পুত্ৰক বচাবলৈ গৈ পুখুৰীত জাপ পিতৃৰ! চৰাইদেউত একলেগে সলিল সমাধি পিতা-পুত্ৰৰ

পুত্ৰক বচাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দি একেলগে সলিল সমাধি ঘটিল পিতা আৰু পুত্ৰৰ। চৰাইদেউ জিলাৰ সাপেখাতীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। মাছ ধৰিবলৈ গৈ গভীৰ পানীত পৰি যোৱা পুত্ৰক উদ্ধাৰৰ চেষ্টা চলাওঁতেই দুয়োগৰাকীৰে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়।

স্থানীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, সাপেখাতীৰ ১ নং ধুনীয়া পথাৰ অঞ্চলত সংঘটিত হয় এই হৃদয়বিদাৰক কাণ্ড। নিজৰ ঘৰৰ চৌহদতে থকা পুখুৰীত মাছ ধৰি আছিল ৩০ বছৰীয়া সৌৰভ গগৈয়ে। সেই সময়তে ভৰি পিছলি তেওঁ পুখুৰীৰ গভীৰ পানীত সোমাই পৰে।

ইপিনে, পুত্ৰক পানীত তললৈ যোৱা প্ৰত্যক্ষ কৰে পিতৃয়ে। সৌৰভক উদ্ধাৰৰ বাবে তৎপৰ হৈ পুখুৰীত জঁপিয়াই পৰে ৫২ বছৰীয়া পিতৃ লক্ষী গগৈ। কিন্তু পুত্ৰক বচাবলৈ কৰা সেই প্ৰয়াস ব্যৰ্থ হৈ একেলগে মৃত্যুক সাৱটে দুয়োজনে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *