পুনৰ বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰৰ ওপৰত আক্ৰমণ ৷ উন্মাদ একাংশ লোকে নৃশংসভাবে হত্যা কৰিলে দুই হিন্দু লোকক ৷ জানিব পৰা মতে দেশখনৰ ভিন্ন প্ৰান্তত পুনৰ হিন্দু বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে ৷ যাৰ ফলত দেশখনত এগৰাকী মহিলাসহ এজন পুৰুষক নিৰ্মমভাবে হত্যা কৰিছে ৷দেশখনৰ নগাঁও জিলাৰ মহাদেৱপুৰ উপজিলাৰ মহাদেৱপুৰ নামৰ ঠাইত আলিফ চন্দ্ৰা দত্ত নামৰ জুৱেলাৰী দোকানীজনক হত্যা কৰে দুৰ্বৃত্তই ৷ স্থানীয় সাংবাদ মাধ্যত প্ৰকাশ পোৱা বাতৰি আনুসৰি, সোমবাৰে নিশা প্ৰায় ৮.৩০ বজাত আলিফ চন্দ্ৰা দত্তই মহাদেৱপুৰ বজাৰত থকা নিজৰ দোকান বন্ধ কৰি ঘৰলৈ গৈ আছিল ৷তেনেতে একাংশ লোকে দত্তক ঘৰৰ সমীপতে আগভেটি ধৰে আৰু দত্তক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে ৷ লগতে সাত লাখ বাংলাদেশ টাকা লৈ উধাও হয় দলটো ৷দেশখনৰ আন এক প্ৰান্তত এগৰাকী মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই ৷ ঘটনা অনুসৰি, কক্সবজাৰ জিলাৰ মহেশখালী উপাজিলাত ৪৫ বছৰীয়া হিন্দু মহিলা ৰাণী সুশীলক নিজৰ বাসগৃহৰ ভিতৰতে দুৰ্বৃত্তই হানি-খুচি কৰি হত্যা কৰে । সোমবাৰো নিশা প্ৰায় ৭:৩০ বজাত সংঘটিত হয় এই ঘটনা।
বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰৰ ওপৰত আক্ৰমণ
