Blog

আন এক লোমহৰ্ষক কাণ্ড! হোটেলৰ বন্ধ কোঠাত প্ৰেমিকাক নৃশংস হত্যা কৰি আত্মহননৰ চেষ্টা যুৱকৰ

আন এক লোমহৰ্ষক কাণ্ড! হোটেলৰ বন্ধ কোঠাত প্ৰেমিকাক নৃশংস হত্যা কৰি আত্মহননৰ চেষ্টা যুৱকৰ

প্ৰেমৰ সম্পৰ্কৰ কৰুণ আৰু ভয়ংকৰ পৰিণতি ঘটিল এটা হোটেলৰ বন্ধ কোঠাত। প্ৰেমিকাৰ বুকুত নিৰ্মমভাৱে কেঁচীৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হ'ল স্বয়ং প্ৰেমিকৰ বিৰুদ্ধে। ৰঙিয়া ৰে'ল ষ্টেচনৰ সমীপৰ এখন হোটেলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতেই অভিযুক্ত প্ৰেমিকজনে নিজেও আত্মহত্যাৰ অপচেষ্টা চলায়। মৃত যুৱতীগৰাকীক মেলানী গুৰিয়া বুলি চিনাক্ত কৰা হৈছে। চেন্নাইৰ পৰা ৰঙিয়ালৈ আহি হোটেলখনৰ ১১১ নম্বৰ কোঠাত দুজনী বান্ধৱীৰ সৈতে আশ্ৰয় লৈছিল যুৱতীগৰাকীয়ে। আনহাতে, অভিযুক্ত প্ৰেমিক অভিজিৎ কিণ্ডো নামৰ যুৱকজন ৰৌতাৰ পৰা আহি উক্ত হোটেলৰে ১১০ নম্বৰ কোঠাটোত বাহৰ পাতিছিল। নিশা তিনি বান্ধৱী একেলগে থকাৰ পাছত মেলানী ১১০ নম্বৰ কোঠাত থকা অভিজিতৰ ওচৰলৈ যায়। তাত…
Read More
মহচিন নকভিৰ পৰা এচিয়া কাপৰ ট্ৰফী গ্ৰহণ নকৰিলে টীম ইণ্ডিয়াই; সমৰ্থন মুখ্য প্ৰশিক্ষকৰ

মহচিন নকভিৰ পৰা এচিয়া কাপৰ ট্ৰফী গ্ৰহণ নকৰিলে টীম ইণ্ডিয়াই; সমৰ্থন মুখ্য প্ৰশিক্ষকৰ

এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ মহচিন নকভিৰ হাতৰ পৰা মহিলা এচিয়া কাপৰ বিজয়ী ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে ভাৰতীয় দলে। এচিয়া কাপৰ ফাইনেল সমাপ্ত হোৱাৰ পিছতেই এই সিদ্ধান্তক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক অমোল মজুমদাৰে স্পষ্ট কৰি দিয়ে যে এই স্থিতি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে গ্ৰহণ কৰিছে আৰু সমগ্ৰ দলটো এই সিদ্ধান্ততেই অটল আছে। পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ অধ্যক্ষ তথা দেশখনৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মহচিন নকভিৰ পৰা বিজয়ী দলৰ পদক আৰু ট্ৰফী সংগ্ৰহ কৰিবলৈ ভাৰতীয় দলটো মঞ্চতেই উপস্থিত নহ'ল। শ্ৰীলংকাৰ অধিনায়ক চামৰি আতাপাট্টুৱে নকভিৰ পৰা ৰাণাৰ্ছ-আপৰ চেক গ্ৰহণ কৰাৰ পিছত মেচৰ আনুষ্ঠানিক সম্প্ৰচাৰ স্তব্ধ কৰি পোনপটীয়াকৈ ষ্টুডিঅ'ৰ অনুষ্ঠানলৈ…
Read More
বিবেকানন্দ কেন্দ্ৰত তিনিখন গ্ৰন্থৰ উন্মোচন – ৰবীন্দ্ৰনাথৰ পৰা আহোম ৰাজ্যলৈ অসমৰ সাংস্কৃতিক যাত্

বিবেকানন্দ কেন্দ্ৰত তিনিখন গ্ৰন্থৰ উন্মোচন – ৰবীন্দ্ৰনাথৰ পৰা আহোম ৰাজ্যলৈ অসমৰ সাংস্কৃতিক যাত্

