14
Sep
শ্বাওমি ইণ্ডিয়াই নিজৰ নতুন ৰেডমি ১৭ ৫জি স্মাৰ্টফোনটো বিক্ৰীৰ বাবে উপলব্ধ কৰাৰ কথা ঘোষণা কৰিছে। এই ফোনটোক বিশেষকৈ দীৰ্ঘদিনীয়া বেটাৰী লাইফ, ৫জি সংযোগ আৰু এক উন্নত মনোৰঞ্জনৰ অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছে। এই স্মাৰ্টফোনটোত স্নেপড্ৰেগন ৪ জেনেৰেচন ৫ ম’বাইল প্লেটফৰ্ম ব্যৱহাৰ কৰা হৈছে। ইয়াত ১২০ হাৰ্টজ এডাপ্টিভ চিংক আৰু ৮২৫ নিটছ এইচবিএম ব্ৰাইটনেচ থকা ১৭.৫৩ ছেণ্টিমিটাৰ (৬.৯ ইঞ্চি) এইচডি+ ডিচপ্লে’ আছে।ৰেডমি ১৭ ৫জি-ৰ মূল আকৰ্ষণ হৈছে ইয়াৰ ৭,৯০০ এমএএইচ সামৰ্থ্যৰ বেটাৰী, যিয়ে ৪৫ ৱাটৰ ফাষ্ট চাৰ্জিং আৰু ২২.৫ ৱাট পৰ্যন্ত ৱায়াৰ্ড ৰিভাৰ্চ চাৰ্জিং সমৰ্থন কৰে। এই মোবাইলটো শ্বাওমি হাইপাৰ অ’এছ ৩ত কাৰ্যক্ষম হয় আৰু ইয়াত ডুৱেল ষ্টেৰিঅ’ স্পীকাৰ,…
