Blog

কেৰালাত নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ অসমৰ এজন ব্যক্তি; উদ্ধাৰ ১,৩৭৫টা পেকেট

কেৰালাত নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ অসমৰ এজন ব্যক্তি; উদ্ধাৰ ১,৩৭৫টা পেকেট

নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত আৰক্ষীৰ জালত পৰিল অসমৰ এজন ব্যৱসায়ী। কেৰালাৰ কাজাকুট্টম অঞ্চলত আৰক্ষীয়ে অভিযান চলাই ১,৩৭৫টা পেকেট নিষিদ্ধ ধঁপাত সামগ্ৰী জব্দ কৰাৰ লগতে অসমৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজন অসমৰ নগাঁও জিলাৰ ৪২ বছৰীয়া জিয়াৰুল হক বুলি চিনাক্ত কৰা হৈছে। এক গোপন তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত কাজাকুট্টমত থকা হকৰ এটা ভাড়াঘৰত অতৰ্কিতে তালাচী চলায় আৰক্ষীৰ এটা দলে। ঘৰটোৰ বিভিন্ন কোঠাত লুকুৱাই ৰখা কেইবাটাও বেগৰ পৰা পান মচলাসহ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হয়। আৰক্ষীৰ ভাষ্য অনুসৰি, যিবোৰ ৰাজ্যত এইসমূহ সামগ্ৰী বিক্ৰীৰ অনুমতি আছে, তাৰ পৰাই হকে সামগ্ৰীবোৰ সংগ্ৰহ…
Read More
ট্ৰাক আৰু বলেৰ’ বাহনৰ মাজত মুখামুখী সংঘৰ্ষ; তিনিটা শিশুকে ধৰি আঠজনৰ কৰুণ মৃত্যু

ট্ৰাক আৰু বলেৰ’ বাহনৰ মাজত মুখামুখী সংঘৰ্ষ; তিনিটা শিশুকে ধৰি আঠজনৰ কৰুণ মৃত্যু

পুৱতি নিশাৰ এক ভয়াবহ পথ দুৰ্ঘটনাই কাঢ়ি নিলে এটা পৰিয়ালৰ আঠটাকৈ জীৱন। মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত শুক্ৰবাৰে পুৱতি নিশা এখন আইচাৰ ট্ৰাক আৰু বলেৰ' বাহনৰ মাজত সংঘটিত হয় এই শোকাবহ ঘটনা। এখন তীব্ৰবেগী ট্ৰাকৰ সৈতে হোৱা প্ৰচণ্ড খুন্দাত তিনিটা শিশুকে ধৰি বলেৰ'খনৰ আঠগৰাকী আৰোহী থিতাতে নিহত হয়। আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা নাগপুৰ অভিমুখে আহি আছিল যাত্ৰীবাহী বলেৰ'খন। লাখনি তালুকৰ মানেগাঁও আৰু পিম্পলগাঁৱৰ মাজৰ অংশত সন্মুখৰ পৰা অহা আইচাৰ ট্ৰাকখনৰ সৈতে বাহনখনৰ মুখামুখী সংঘৰ্ষ হয়। সংঘৰ্ষৰ প্ৰকোপ ইমানেই প্ৰচণ্ড আছিল যে বলেৰ'খন পথৰ এটা পাৰে…
Read More
মেঘালয় আৰু অসমত ডি আৰ আইৰ অভিযান; উদ্ধাৰ বৃহৎ পৰিমাণৰ বনৰীয়া জীৱ-জন্তুৰ অৱশিষ্ট

মেঘালয় আৰু অসমত ডি আৰ আইৰ অভিযান; উদ্ধাৰ বৃহৎ পৰিমাণৰ বনৰীয়া জীৱ-জন্তুৰ অৱশিষ্ট

দেশজুৰি চলোৱা এক ব্যাপক অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে চমুকৈ ডি আৰ আয়ে। উত্তৰ-পূৰ্বাঞ্চলত চলি থকা বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা অভিযানত মেঘালয়ৰ ৰি-ভয় জিলাৰ পৰা ১৪.৬৮ কিলোগ্ৰাম শুকান বনৰৌৰ বাকলি জব্দ কৰে তদন্তকাৰী সংস্থাটোৱে। বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে সমগ্ৰ দেশত চলোৱা ছটা চোৰাংচোৱা-ভিত্তিক অভিযানৰ অংশ হিচাপে এই সফলতা লাভ কৰা হয়। যোৱা ৭ ছেপ্টেম্বৰত ৰি-ভয় জিলাৰ মাওহাটী অভিমুখে গৈ থকা এখন বলেৰ' পিকআপ ভ্যানত তালাচী চলায় ডি আৰ আইৰ দলটোৱে। বাহনখনৰ পৰা তিনিটা বেগভৰ্তি বনৰৌৰ বাকলিসহ এজন ব্যক্তিক আটক কৰে তদন্তকাৰীয়ে। পৰৱৰ্তী সময়ত জব্দকৃত সামগ্ৰী আৰু বাহনখনসহ ধৃত লোকজনক বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ ৰ…
Read More
অৱশেষত অনুশোচনা পত্নীহন্তা ৰামানুজৰ; কাণ্ডজ্ঞানহীন আচৰণ পাহৰি অপৰাধ স্বীকাৰ

