কটন বিশ্ববিদ্যালয়ৰ দলৰ চমকপ্ৰদ সাফল্য; গুৱাহাটীত সামৰণি পৰিল এনআইএছএম-ছেবি বিত্তীয় সাক্ষৰতা কুইজৰ

ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় ব’ৰ্ড (ছেবি) আৰু ৰাষ্ট্ৰীয় প্ৰতিভূতি বজাৰ প্ৰতিষ্ঠান (এনাইএছএম)ৰ যৌথ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় বিত্তীয় সাক্ষৰতা কুইজ (এনএফএলকিউ) ২০২৬-ৰ উত্তৰ-পূব আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতাখনি যোৱা ১৩ ছেপ্টেম্বৰত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত সফলতাৰে সামৰণি পৰে। ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত এই দুদিনীয়া কাৰ্যসূচীত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে।
এনএফএলকিউ ২০২৬ৰ এই পঞ্চমখন আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলৰ বিত্তীয় বজাৰ, বিনিয়োগৰ নীতি, বিনিয়োগকাৰীৰ সুৰক্ষা আৰু দায়বদ্ধ বিত্তীয় অভ্যাসৰ ওপৰত জ্ঞান-তথ্যৰ পৰীক্ষা লোৱা হয়। স্নাতক শাখাত কটন বিশ্ববিদ্যালয়ৰ কলা শাখাৰ অনিৰুদ্ধ ৰুদ্ৰ আৰু মহীক্ষিত গোস্বামীৰ দলে প্ৰথম পুৰস্কাৰ লাভ কৰে, দলটোক ৪০,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। আনহাতে, ত্ৰিপুৰা বিশ্ববিদ্যালয় আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে। স্নাতকোত্তৰ শাখাতো কটন বিশ্ববিদ্যালয়ৰ অন্বেষা বুজৰবৰুৱা আৰু অনুৰাগ শৰ্মাই শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়।
অসমত বিনিয়োগকাৰীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধিৰ সময়ছোৱাত যুৱ বিনিয়োগকাৰীসকলৰ বাবে বিত্তীয় সজাগতা আৰু বিপদাশংকাৰ সজাগতা আৰু উপলব্ধি অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ বিত্তীয় পৰিৱেশ তন্ত্ৰৰ বাবে এই কুইজ প্ৰতিযোগিতাখনে বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখ্য যে, এই প্ৰতিযোগিতাখনত মহাবিদ্যালয় পৰ্যায় আৰু অনলাইন বাছনি পৰ্বত সমগ্ৰ দেশৰ পৰা চাৰি লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ ১২ খন স্নাতক আৰু ১২ খন স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষানুষ্ঠানে ৰাষ্ট্ৰীয় পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। এই শ্ৰেষ্ঠ দলসমূহে অহা ২০২৬ চনৰ নৱেম্বৰ মাহত মহাৰাষ্ট্ৰৰ পাতালগংগাস্থিত এনআইএছএম চৌহদত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *