Blog

ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ বিদেশী ঘোষণা কৰা দুই মহিলাৰ পৰিয়ালক ২ লাখকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ ।বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছতে পৰিয়ালক অৱগত নকৰাকৈয়ে তথা তেওঁলোকক আইনী সহায় ল'বলৈ অনুমতি নিদিয়াকৈয়ে বাংলাদেশলৈ প্ৰেৰণ কৰিছিল ।দুই পৃথক পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ কল্যান ৰায় চূৰানা আৰু সুস্মিতা ফুকন খাউণ্ডৰ খণ্ড বিচাৰপীঠে ৩ ছেপ্তেম্বৰত মমতাজ বেগম আৰু জাহানাৰা বেগমক ওভতাই অনাৰ বাবে বৈদেশিক মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে ।
Read More
বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰৰ ওপৰত আক্ৰমণ

বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰৰ ওপৰত আক্ৰমণ

পুনৰ বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰৰ ওপৰত আক্ৰমণ ৷ উন্মাদ একাংশ লোকে নৃশংসভাবে হত্যা কৰিলে দুই হিন্দু লোকক ৷ জানিব পৰা মতে দেশখনৰ ভিন্ন প্ৰান্তত পুনৰ হিন্দু বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে ৷ যাৰ ফলত দেশখনত এগৰাকী মহিলাসহ এজন পুৰুষক নিৰ্মমভাবে হত্যা কৰিছে ৷দেশখনৰ নগাঁও জিলাৰ মহাদেৱপুৰ উপজিলাৰ মহাদেৱপুৰ নামৰ ঠাইত আলিফ চন্দ্ৰা দত্ত নামৰ জুৱেলাৰী দোকানীজনক হত্যা কৰে দুৰ্বৃত্তই ৷ স্থানীয় সাংবাদ মাধ্যত প্ৰকাশ পোৱা বাতৰি আনুসৰি, সোমবাৰে নিশা প্ৰায় ৮.৩০ বজাত আলিফ চন্দ্ৰা দত্তই মহাদেৱপুৰ বজাৰত থকা নিজৰ দোকান বন্ধ কৰি ঘৰলৈ গৈ আছিল ৷তেনেতে একাংশ লোকে দত্তক ঘৰৰ সমীপতে আগভেটি ধৰে আৰু দত্তক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে…
Read More
উমিয়ামত প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন চিএইউ ইম্ফলৰ

উমিয়ামত প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন চিএইউ ইম্ফলৰ

কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় (চিএইউ), ইম্ফলে বুধবাৰে মেঘালয়ৰ ৰি-ভৈ জিলাৰ উমিয়ামত অৱস্থিত স্নাতকোত্তৰ কৃষি বিজ্ঞান মহাবিদ্যালয়ত (চিপিজিএছএছ) "প্ৰাকৃতিক কৃষি: স্বাৱলম্বী কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ পথ (এনচিএনএফ ২০২৬)" শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনৰ শুভাৰম্ভ কৰে। এই সন্মিলনখন চিএইউ, ইম্ফলৰ উপাচাৰ্য ড° অনুপম মিশ্ৰৰ পৃষ্ঠপোষকতাত আৰু চিপিজিএছএএছৰ অধ্যক্ষ তথা এনচিএনএফ ২০২৬ৰ আয়োজক সম্পাদক অধ্যাপক দ্বীপেন্দ্ৰ ঠাকুৰীয়াৰ নিৰ্দেশনাত অনুষ্ঠিত হৈছে, য’ত দেশৰ আগশাৰীৰ কৃষি প্ৰতিষ্ঠান, গৱেষক, নীতি নিৰ্ধাৰক, উদ্যোগী, সম্প্ৰসাৰণ পেছাদাৰী, ছাত্ৰ-ছাত্ৰী আৰু কৃষকে অংশগ্ৰহণ কৰিছে। উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেওঁৰ সৈতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে গুজৰাট প্ৰাকৃতিক কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° চি কে…
Read More
অনুশ্ৰী সিঙক চিএইচআৰঅ’ ৰূপে নিযুক্তি গড্ৰেজ এগ্ৰ’ভেটৰ