অৱশেষত অনুশোচনা পত্নীহন্তা ৰামানুজৰ; কাণ্ডজ্ঞানহীন আচৰণ পাহৰি অপৰাধ স্বীকাৰ

বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰি পত্নীক ডিঙি কাটি হত্যা কৰাৰ পিছত অৱশেষত নিজৰ ভুল বুজি পালে ৰামানুজ গোস্বামীয়ে। গুৱাহাটীৰ বশিষ্ঠপুৰত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তজনে পূৰ্বৰ দাম্ভিকতা ত্যাগ কৰি সংবাদ মাধ্যমৰ আগত নিজৰ অপৰাধৰ বাবে অনুশোচনা প্ৰকাশ কৰে। হাতীগাঁও থানাৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত ৰামানুজে কয়, "মই কোনো ডাঙৰ কাম কৰা নাই। মই যি কৰিলো, তেনে কাম কোনেও কেতিয়াও কৰা উচিত নহয়।" মাত্ৰ দুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত কোনো অনুশোচনা নাই বুলি দম্ভালি মৰা হত্যাকাৰীজনৰ এই আকস্মিক পৰিৱৰ্তনে সকলোকে আচৰিত কৰি তুলিছে। মঙলবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত ৰামানুজে মুকলিকৈ আন এক হত্যাকাণ্ডৰ ভাবুকি দিছিল। কিন্তু…
Read More
ডাইনী সন্দেহত আশীবছৰীয়া বৃদ্ধাক হত্যা! তিনি দশকৰ পাছত ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

ডাইনী সন্দেহত আশীবছৰীয়া বৃদ্ধাক হত্যা! তিনি দশকৰ পাছত ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

তিনি দশকজোৰা দীঘলীয়া আইনী যুঁজৰ অন্তত অৱশেষত ন্যায় পালে এগৰাকী দুৰ্ভগীয়া বৃদ্ধাই। ডাইনী সন্দেহত এগৰাকী আশীবছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰাৰ গোচৰত ছজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে আদালতে। ১৯৯৫ চনতে সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পেলাই বুধবাৰে ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই ঐতিহাসিক ৰায় ঘোষণা কৰে। আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা লোককেইজন হ'ল বনেশ্বৰ বড়ো, জংগল বড়ো, সুৰজ বড়ো, কান্দুৰা বড়ো, হৰেশ্বৰ বড়ো আৰু ধনলা বড়ো। এই সকলো দোষী একেটা অঞ্চলৰে বাসিন্দা। ভাৰতীয় দণ্ডবিধিৰ ১৪৭, ১৪৮, ১৪৯, ৩০২, ৪৪৮ আৰু ২০১ ধাৰাৰ অধীনত আদালতে দোষীকেইজনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। চৰকাৰী পক্ষৰ অভিযোগ অনুসৰি,…
Read More
আপোনাৰ আই কিউ ৰাহুল গান্ধীৰ দৰেঃ বিগ বছত প্ৰৱেশক লৈ তীব্ৰ বাকযুদ্ধ ৰিয়া আহিৰ আৰু শ্বেহজাদ পুনাৱালাৰ

আপোনাৰ আই কিউ ৰাহুল গান্ধীৰ দৰেঃ বিগ বছত প্ৰৱেশক লৈ তীব্ৰ বাকযুদ্ধ ৰিয়া আহিৰ আৰু শ্বেহজাদ পুনাৱালাৰ

সামাজিক মাধ্যমত এক অভাৱনীয় বাকযুদ্ধত লিপ্ত হৈছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ শ্বেহজাদ পুনাৱালা আৰু মুম্বাইৰ মডেল ৰিয়া আহিৰ। জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'বিগ বছ ২০'ত ৰিয়া আহিৰে ৰাইজৰ ভোটৰ জৰিয়তে প্ৰৱেশ লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছতে পুনাৱালাই মডেলগৰাকীৰ সাধাৰণ জ্ঞান আৰু বৌদ্ধিক স্তৰক লৈ কটাক্ষ কৰে। এই তৰ্কৰ মাজতে ৰিয়াই পুনাৱালাক 'আংকল' বুলি সম্বোধন কৰাত বিজেপিৰ প্ৰাক্তন মুখপাত্ৰজনে তেওঁক উভতি ধৰি কয় যে ৰিয়া আহিৰৰ আই কিউ আৰু জ্ঞানৰ মাত্ৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে একে। এক প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বাহন আগচি ধৰি সামাজিক মাধ্যমত চৰ্চালৈ অহা মডেল ৰিয়া আহিৰে বিগ বছৰ প্ৰৱেশদ্বাৰত মুখ থেকেচা খাইছিল। ইয়াৰ পিছতে পুনাৱালাই সামাজিক মাধ্যম এক্সত…
Read More
‘সন্মানৰ’ নামত জীয়াৰীক হত্যা! তাৰ পিছতে দুৰ্ঘটনাৰ নাটক ৰচি আৰক্ষীৰ জালত পিতা-পুত্ৰ

