শ্বাওমি ইণ্ডিয়াই নিজৰ নতুন ৰেডমি ১৭ ৫জি স্মাৰ্টফোনটো বিক্ৰীৰ বাবে উপলব্ধ কৰাৰ কথা ঘোষণা কৰিছে। এই ফোনটোক বিশেষকৈ দীৰ্ঘদিনীয়া বেটাৰী লাইফ, ৫জি সংযোগ আৰু এক উন্নত মনোৰঞ্জনৰ অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছে। এই স্মাৰ্টফোনটোত স্নেপড্ৰেগন ৪ জেনেৰেচন ৫ ম’বাইল প্লেটফৰ্ম ব্যৱহাৰ কৰা হৈছে। ইয়াত ১২০ হাৰ্টজ এডাপ্টিভ চিংক আৰু ৮২৫ নিটছ এইচবিএম ব্ৰাইটনেচ থকা ১৭.৫৩ ছেণ্টিমিটাৰ (৬.৯ ইঞ্চি) এইচডি+ ডিচপ্লে’ আছে।
ৰেডমি ১৭ ৫জি-ৰ মূল আকৰ্ষণ হৈছে ইয়াৰ ৭,৯০০ এমএএইচ সামৰ্থ্যৰ বেটাৰী, যিয়ে ৪৫ ৱাটৰ ফাষ্ট চাৰ্জিং আৰু ২২.৫ ৱাট পৰ্যন্ত ৱায়াৰ্ড ৰিভাৰ্চ চাৰ্জিং সমৰ্থন কৰে। এই মোবাইলটো শ্বাওমি হাইপাৰ অ’এছ ৩ত কাৰ্যক্ষম হয় আৰু ইয়াত ডুৱেল ষ্টেৰিঅ’ স্পীকাৰ, কৰ্নিং গৰিলা গ্লাছ ৭আই সুৰক্ষা আৰু আইপি৬৪ ৰেটিং আছে। ইয়াৰ উপৰিও ফোনটোৱে ২ টিবিপৰ্যন্ত এক্সপাণ্ডেবল ষ্টৰেজ সমৰ্থন কৰে আৰু ইয়াত এটা ৩.৫ এমএমৰ হেডফোন জেক আছে।
ফটোগ্ৰাফীৰ বাবে এই স্মাৰ্টফোনটোত ৫০ মেগাপিক্সেলৰ এআই ডুৱেল কেমেৰা আৰু পৰ্ট্ৰেইট তথা নাইট ম’ড থকা এটা ৮ মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা আছে। গুৱাহাটী মহানগৰীত যিসকল গ্ৰাহকে ডাঙৰ বেটাৰী, ৫জি সংযোগ আৰু মনোৰঞ্জনভিত্তিক বৈশিষ্ট্য থকা মধ্যম বাজেটৰ স্মাৰ্টফোন বিচাৰি আছে, সেইসকল গ্ৰাহকক এই ৰেডমি ১৭ ৫জি-এ আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে।
ফোনটো এবচল্যুট ব্লেক, এণ্ডলেচ ব্লু আৰু ইটাৰ্নেল অৰেঞ্জ ৰঙত উপলব্ধ হ’ব, যাৰ ভিতৰত ইটাৰ্নেল অৰেঞ্জ ৰঙৰ ফোনটোত এটা ভেগান লেডাৰ ফিনিচিং দেখা যাব। ইয়াৰ ৬জিবি+১২৮জিবি ভেৰিয়েণ্টৰ মূল্য ২৩,৯৯৯ টকা আৰু ৮জিবি+১২৮জিবি মডেলটোৰ মূল্য ২৬,৯৯৯ টকা ধাৰ্য কৰা হৈছে। গ্ৰাহকে এই ফোনটো mi.com, Amazon.in আৰু শ্বাওমিৰ ৰিটেইল ষ্ট’ৰসমূহৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব।
৭,৯০০ এমএএইছৰ বেটাৰীৰে ৰেডমি ১৭ ৫জি মুকলি, প্ৰাৰম্ভিক মূল্য ২৩,৯৯৯ টকা