অনুশ্ৰী সিঙক চিএইচআৰঅ’ ৰূপে নিযুক্তি গড্ৰেজ এগ্ৰ’ভেটৰ

গড্ৰেজ এগ্ৰ'ভেট লিমিটেডে মঙলবাৰে অনুশ্ৰী সিঙক মুখ্য মানৱ সম্পদ বিষয়া (চিএইচআৰঅ') হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। এই নিযুক্তি কোম্পানীটোৰ গণসংযোগ কৌশল, সাংগঠনিক দক্ষতা আৰু প্ৰতিভা বিকাশ শক্তিশালী কৰাৰ ওপৰত কেন্দ্ৰিত হ'ব। কোম্পানীটোৰ দীৰ্ঘম্যাদী ব্যৱসায়িক লক্ষ্যৰ সৈতে সংগতি ৰাখি ভৱিষ্যতৰ বাবে প্ৰস্তুত, উচ্চ প্ৰদৰ্শনক্ষম সংগঠন গঢ়ি তুলিবলৈ সিঙে সহযোগী দলটোৰ সৈতে একেলগে কাম কৰিব।সিঙক আদৰণি জনাই গড্ৰেজ এগ্ৰ'ভেটৰ এমডি আৰু চিইঅ’ সুনীল কাটাৰিয়াই কয় যে, গণসংযোগ আৰু নেতৃত্বৰ সামৰ্থ্য শক্তিশালী কৰাটো প্ৰতিষ্ঠানটোৰ এক কৌশলগত অগ্ৰাধিকাৰ হৈয়েই আছে, কাৰণ কোম্পানীটোৱে উদ্ভাৱনৰ জৰিয়তে যথেষ্ট পৰিমাণে আগুৱাই যোৱাৰ উদ্দেশ্য অনুসৰণ কৰিছে, যিয়ে কৃষকসকলক সৱলীকৰণ আৰু দেশক পুষ্টি প্ৰদান কৰে।সিঙৰ বিভিন্ন উদ্যোগ আৰু ভৌগোলিক…
Read More
জন্ম শতবাৰ্ষিকীত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক সোঁৱৰণ

জন্ম শতবাৰ্ষিকীত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক সোঁৱৰণ

ভাৰত ৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান ৰাজ্যৰ আন প্ৰান্তৰ লগতে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয় পালন কৰা হয়। এই উপলক্ষে বিয়লি কাৰ্যালয়ৰ ডঃ ভূপেন হাজৰিকা সোঁৱৰণী সন্মিলন কক্ষত  থকা বিশ্ব বন্দিত মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে প্ৰাধিকৰণৰ  উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে ডঃ ভূপেন হাজৰিকাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি কয় যে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আছিল এজন প্ৰকৃত মানৱতাবাদী । 'মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা…
Read More
নতুন চিএনজি আৰু উন্নীত ডিজেল সংস্কৰণ মুকলিৰে ভিৰ’ৰ পৰিসৰ সম্প্ৰসাৰণ মহিন্দ্ৰাৰ