‘সন্মানৰ’ নামত জীয়াৰীক হত্যা! তাৰ পিছতে দুৰ্ঘটনাৰ নাটক ৰচি আৰক্ষীৰ জালত পিতা-পুত্ৰ

কেৱল 'সন্মানৰ' খাতিৰত হাতুৰীৰে কোবাই নৃশংসভাৱে হত্যা কৰা হ'ল এগৰাকী যুৱতীক। এজন যুৱকৰ সৈতে ভাইৰেল হোৱা এটা ভিডিঅ'ৰ পিছতে এই বৰ্বৰ কাণ্ড সংঘটিত কৰে নিজ পিতৃ আৰু ভাতৃয়ে। যুৱতীগৰাকীক হত্যাৰ পিছত মৃতদেহ ৰাজপথত পেলাই এক পথ দুৰ্ঘটনাৰ ভুৱা নাটক ৰচিছিল দুয়োজনে। কিন্তু আৰক্ষীৰ পুংখানুপুংখ তদন্তত পোহৰলৈ আহে এই পৰিকল্পিত হত্যাকাণ্ড। আহমেদাবাদৰ সৰখেজ অঞ্চলৰ জুহাপুৰাৰ এখন চিকিৎসালয়ত অভ্যৰ্থনাৰক্ষী হিচাপে কৰ্মৰত আছিল ২২ বছৰীয়া ছোফিয়া ফাৰুক। প্ৰায় তিনি মাহ পূৰ্বে এজন যুৱকৰ সৈতে ছোফিয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। ইয়াকে লৈ যুৱতীগৰাকীক কঠোৰ সকীয়নি দিছিল পিতৃ আৰু ভাতৃয়ে। কিন্তু অন্যান্য যুৱকৰ সৈতে কথা-বতৰা অব্যাহত ৰখাৰ সন্দেহত পৰিয়ালৰ সন্মান ৰক্ষাৰ নামত…
Read More
চি চি টিভিৰে চোৰাংচোৱাগিৰি আৰু পাৰ্টী কৰাত বাধ প্ৰতিশোধ ল’বলৈ শহুৰেকক হত্যা বোৱাৰীৰ

চি চি টিভিৰে চোৰাংচোৱাগিৰি আৰু পাৰ্টী কৰাত বাধ প্ৰতিশোধ ল’বলৈ শহুৰেকক হত্যা বোৱাৰীৰ

ঘৰৰ ভিতৰত অহৰহ চি চি টিভিৰে চোৰাংচোৱাগিৰি, নিশাৰ পাৰ্টী কৰাত কঠোৰ বাধা আৰু সামান্য খৰচৰ বাবেও বিচাৰিবলগীয়া হৈছিল হাত খৰচ। এক অভিজাত পৰিয়ালৰ ভিতৰচৰাত পুঞ্জীভূত হৈ থকা এনে ক্ষোভৰ ভয়ংকৰ পৰিণতি হিচাপে সংঘটিত হ'ল এক নৃশংখ হত্যাকাণ্ড। উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ এটা ফ্লেটৰ ভিতৰতে ঔষধ ব্যৱসায়ী বিনীত মিনোচাক ২৬ বাৰ চুৰিকাঘাত কৰি হত্যা কৰা ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ বোৱাৰী শালুক। যোৱা শনিবাৰে নিশা কানপুৰৰ নিজ এপাৰ্টমেণ্টৰ ভিতৰত ৬৩ বছৰীয়া ব্যৱসায়ী বিনীত মিনোচাৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। চি চি টিভি ফুটেজ পৰীক্ষাৰ পাছতে দেওবাৰে নিশা এক এনকাউণ্টাৰৰ অন্তত আৰক্ষীয়ে আটক কৰে পৰিয়ালটোৰ প্ৰাক্তন কৰ্মচাৰী বিশাল আৰু তেওঁৰ সহযোগী ৰাজ…
Read More
ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান। দুলীয়াজানত আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক। ধৃত প্ৰৱঞ্চকটো মধুটিং বৰপথাৰ অঞ্চলৰ ৰাজীৱ কৰ্মকাৰ। আত্মগোপন কৰি থকা অৱস্থাত ৰাজীৱ কৰ্মকাৰক গ্ৰেপ্তাৰ। OILৰ কৰ্মচাৰীৰ আবাসগৃহ আবণ্টনৰ নামত ধন আত্মসাৎ। স্বপন বিশ্বাস নামৰ লোকজনৰ পৰা কেইবা হাজাৰ টকা আত্মসাৎ। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত প্ৰৱঞ্চক ৰাজীৱ কৰ্মকাৰক গ্ৰেপ্তাৰ।
Read More
আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল। ছেমিফাইনেলত ভাৰতৰ বিৰুদ্ধে নামিব বাংলাদেশ। দশমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে নামিব হৰমনপ্ৰীত বাহিনী। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব মেচখন। এছিয়া কাপৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব ১৩ ছেপ্টেম্বৰত।
Read More