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে যোৰহাটত নৱনিৰ্মিত উপায়ুক্তৰ একত্ৰিত কাৰ্যালয় ভৱনটো ৰাইজৰ সেৱাৰ বাবে উচৰ্গা কৰে। চিনামৰাত ৫৩ বিঘাতকৈ অধিক মাটিত নিৰ্মিত এই আধুনিক প্ৰশাসনিক কমপ্লেক্সটো ৪৯.৬২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে। ২০২২ চনৰ ১৫ ডিচেম্বৰত আধাৰশিলা স্থাপনৰ প্ৰায় চাৰি বছৰৰ পাছত এই প্ৰকল্পটো উদ্বোধন কৰা হয়। এই নতুন সুবিধাই ১৯১৪ চনত ব্ৰিটিছ যুগত নিৰ্মিত আইকনিক জিলা প্ৰশাসনৰ মুখ্য কাৰ্যালয় ঐতিহাসিক "ৰঙা কোৰ্ট"ৰ পৰা এক উল্লেখযোগ্য পৰিৱৰ্তনৰ সূচনা কৰিছে। নতুন ভৱনটো উদ্বোধনৰ লগে লগে জিলা প্ৰশাসনে অধিক দক্ষ, নাগৰিক-বান্ধৱ আৰু সুসংগঠিতভাৱে ৰাজহুৱা সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে। একত্ৰিত কাৰ্যালয় কমপ্লেক্সটোত ১৫১ আসনযুক্ত প্ৰেক্ষাগৃহ, ৬০ আসনযুক্ত সন্মিলন কক্ষ,…
Read More
বিশ্বজুৰি এশিঙীয়া গঁড়ৰ সংখ্যা ৪,০৭৫টালৈ বৃদ্ধি; সংৰক্ষণৰ সফলতাত অসমৰ বিশেষ ভূমিকা

বিশ্বজুৰি এশিঙীয়া গঁড়ৰ সংখ্যা ৪,০৭৫টালৈ বৃদ্ধি; সংৰক্ষণৰ সফলতাত অসমৰ বিশেষ ভূমিকা

বিলুপ্তিৰ সংকটৰ পৰা প্ৰকৃতিৰ বুকুলৈ উভতি আহিছে বিশ্ববিখ্যাত এশিঙীয়া গঁড়। বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ফলত বিশ্বজুৰি এই প্ৰজাতিৰ গঁড়ৰ আনুমানিক জনসংখ্যা বৃদ্ধি পাইছে ৪,০৭৫টালৈ। কুৰি শতিকাৰ আৰম্ভণিতে এশটাতকৈও কম হোৱা এই আপুৰুগীয়া জীৱবিধৰ এনে লক্ষণীয় বৃদ্ধি বন্যপ্ৰাণী ইতিহাসত এক ঐতিহাসিক সফলতা হিচাপে পৰিগণিত হৈছে। শেহতীয়া পৰিসংখ্যা অনুসৰি, সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্বাধিক ৩,৩২৩টা গঁড় ভাৰতত থকাৰ বিপৰীতে চুবুৰীয়া নেপালত আছে প্ৰায় ৭৫২টা। এই সংৰক্ষণ যাত্ৰাত অসমে মুখ্য ভূমিকা পালন কৰিছে। বিশ্বৰ মুঠ এশিঙীয়া গঁড়ৰ প্ৰায় ৮০ শতাংশই অসমত বাস কৰে। অকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই আছে ২,৬০০তকৈ অধিক গঁড়। ইয়াৰ উপৰিও মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৪০ৰ পৰা ৫০টা গঁড় বাস কৰে। চোৰাং…
Read More
চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা; তিনিচুকীয়াত ১১ জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা; তিনিচুকীয়াত ১১ জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

