গুৱাহাটী বিশ্ববিদ্যালয়ত ‘লাৰ্নাৰ্ছ কনক্লেভ’ আৰু প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ (GUCDOE) উদ্যোগত আজি  গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনভেনচন চেণ্টাৰত উলহ-মালহৰে ‘লাৰ্নাৰ্ছ কনক্লেভ’ আৰু বিশেষ আনুষ্ঠানিক প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান  অনুষ্ঠিত হয়। উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধি আৰু তেওঁলোকৰ শৈক্ষিক সাফল্যক স্বীকৃতি দিয়াৰ উদ্দেশ্যে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা  হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, GUCDOE ৰ মুখ্য উপদেষ্টা অধ্যাপক অমিত চৌধুৰী আৰু সঞ্চালক ডঃ দেৱহৰি তালুকদাৰ, বিভিন্ন শিক্ষাৰ্থী সহায়ক কেন্দ্ৰৰ অধ্যক্ষ আৰু সমন্বয়কসকল, বিশ্ব বিদ্যালয়ৰ বিভাগীয় মুৰব্বী আৰু সমন্বয়কসকলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

আৰম্ভণিতে অনুষ্ঠানস্থলীৰ পৰা এক শোভাযাত্ৰাৰে মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য  সমুদ্ৰ গুপ্ত কাশ্যপ ,  বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডঃ সঞ্জয় মিশ্ৰ উপস্থিত থাকে । আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই উদ্বোধনী ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত GUCDOEৰ মুখ্য উপদেষ্টা অধ্যাপক অমিত চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, বিশিষ্ট বক্তা ডঃ সঞ্জয় মিশ্ৰ আৰু মুখ্য অতিথি  সমুদ্ৰ গুপ্ত কাশ্যপে ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত বক্তাসকলে সমসাময়িক উচ্চশিক্ষাৰ পৰিৱেশত মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ গুৰুত্ব, ইয়াৰ সম্ভাৱনা আৰু শিক্ষাৰ্থীসকলৰ বাবে ইয়াৰ বহুমুখী সুযোগৰ বিষয়ে আলোকপাত কৰে।

লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰই ভৱিষ্যতে অধিক সফলতা অৰ্জন কৰি উচ্চশিক্ষাৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।অনুষ্ঠানৰ অন্যতম উল্লেখযোগ্য দিশ আছিল বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা ব্যৱস্থাৰ পৰা সফলতাৰে উত্তীৰ্ণ হোৱা বৃহৎ সংখ্যক শিক্ষাৰ্থীক মঞ্চত আনুষ্ঠানিকভাৱে উত্তীৰ্ণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা। কাৰ্যসূচীৰ  লগত সংগতি ৰাখি অনুষ্ঠিত বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই  GUCDOE ৰ সঞ্চালক ডঃ   দেৱহৰি তালুকদাৰে ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *