15
Sep
ড্ৰাগছৰ ভয়ংকৰ সংহাৰৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ আহ্বান জনাই মঙলবাৰে সমগ্ৰ ৰাজ্য কঁপাই তুলিলে সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যজুৰি বিশাল মাদক বিৰোধী সজাগতা সমদল বাহিৰ কৰি ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ লগতে ব্যক্তিগত পুনৰ্সংস্থাপন কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে চৰকাৰক দাবী জনায় ছাত্ৰ সংগঠনটোৱে। আছুৰ সভাপতি উৎপল শৰ্মাই ৰাজ্যত চলি থকা পুনৰ্সংস্থাপন কেন্দ্ৰসমূহৰ কাৰ্যপ্ৰণালীক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। এই কেন্দ্ৰসমূহৰ সঠিক পৰিদৰ্শন আৰু পৰিচালনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে ড্ৰাগছ আসক্তিৰ পৰা মুক্ত হোৱা কিছু ব্যক্তিয়ে নিজেই এনে কেন্দ্ৰ খুলি বহিছে। উপযুক্ত নিয়ম-নীতি নথকাৰ বাবে এই পুনৰ্সংস্থাপন কেন্দ্ৰসমূহ পৰৱৰ্তী সময়ত ড্ৰাগছৰ ঘাটিত পৰিণত হোৱাৰ আশংকা প্ৰকাশ কৰি…
