আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ নতুন ডিজিটেল প্লেটফৰ্মৰ লক্ষ্য হৈছে বীমা ক্ৰয় আৰু সেৱা সহজ কৰি তোলা

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে নিজৰ উন্নীত আইচিআইচিআই লাইফ পাৰ্টনাৰ ষ্টেক ২.০ৰ জৰিয়তে পৰামৰ্শদাতা আৰু বিতৰণ অংশীদাৰসকলৰ বাবে ডিজিটেল সঁজুলিসমূহ সম্প্ৰসাৰণ কৰাৰ ফলত গ্ৰাহকসকলৰ বাবে জীৱন বীমা ক্ৰয় কৰাটো অধিক সৰল হৈ পৰিছে। এই প্লেটফৰ্মে এআই আধাৰিত পৰামৰ্শ, ডিজিটেল অনবৰ্ডিং, উদ্ধৃতি (ক’টেচন) আৰু গ্ৰাহক সেৱা একেলগে প্ৰদান কৰে। ইয়াৰ ই-ক’ট এপে গ্ৰাহকৰ শ্ৰেণী আৰু জীৱনৰ পৰ্যায়ৰ ওপৰত আধাৰিত কৰি উপযুক্ত সেৱাৰ পৰামৰ্শ দিবলৈ এআই ব্যৱহাৰ কৰে আৰু পৰামৰ্শদাতাসকলক ব্যক্তিগতকৃত উদ্ধৃতি প্ৰস্তুতৰ সুবিধা কৰি দিয়ে। লিভা নামৰ এটা এআই-সক্ষম চেটবটে পৰামৰ্শদাতাসকলক গ্ৰাহকৰ সৈতে কথা পাতি থকাৰ সময়তে সেৱাৰ বৈশিষ্ট্য আৰু লাভালাভসমূহ লাভ কৰাত সহায় কৰে।

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ মুখ্য বিতৰণ বিষয়া অমিষ বেংকাৰে এই বিষয়ে কয় যে, “আইচিআইচিআই লাইফ পাৰ্টনাৰ ষ্টেক ২.০-ৰ লক্ষ্য হৈছে গ্ৰাহকক ডিজিটেল আৰু এআই-সক্ষম সঁজুলি প্ৰদান কৰা, যাৰ জৰিয়তে উপযুক্ত সমাধান চিনাক্ত কৰা আৰু উদ্ধৃতি প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি অনবৰ্ডিং আৰু সেৱা প্ৰদানলৈকে সকলো দৈনন্দিন কাৰ্যকলাপ সৰল আৰু গ্ৰাহক-অনুকূল হৈ পৰে।” গ্ৰাহকসকলৰ বাবে অন্যতম মুখ্য পৰিৱৰ্তন হ’ল ক্ষিপ্ৰ ডিজিটেল অনবৰ্ডিং। আধাৰৰ বাবে ইউআইডিএআই, চিকেৱাইচিৰ বাবে চেৰচাই, আইডিভিৰ বাবে ৱাহন, জিএছটিএন, ইপিএফঅ’, চিএএছ আৰু পাৰ্ফিঅ’চ-ৰ সৈতে কৰা সংযোগৰ ফলত এখন আবেদন পত্ৰৰ ৭০% লৈকে অংশ নিজে নিজে পূৰণ হৈ যাব পাৰে, যাৰ ফলত কেৱাইচি আৰু উপাৰ্জনৰ নথি সংগ্ৰহ তথা আপলোড কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস পায়।

এই প্লেটফৰ্মে আছবা আৰু হোৱাটছএপ-আধাৰিত প্ৰিমিয়াম পৰিশোধ ব্যৱস্থাও সমৰ্থন কৰে, আনহাতে ইয়াৰ এআই-সক্ষম প্ৰি-ইছুৱেঞ্চ ভিডিঅ’ ভেৰিফিকেচনে আণ্ডাৰৰাইটিং, বিপদাশংকা আৰু প্ৰৱঞ্চনা সম্পৰ্কীয় পৰীক্ষাসমূহ শক্তিশালী কৰি তুলিছে। আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফে জনোৱা অনুসৰি নিজৰ ২০০তকৈও অধিক অংশীদাৰ-প্ৰণালীৰ সংযোগ আছে আৰু ৯৯% ব্যৱসায়িক আবেদন ডিজিটেলভাৱে লাভ কৰে। ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ২৭ মিলিয়ন ডিজিটেল সেৱা বাৰ্তালাপ কৰিবলৈ সক্ষম হৈছে, আনহাতে ৫৪% সঞ্চয় পলিচী একেদিনাই জাৰি কৰা হৈছিল। প্ৰতিষ্ঠানটোৱে ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ৯৯.৩% ক্লেইম ছেটেলমেণ্ট ৰেচিঅ’অৰ্জনৰ কথা প্ৰতিবেদনত উল্লেখ কৰিছে, য’ত তদন্ত-অনুসন্ধান নকৰা ব্যক্তিগত মৃত্যুৰ দাবীসমূহৰ বাবে গড় নিষ্পত্তিৰ সময় আছিল মাত্ৰ এদিন।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *