উত্তৰ-পূৱ

সোণৰ খনিৰ এটা অংশ ভাঙি প্ৰায় ৩০ জন শ্ৰমিকৰ মৃত্যু

সোণৰ খনিৰ এটা অংশ ভাঙি প্ৰায় ৩০ জন শ্ৰমিকৰ মৃত্যু

পশ্চিম-মধ্য আফ্রিকান প্রজাতন্ত্রত মঙলবাৰে সোণৰ খনিৰ এটা অংশ ভাঙি প্ৰায় ৩০ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো শ্ৰমিকৰ আবদ্ধ হৈ পৰে ৷ বহু শ্ৰমিক সোণৰ খনিটোৰ ভিতৰত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে আৰু তেওঁলোকৰ সন্ধানত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে ৷মঙলবাৰে পুৱা নানা-মাম্বে প্ৰিফেকচাৰৰ আব্বা অঞ্চলত আওপুৰণি প্ৰযুক্তিৰে চলা, গতানুগতিকভাৱে পৰিচালিত খনিটো ভাঙি পৰে ৷
Read More
কলকাতাৰ হোটেলত অগ্নিকাণ্ড

কলকাতাৰ হোটেলত অগ্নিকাণ্ড

পশ্চিমবংগৰ কলকাতাৰ এখন হোটেলত বুধবাৰৰ পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬ জন লোক আহত হয় ।কলকাতাৰ মিৰ্জা গালিব ষ্ট্ৰীটত অৱস্থিত হোটেলখন এই অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ সম্ভেদ লাভ কৰাৰ লগে লগে ৪ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে ।অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান চলাই হোটেলখনৰ ভিতৰৰ পৰা অচেতন অৱস্থাত ৯জন লোকক উদ্ধাৰ কৰে । তেওঁলোকক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আটাইকেইজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে তেওঁলোকৰ মৃত্যুৰ খবৰ এতিয়াও আনুষ্ঠানিকভাৱে চিকিৎসালয় বা প্ৰশাসনে নিশ্চিত কৰা নাই ।
Read More
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানলৈ ডাঙৰ সকাহ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানলৈ ডাঙৰ সকাহ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানলৈ ডাঙৰ সকাহ ৷ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰান খানক এই সকাহ প্ৰদান কৰিছে । কাৰণ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে মঙলবাৰে দাবী কৰে যে কাৰাগাৰত বন্দী ইমৰাণ খানৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । খানৰ হৃদস্পন্দন বৃদ্ধি আৰু উচ্চ ৰক্তচাপক লৈ আৰিফ আলভিয়ে উদ্বেগ প্ৰকাশ কৰে ।স্বাস্থ্যজনিত কাৰণৰ বাবে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক জেলৰ পৰা চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।
Read More
৪ জিলাত সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ

৪ জিলাত সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ

প্ৰচণ্ড বৰষুণে ধুৱাই নিছে প্ৰকৃতিৰ ৰাণী, ভাৰতৰ ভূ- স্বৰ্গ হিমাচল প্ৰদেশক। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ কেইবাটাও ব্যস্ত এলেকাৰ বাট-পথত পানী জমা হৈছে।যাৰ বাবে জনজীৱনতো ব্যাপক প্ৰভাৱ পৰিছে। ৰাজ্যখনৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি এই বৰষুণ অনাগত কেইবাদিন ধৰি চলি থাকিব। সেয়ে ৰাজ্যখনৰ ৪খন জিলাত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।সতৰ্কবাণী জাৰি কৰা জিলা ৪খন হৈছে ক্ৰমে - বিলাসপুৰ, কাংগ্ৰা, মান্দি আৰু ছাৰমউৰ। এই সতৰ্কবাণী জাৰি কৰা জিলাকেইখনত ধাৰাসাৰ বৰষুণ, বিজুলী ঢেৰেকণিৰ লগতে মৃদু বতাহো বলিব পাৰে।
Read More
শুই থকা সময়তে অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু

শুই থকা সময়তে অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু

পশ্চিমবংগৰ বীৰভূম জিলাৰ তাৰাপীঠৰ এখন হোটেলত সোমবাৰে পুৱা অগ্নিকাণ্ড সংঘটিত হৈ প্ৰায় ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷স্থানীয় লোকৰ পৰা জানিব পৰা মতে, পুৱা হোটেলৰ ৰিচিপচনত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ কিন্তু অগ্নিকাণ্ডৰ কথা জনাৰ পূৰ্বেই জুইৰ লেলিহান শিখাই সমগ্ৰ হোটেলখন ছানি ধৰে ৷অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত হোটেলৰ অধিকাংশ অতিথি শুই আছিল ৷ জুইৰ ধোঁৱা হোটেলৰ বন্ধ কোঠাত বিয়পি পৰাৰ ফলত শুই থকা অৱস্থাতে বহু লোক অসুস্থ হৈ পৰে ৷
Read More
মন্দিৰত পদপিষ্ট হৈ ৭ জন ভক্তৰ মৃত্যু

মন্দিৰত পদপিষ্ট হৈ ৭ জন ভক্তৰ মৃত্যু

বিহাৰৰ লক্ষীচৰাই জিলাৰ অশোকধাম মন্দিৰত সোমবাৰে পুৱা পদপিষ্ট হৈ ৭ জন ভক্তৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে ৷ শাওণ মাহৰ তৃতীয়টো সোমবাৰত জলাভিষেকৰ বাবে মন্দিৰটোত প্ৰায় ৫০ হাজাৰ ভক্তৰ সমাগম হৈছিল ৷ ভিৰৰ ফলত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ মাজতে হঠাতে এই অঘটনটো সংঘটিত হয় ।এই ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে মৃত লোকসকলৰ মাজৰ তিনিগৰাকী ভগ্নী বুলি চিনাক্ত কৰা হৈছে ৷
Read More
জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই

জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই

৫ অক্টোবৰত পুনৰ শ্যামকানু মহন্তৰ জামিনৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে।উক্ত দিনা বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি পুনৰ পৰ্যালোচনা কৰি জামিনৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব।আজি জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই।ৰাজ্য চৰকাৰে আদালতক অৱগত কৰাই যে, গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে। ১৪ আগষ্টলৈকে মুঠ ৩৯৪ গৰাকী সাক্ষীৰ ভিতৰত ৯৪ গৰাকীৰ সাক্ষ্য গ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আবেদনকাৰী পক্ষৰ অধিবক্তাই যুক্তি দৰ্শাই যে, ছিংগাপুৰৰ পৰা আহিবলগীয়া মূল তথা গুৰুত্বপূৰ্ণ সাক্ষীসকলৰ সাক্ষ্য এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই।
Read More
উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ সোমবাৰৰ সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, দৃশ্যটো দেখি বৰ বেয়া লাগে।মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোক গুৰুত্ব সহকাৰে লোৱা বুলি উল্লেখ কৰি কয় যে, কেতিয়াবা মোৰ ভৰিতো বয়োজ্যেষ্ঠ বহুজনে আহি ধৰি দিয়েহি। তেতিয়া মোৰো বেয়া লাগে। মই ভৰিৰ পৰা উঠাবলৈ চেষ্টা কৰো। কিন্তু তেতিয়ালৈ ভৰিত ধৰিয়েই দিয়ে। মোৰো এনে ভিডিঅ' যদি কেতিয়াবা ভাইৰেল হৈ যায়,তেতিয়াও সকলোৱে কিবা-কিবি ক'ব।কিন্তু পৰিৱেশ-পৰিস্থিতি সেই সময়ত কি আছিল সেয়া মই নাজানো। এনে দৃশ্যই স্বাভাৱিকতে সকলোকে দুখী কৰিব।
Read More
কোনো চালকে মাৰাঠী ভাষা নাজানে, তেন্তে চলাব নোৱাৰিব গাড়ী!

কোনো চালকে মাৰাঠী ভাষা নাজানে, তেন্তে চলাব নোৱাৰিব গাড়ী!

শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ এটা বিশেষ সিদ্ধান্তত পুনৰ স্পষ্ট হ’ল মাৰাঠীসকলৰ জাতীয়তাবাদ। মহাৰাষ্ট্ৰৰ পৰিবহণ বিভাগে অটো আৰু টেক্সি চালকসকলৰ বাবে ব্যৱহাৰিক (কথোপকথনৰ) মাৰাঠী ভাষাৰ জ্ঞান থকাটো বাধ্যতামূলক কৰিছে। যাতে স্থানীয় যাত্ৰীসকলৰ সৈতে ভাবৰ আদান-প্ৰদান সহজ হৈ পৰে। চৰকাৰে চালকসকলক মাৰাঠী শিকিবলৈ ১৫ আগষ্ট পৰ্যন্ত সময় নিৰ্ধাৰণ কৰি দিছে। যদিহে কোনো চালকে মাৰাঠী ভাষা নাজানে, তেন্তে তেওঁলোকৰ অনুজ্ঞাপত্ৰও বাতিল কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। এই নিয়মৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন অটো-টেক্সি চালক সংগঠনে চৰকাৰৰ ওচৰত অতিৰিক্ত ১০০ দিনৰ সময়সীমা দাবী কৰিছে।
Read More
এটা নিৰ্মীয়মান জলবিদ্যুৎ‍ প্রকল্পত অঘটন

এটা নিৰ্মীয়মান জলবিদ্যুৎ‍ প্রকল্পত অঘটন

বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ এটা নিৰ্মীয়মান জলবিদ্যুৎ‍ প্রকল্পত অঘটন। প্রকল্পটোৰ সুৰংগ পথত বোকা আৰু পানীৰ ঢলে প্রাণ ল’লে ৭গৰাকী শ্রমিকৰ। চামোলিৰ মায়াপুৰত নিৰ্মাণ কাৰ্য চলি আছে এই সুৰংগটোৰ ।ঘটনাত আন ১৪গৰাকী শ্রমিক গুৰুতৰভাৱে আহত।এতিয়াও সন্ধানহীন আন এগৰাকী শ্রমিক।
Read More