিবলগীয়া পুনৰ্নিৰ্মাণমূলক পদক্ষেপ আৰু অসম চৰকাৰৰ প্ৰথম ১০০ দিনৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বিস্তৃত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ পৰা আশীৰ্বাদ আৰু ‘মাৰ্গদৰ্শন’ গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতিৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখা আৰু ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বানপীড়িত অঞ্চলসমূহ পুনৰ্নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ নিৰ্মাণ, বানপীড়িত পৰিয়ালসমূহক পুনৰ সংস্থাপন, কৃষি…
Read More
শ্বিলঙত প্ৰতিবাদী ৰেলীত অসমৰ বাহনৰ ওপৰত আক্ৰমণ! গ্ৰেপ্তাৰ কেএছইউৰ সভাপতিসহ শীৰ্ষ তিনি নেতা

শ্বিলঙত প্ৰতিবাদী ৰেলীত অসমৰ বাহনৰ ওপৰত আক্ৰমণ! গ্ৰেপ্তাৰ কেএছইউৰ সভাপতিসহ শীৰ্ষ তিনি নেতা

মেঘালয়ৰ ৰাজধানী শ্বিলঙত ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি সংঘটিত ব্যাপক হিংসাত্মক ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খাছী ষ্টুডেণ্টছ ইউনিয়নৰ শীৰ্ষ তিনি নেতাক। বুধবাৰে নিশা শ্বিলং সদৰ আৰক্ষীয়ে জিম্মাত লয় কেএছইউৰ সভাপতি ৰেইমণ্ড খাৰজানা, উপ-সভাপতি পিনকমেনলাং চানমিয়েট আৰু সাধাৰণ সম্পাদক ৰুবেন নাঝিয়াৰক। ৰাজহুৱা সম্পত্তি ধ্বংস, সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ আৰু শান্তি ভংগৰ অভিযোগত ‘ভাৰতীয় ন্যায় সংহিতা, ২০২৩’ৰ অধীনত এই তিনি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে মেঘালয় আৰক্ষীয়ে। সংগঠনটোৰ ৫ দফীয়া দাবী পূৰণৰ দাবীত শ্বিলং মহানগৰীত উলিওৱা ক’লা পতাকা বাইক ৰেলীৰ সময়তে দিনৰ ভাগত সৃষ্টি হয় ভয়ংকৰ তাণ্ডৱৰ। আৰক্ষীৰ তথ্য অনুসৰি, এই হিংসাত্মক কাৰ্যসূচীত প্ৰায় ৩১খন বাহন ভাঙি চূৰমাৰ কৰাৰ লগতে…
Read More
যোৰহাটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মূল অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ; ধৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি

যোৰহাটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মূল অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ; ধৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি

যোৰহাট চহৰৰ এটা ফ্লেটত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্যৰ মাজতে আৰক্ষীয়ে জালত পেলালে আন এজন মূল অভিযুক্তক। বৃহস্পতিবাৰে যোৰহাট সদৰ আৰক্ষী থানাৰ এটা দলে মিলন নগৰৰ পৰা আটক কৰে ঘটনাৰ পিছৰে পৰা আত্মগোপন কৰি থকা মচৰহাট নিবাসী অংকিত দাস নামৰ যুৱকজনক। এই গ্ৰেপ্তাৰৰ লগে লগে চাঞ্চল্যকৰ ঘটনাটোত আৰক্ষীৰ জিম্মাত থকা অভিযুক্তৰ সংখ্যা ৪জনলৈ বৃদ্ধি পায়। বাতৰি অনুসৰি, যোৰহাটৰ দহবৰা চুকৰ ‘গৌৰী এনক্লেভ’ নামৰ এপাৰ্টমেণ্টটোৰ বি-২ নম্বৰ ফ্লেটত যোৱা ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা এক ড্ৰাগছ পাৰ্টীৰ আয়োজন কৰা হৈছিল। মূল অভিযুক্ত আৰিয়ান গোস্বামীৰ মাতৃ ঝৰ্ণা গোস্বামীৰ নামত থকা এই ফ্লেটটোত মাতৃৰ অনুপস্থিতিত এনে নিচাযুক্ত আড্ডা…
Read More
ঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰাত শিক্ষয়িত্ৰীক ২৭ বাৰ ছুৰীকাঘাত কৰি হত্যা! দশম শ্ৰেণীৰ দুই ছাত্ৰক আটক

ঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰাত শিক্ষয়িত্ৰীক ২৭ বাৰ ছুৰীকাঘাত কৰি হত্যা! দশম শ্ৰেণীৰ দুই ছাত্ৰক আটক

ঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰি নিজৰে শিক্ষয়িত্ৰীক নৃশংসভাৱে ছুৰীৰে হানি হত্যা কৰিলে দুই ছাত্ৰই! তেলেংগানাৰ নালগোন্দা জিলাত সংঘটিত হৈছে এই গাৰ নোম শিয়ৰি উঠা চাঞ্চল্যকৰ ঘটনা। যোৱা ১১ আগষ্টত সংঘটিত ৰূপা ৰেড্ডী নামৰ এগৰাকী ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষাৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত চলাই অৱশেষত আৰক্ষীয়ে একেখন বিদ্যালয়ৰে দশম শ্ৰেণীৰ দুই ছাত্ৰক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, নিজ বাসগৃহৰ ভিতৰতে উদ্ধাৰ হৈছিল অধ্যক্ষা ৰূপা ৰেড্ডীৰ ৰক্তাক্ত মৃতদেহ। আৰক্ষীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, তেওঁৰ দেহত মুঠ ২৭ টাকৈ গভীৰ ছুৰীকাঘাতৰ স্পষ্ট চিন পোৱা গৈছিল। হত্যাকাণ্ডৰ কোনো প্ৰত্যক্ষদৰ্শী নথকাৰ বাবে প্ৰথম অৱস্থাত এয়া এক ডকাইতি বুলি অনুমান কৰা হয় যদিও অধ্যক্ষাৰ শেষৰটো…
Read More
দিল্লী বিমান বন্দৰত উত্তৰ-পূবমুখী দুই যাত্ৰীৰ পৰা জব্দ প্ৰায় ৬৯ লাখ টকা

দিল্লী বিমান বন্দৰত উত্তৰ-পূবমুখী দুই যাত্ৰীৰ পৰা জব্দ প্ৰায় ৬৯ লাখ টকা

দেশৰ ব্যস্ততম বিমান বন্দৰত তালাচী চলাই উদ্ধাৰ কৰা হ’ল বিপুল পৰিমাণৰ নগদ ধন। নিয়মীয়া নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে চলোৱা এক অভিযানত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ৬৮ লাখ ৫৩ হাজাৰ ৫০০ টকা নগদ ধনসহ দুজন যাত্ৰীক আটক কৰে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ চিআইএছএফৰ এটা দলে। বিমান বন্দৰৰ ‘ৰেণ্ডম এক্স-বিআইএছ’ ইউনিটত নিয়োজিত জোৱানসকলে এজন যাত্ৰীৰ অস্বাভাৱিক চাল-চলন প্ৰত্যক্ষ কৰি সন্দেহ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত চিচিটিভি ফুটেজ তন্নতন্নকৈ পৰীক্ষা কৰি তেওঁৰ সৈতে থকা আন এজন সহযাত্ৰীকো চিনাক্ত কৰে নিৰাপত্তাৰক্ষীয়ে। আটকাধীন যাত্ৰী দুগৰাকী বিমানযোগে গুৱাহাটী হৈ আগৰতলা অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। বেগ পৰীক্ষাৰ অন্তত তেওঁলোকৰ পৰা ৬৮.৫৩ লাখ টকাৰ…
Read More
স্কোডা অটো ইণ্ডিয়াই চেডানৰ অগ্ৰগতি সূচনা কৰিবলৈ নতুন শ্লাভিয়া, অক্টাভিয়া আৰএছ আৰু চুপাৰ্ব টিডিআইৰ ওপৰত গুৰুত্ব আৰোপ

স্কোডা অটো ইণ্ডিয়াই চেডানৰ অগ্ৰগতি সূচনা কৰিবলৈ নতুন শ্লাভিয়া, অক্টাভিয়া আৰএছ আৰু চুপাৰ্ব টিডিআইৰ ওপৰত গুৰুত্ব আৰোপ

স্কোডা অটো ইণ্ডিয়াই মুকলি কৰিলে নতুন শ্লাভিয়া বাহন, এই বাহন মুকলিৰ লগে লগে অনন্য শৈলী, নতুন প্ৰযুক্তি, বৰ্ধিত আৰাম আৰু অতিৰিক্ত সুৰক্ষা বৈশিষ্ট্যৰে চেডান পৰ্টফলিঅ’ অধিক শক্তিশালী হৈ পৰিছে। কোম্পানীটোৱে ভাৰতীয় বজাৰত অক্টাভিয়া আৰএছ আৰু একেবাৰে নতুন চুপাৰ্ব টিডিআইৰ প্ৰত্যাৱৰ্তনৰ কথাও ঘোষণা কৰিছে। নতুন শ্লাভিয়াত চিকুৱেন্সিয়েল টাৰ্ন ইণ্ডিকেটৰৰ সৈতে সম্পূৰ্ণ নতুন এলইডি হেডলেম্প আৰু টেইললেম্প, সংশোধিত সন্মুখ আৰু পিছফালৰ শৈলী আৰু নতুন এলয় হুইলৰ ডিজাইন প্ৰদান কৰা হৈছে। এই শ্ৰেণীত প্ৰথমবাৰৰ বাবে, চেডানখনে পিছৰ ছীটত আৰামদায়ক সুবিধা আৰু ১.০ টিএছআই ইঞ্জিনৰ সৈতে এটা এইট-স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক ট্ৰেন্সমিচন আগবঢ়াব। লগতে চিক্স-স্পীড মেনুৱেল আৰু ১.৫ টিএছআইৰ সৈতে চেভেন-স্পীড ডিএছজি বিকল্পসমূহো অব্যাহত…
Read More