নতুন চিএনজি আৰু উন্নীত ডিজেল সংস্কৰণ মুকলিৰে ভিৰ’ৰ পৰিসৰ সম্প্ৰসাৰণ মহিন্দ্ৰাৰ

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে নতুন ভিৰ’ ১.১ এক্সএক্সএল চিএনজি মুকলি আৰু উন্নীত ভিৰ’ ডিজেলৰ সৈতে নিজৰ ভিৰ’ লঘু বাণিজ্যিক বাহনৰ পৰিসৰৰ সম্প্ৰসাৰণ কৰিছে, যাৰ ফলত প্ৰতিষ্ঠানটোৰ বহু-শক্তি চালিত আৰ্বান প্ৰচপাৰ প্লেটফৰ্ম অধিক শক্তিশালী হৈ পৰিছে।নগৰৰ ভিতৰত চলাচল কৰাৰ বাবে বিশেষ ধৰণে ডিজাইন কৰা ভিৰ’ ভিৰ’ ১.১ এক্সএক্সএল চিএনজি-এ ১.১ টন বহন ক্ষমতা আৰু ২,৯০০ মিলিমিটাৰ কাৰ্গ’ ডেক প্ৰদান কৰে। বাহনখনৰ টাৰ্নিং ৰেডিয়াছ ৫.১ মিটাৰ আৰু ই ১.২ লিটাৰৰ নেচাৰেলী এস্পিৰেটেড ইঞ্জিনৰ দ্বাৰা চালিত, যিয়ে ৪৮.৫ কিলোৱাট শক্তি আৰু ৯৮ এনএম টৰ্ক উৎপাদন কৰে। বাহনখনে এ.আৰএআই-প্ৰমাণিত প্ৰতি কেজিত ২১.৪ কিলোমিটাৰ ইন্ধন দক্ষতা আৰু ৪৫০ কিলোমিটাৰতকৈও অধিক পেট্ৰ’ল+চিএনজি-ৰ সন্মিলিত পৰিসৰ প্ৰদান কৰে।…
Read More
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ নতুন ডিজিটেল প্লেটফৰ্মৰ লক্ষ্য হৈছে বীমা ক্ৰয় আৰু সেৱা সহজ কৰি তোলা

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ নতুন ডিজিটেল প্লেটফৰ্মৰ লক্ষ্য হৈছে বীমা ক্ৰয় আৰু সেৱা সহজ কৰি তোলা

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে নিজৰ উন্নীত আইচিআইচিআই লাইফ পাৰ্টনাৰ ষ্টেক ২.০ৰ জৰিয়তে পৰামৰ্শদাতা আৰু বিতৰণ অংশীদাৰসকলৰ বাবে ডিজিটেল সঁজুলিসমূহ সম্প্ৰসাৰণ কৰাৰ ফলত গ্ৰাহকসকলৰ বাবে জীৱন বীমা ক্ৰয় কৰাটো অধিক সৰল হৈ পৰিছে। এই প্লেটফৰ্মে এআই আধাৰিত পৰামৰ্শ, ডিজিটেল অনবৰ্ডিং, উদ্ধৃতি (ক'টেচন) আৰু গ্ৰাহক সেৱা একেলগে প্ৰদান কৰে। ইয়াৰ ই-ক'ট এপে গ্ৰাহকৰ শ্ৰেণী আৰু জীৱনৰ পৰ্যায়ৰ ওপৰত আধাৰিত কৰি উপযুক্ত সেৱাৰ পৰামৰ্শ দিবলৈ এআই ব্যৱহাৰ কৰে আৰু পৰামৰ্শদাতাসকলক ব্যক্তিগতকৃত উদ্ধৃতি প্ৰস্তুতৰ সুবিধা কৰি দিয়ে। লিভা নামৰ এটা এআই-সক্ষম চেটবটে পৰামৰ্শদাতাসকলক গ্ৰাহকৰ সৈতে কথা পাতি থকাৰ সময়তে সেৱাৰ বৈশিষ্ট্য আৰু লাভালাভসমূহ লাভ কৰাত সহায় কৰে। আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ মুখ্য বিতৰণ বিষয়া…
Read More
পুত্ৰক বচাবলৈ গৈ পুখুৰীত জাপ পিতৃৰ! চৰাইদেউত একলেগে সলিল সমাধি পিতা-পুত্ৰৰ