ডিজিটেল প্ৰযুক্তিৰ অপব্যৱহাৰেৰে সাধাৰণ জনতাক প্ৰতাৰণা কৰা এক বৃহৎ চক্ৰৰ বিৰুদ্ধে চলিল আৰক্ষীৰ তীব্ৰ অভিযান। তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত শুক্ৰবাৰে একেসময়তে তালাচী চলাই ১১ জন সন্দেহযুক্ত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কেইবাদিনো ধৰি চলোৱা গোপন নিৰীক্ষণ আৰু চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ এটি দলে এই অভিযান চলায়। ধৃত ব্যক্তিসকল বিভিন্ন ধৰণৰ অনলাইন আৰ্থিক প্ৰতাৰণা আৰু জালিয়াতিৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ভুৱা ছচিয়েল মিডিয়া একাউণ্ট খোলা, অ'টিপি চুৰি কৰি আনৰ বেংক একাউণ্টত প্ৰৱেশ কৰা আৰু ডিজিটেল বেংকিং মাধ্যমৰ জৰিয়তে ধন আত্মসাৎ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই চক্ৰটোৰ বিৰুদ্ধে। অভিযানৰ সময়ত অভিযুক্তসকলৰ পৰা জব্দ হোৱা মোবাইল ফোন, বেংকৰ…
Read More
গুৱাহাটী বিশ্ববিদ্যালয়ত ‘লাৰ্নাৰ্ছ কনক্লেভ’ আৰু প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘লাৰ্নাৰ্ছ কনক্লেভ’ আৰু প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ (GUCDOE) উদ্যোগত আজি  গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনভেনচন চেণ্টাৰত উলহ-মালহৰে ‘লাৰ্নাৰ্ছ কনক্লেভ’ আৰু বিশেষ আনুষ্ঠানিক প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান  অনুষ্ঠিত হয়। উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধি আৰু তেওঁলোকৰ শৈক্ষিক সাফল্যক স্বীকৃতি দিয়াৰ উদ্দেশ্যে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা  হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, GUCDOE ৰ মুখ্য উপদেষ্টা অধ্যাপক অমিত চৌধুৰী আৰু সঞ্চালক ডঃ দেৱহৰি তালুকদাৰ, বিভিন্ন শিক্ষাৰ্থী সহায়ক কেন্দ্ৰৰ অধ্যক্ষ আৰু সমন্বয়কসকল, বিশ্ব বিদ্যালয়ৰ বিভাগীয় মুৰব্বী আৰু সমন্বয়কসকলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আৰম্ভণিতে অনুষ্ঠানস্থলীৰ পৰা এক শোভাযাত্ৰাৰে…
Read More
গড্ৰেজ প্ৰফেচনেলৰ গুৱাহাটীত মাজেষ্টে সংগ্ৰহ মুকলিৰে অসমৰ চেলুন ব্যৱসায়ৰ সম্প্ৰসাৰণ

গড্ৰেজ প্ৰফেচনেলৰ গুৱাহাটীত মাজেষ্টে সংগ্ৰহ মুকলিৰে অসমৰ চেলুন ব্যৱসায়ৰ সম্প্ৰসাৰণ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ পেচাদাৰী হেয়াৰ ব্ৰেণ্ড গড্ৰেজ প্ৰফেচনেল-এ ডাইমেনচনৰ সহযোগত অসমৰ চেলুন কৰ্মী আৰু হেয়াৰ ষ্টাইলিষ্টসকলৰ দক্ষতা বৃদ্ধিৰ এক পদক্ষেপ হিচাপে গুৱাহাটীত নিজৰ শেহতীয়া হেয়াৰ কালাৰ সংগ্ৰহ মাজেষ্টে মুকলি কৰিছে। ৰাজ্যৰ ১৫০তকৈও অধিক হেয়াৰ ষ্টাইলিষ্ট, চেলুন কৰ্মী আৰু চেলুনৰ গৰাকীৰ উপস্থিতিত এক আকৰ্ষণীয় প্ৰদৰ্শনীৰ জৰিয়তে এই সংগ্ৰহ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গড্ৰেজ প্ৰফেচনেলৰ ৰাষ্ট্ৰীয় কাৰিকৰী মুৰব্বী শৈলেশ মূলিয়াই পৰিচালনা কৰা এই অধিৱেশনত উন্নত ৰং প্ৰয়োগৰ প্ৰদৰ্শন, কৌশল-নিৰ্মাণ অনুষ্ঠান আৰু ট্ৰেণ্ডি কালাৰ লুকছ প্ৰদৰ্শন কৰা এটা হাই-ফেশ্বন ৰেম্প শ্ব’ অন্তৰ্ভুক্ত আছিল। মাজেষ্টে হৈছে গড্ৰেজ প্ৰফেচনেলৰ এটা এমনিয়া-মুক্ত চুলিৰ ৰং বিকল্প। ইয়াৰ ভিতৰত বহুমূলীয়া ৰত্ন আৰু ৰাজকীয় ঐতিহ্যৰ দ্বাৰা অনুপ্ৰাণিত তিনিটা…
Read More
কংগ্ৰেছৰ ভিতৰচৰাৰ সংঘাত ফাদিল কৰি প্ৰদ্যুৎ বৰদলৈ আৰু দেৱাশীষ শৰ্মাক তীক্ষ্ণ আক্ৰমণ ৰকিবুল হুছেইনৰ

কংগ্ৰেছৰ ভিতৰচৰাৰ সংঘাত ফাদিল কৰি প্ৰদ্যুৎ বৰদলৈ আৰু দেৱাশীষ শৰ্মাক তীক্ষ্ণ আক্ৰমণ ৰকিবুল হুছেইনৰ

চামগুৰি সমষ্টিৰ দুগৰাকী দলীয় নেতাই কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই সৃষ্টি হোৱা অসন্তোষে উদঙাই দিছে দলটোৰ অভ্যন্তৰীণ কন্দল। বৃহস্পতিবাৰে ৰূপহীহাটত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। নিজৰ পদ হেৰুওৱাৰ ভয়তেই বৰদলৈয়ে একাংশ ব্যক্তিক দলত অন্তৰ্ভুক্ত কৰাৰ লগতে বহু কংগ্ৰেছ কৰ্মীৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলি অভিযোগ তোলে সাংসদগৰাকীয়ে। আনহাতে, মধ্যভোগীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা অভিযানৰ ধৰণক লৈয়ো সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে হুছেইনে। দুজন বিধায়কৰ ফোন কলৰ ৰেকৰ্ডিং পৰীক্ষা কৰিলেহে প্ৰকৃত মধ্যভোগীৰ সন্ধান পোৱা যাব বুলি মন্তব্য কৰি সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰা হৈছে বুলি দাবী কৰে…
Read More
বুকু আৰু পেটত উপৰ্যুপৰি প্ৰহাৰৰ ফলত অত্যাধিক ৰক্তক্ষৰণ! মণিপুৰী সংগীতশিল্পী চংথাম বিক্ৰম সিঙৰ মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ ভয়ংকৰ তথ্য

বুকু আৰু পেটত উপৰ্যুপৰি প্ৰহাৰৰ ফলত অত্যাধিক ৰক্তক্ষৰণ! মণিপুৰী সংগীতশিল্পী চংথাম বিক্ৰম সিঙৰ মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ ভয়ংকৰ তথ্য

ৰাজধানী দিল্লীত প্ৰাণ হেৰুওৱা মণিপুৰৰ সংগীতশিল্পী চংথাম বিক্ৰম সিঙৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে আক্ৰমণৰ বৰ্বৰ তথ্য। এইমছত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, বুকু আৰু পেটত হোৱা গুৰুতৰ আঘাতৰ ফলত শৰীৰৰ ভিতৰত হোৱা প্ৰচণ্ড ৰক্তক্ষৰণৰ বাবেই মৃত্যুক সাৱটিছিল ৫৪ বছৰীয়া সংগীতশিল্পীগৰাকীয়ে। এইমছৰ ফৰেনছিক মেডিচিন বিভাগৰ মুৰব্বী ডাঃ সুধীৰ গুপ্তাই প্ৰকাশ কৰি কয় যে বুকু আৰু পেটত চলোৱা মাৰাত্মক আক্ৰমণৰ পৰিণতিত শৰীৰৰ ভিতৰভাগত ব্যাপক ৰক্তক্ষৰণ হৈছিল। প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, আক্ৰমণৰ ফলত সিঙৰ বাওঁফালৰ ১ নম্বৰৰ পৰা ১১ নম্বৰলৈকে আৰু সোঁফালৰ ৬ নম্বৰৰ পৰা ৯ নম্বৰলৈকে কামিহাড় ভাঙি চূৰমাৰ হৈছিল। এই ভঙা হাড়বোৰৰ চাৰিওফালে তেজ গোট মৰাৰ লগতে প্লীহাটোও ফালি…
Read More
ব্ৰিকছ সন্মিলনত অংশ নলয় বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে; নতুন দিল্লীৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান ঢাকাৰ

ব্ৰিকছ সন্মিলনত অংশ নলয় বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে; নতুন দিল্লীৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান ঢাকাৰ

কূটনৈতিক জটিলতাৰ মাজতে ভাৰতত অনুষ্ঠিত হ'বলগীয়া ব্ৰিকছ সন্মিলনৰ আউটৰিচ অধিৱেশনৰ নিমন্ত্ৰণ নাকচ কৰে বাংলাদেশে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক ব্যক্তিগতভাৱে এই বৈঠকত অংশ ল'বলৈ নিমন্ত্ৰণ কৰা হোৱা নাই বুলি স্পষ্ট কৰে ঢাকা চৰকাৰে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবীৰে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বিমষ্টেকৰ বৰ্তমানৰ অধ্যক্ষ হিচাপহে এই নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছিল, গতিকে তাত অংশগ্ৰহণৰ কোনো প্ৰশ্নই নুঠে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত হুমায়ুন কবীৰে কয়, "আমাৰ প্ৰধানমন্ত্ৰীক কোনে নিমন্ত্ৰণ কৰিলে? বিমষ্টেকৰ অধ্যক্ষকহে নিমন্ত্ৰণ জনোৱা হৈছিল। বাংলাদেশ চৰকাৰৰ পৰা কাকো ব্যক্তিগতভাৱে নিমন্ত্ৰণ কৰা হোৱা নাই, গতিকে আমাৰ ফালৰ পৰা কোনো প্ৰতিনিধি প্ৰেৰণ কৰাৰো প্ৰয়োজন নাই।" অহা ১২…
Read More