পুত্ৰক বচাবলৈ গৈ পুখুৰীত জাপ পিতৃৰ! চৰাইদেউত একলেগে সলিল সমাধি পিতা-পুত্ৰৰ

পুত্ৰক বচাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দি একেলগে সলিল সমাধি ঘটিল পিতা আৰু পুত্ৰৰ। চৰাইদেউ জিলাৰ সাপেখাতীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। মাছ ধৰিবলৈ গৈ গভীৰ পানীত পৰি যোৱা পুত্ৰক উদ্ধাৰৰ চেষ্টা চলাওঁতেই দুয়োগৰাকীৰে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। স্থানীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, সাপেখাতীৰ ১ নং ধুনীয়া পথাৰ অঞ্চলত সংঘটিত হয় এই হৃদয়বিদাৰক কাণ্ড। নিজৰ ঘৰৰ চৌহদতে থকা পুখুৰীত মাছ ধৰি আছিল ৩০ বছৰীয়া সৌৰভ গগৈয়ে। সেই সময়তে ভৰি পিছলি তেওঁ পুখুৰীৰ গভীৰ পানীত সোমাই পৰে। ইপিনে, পুত্ৰক পানীত তললৈ যোৱা প্ৰত্যক্ষ কৰে পিতৃয়ে। সৌৰভক উদ্ধাৰৰ বাবে তৎপৰ হৈ পুখুৰীত জঁপিয়াই পৰে ৫২ বছৰীয়া পিতৃ লক্ষী গগৈ। কিন্তু…
Read More
ঐশ্বৰিক মহত্ব! জেচিবি, ক্ৰেনৰ দৰে শক্তিশালী যন্ত্ৰ ব্যৱহাৰ কৰিও বিফল প্ৰশাসন, একে ঠাইতে অটল থাকিল হনুমানৰ বিগ্ৰহ

ঐশ্বৰিক মহত্ব! জেচিবি, ক্ৰেনৰ দৰে শক্তিশালী যন্ত্ৰ ব্যৱহাৰ কৰিও বিফল প্ৰশাসন, একে ঠাইতে অটল থাকিল হনুমানৰ বিগ্ৰহ

এবাৰ নহয়, দুবাৰ নহয়, সকলো আধুনিক শক্তি প্ৰয়োগ কৰি বাৰে বাৰে চেষ্টা চলাইও প্ৰশাসনে লৰচৰ কৰিব নোৱাৰিলে এক প্ৰাচীন হনুমান বিগ্ৰহ। মধ্যপ্ৰদেশৰ ঐতিহাসিক ধৰ্মীয় চহৰ উজ্জয়িনীৰ পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে 'খড়ে হনুমান' মন্দিৰৰ প্ৰতিমা স্থানান্তৰ কৰিবলৈ গৈ চূড়ান্ত বিমোৰত পৰিছে পৌৰ নিগম আৰু জিলা প্ৰশাসন। চাৰিদিন ধৰি ক্ৰেন, জে চি বিৰ দৰে অত্যাধুনিক গধুৰ যন্ত্ৰ প্ৰয়োগ কৰিও দেৱালয়খনৰ দণ্ডায়মান বিগ্ৰহটো নিজ স্থানৰ পৰা এক ইঞ্চিও স্থানান্তৰ কৰিব নোৱাৰিলে কৰ্তৃপক্ষই। কণ্ঠাল চকৰ পৰা ছত্ৰী চক সংযোগী পথটো সম্প্ৰসাৰণৰ আওতাত পৰাৰ বাবেই প্ৰশাসনে ইতিমধ্যে মন্দিৰৰ মূল সৌধ আৰু গৰ্ভগৃহ ভাঙি পেলাইছে। কিন্তু বিগ্ৰহটো স্থানান্তৰৰ সকলো প্ৰয়াস ব্যৰ্থ হোৱাত সম্প্ৰতি এখন অস্থায়ী চালিৰ…
Read More
দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাৰ চৰম পন্থা! নয়দাৰ বাসগৃহত উদ্ধাৰ মৃতদেহ

দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাৰ চৰম পন্থা! নয়দাৰ বাসগৃহত উদ্ধাৰ মৃতদেহ

দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত বাছি ল'লে দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাই। নয়দাৰ এটা ভাড়াঘৰত দেওবাৰে ৭৫ বছৰীয়া অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এয়া এক আত্মহত্যা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা এক আত্মঘাতী পত্ৰত মেহতাই নিজৰ গুৰুতৰ আৰু দীৰ্ঘম্যাদী ৰোগৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি লিখে যে তেওঁৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয়। নয়দাৰ ৮২ ছেক্টৰৰ কেন্দ্ৰীয় বিহাৰ ২ ছ'চাইটিৰ এটা ফ্লেটত অকলশৰীয়াকৈ বসবাস কৰিছিল ১৯৭৫ বেটছৰ এই প্ৰবীণ প্ৰশাসনিক বিষয়াগৰাকীয়ে। তেওঁৰ পত্নী তথা এগৰাকী অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াই নিজ সন্তানসহ ডেৰাডুনত থকা সময়তে সংঘটিত হয় এই…
Read More