উত্তৰ-পূৱ

১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব

১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব

নতুন পৰিকল্পনা অনুসৰি, চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব। বাকী ৫০ শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ৰ পৰা কাম কৰিব।দিল্লীত শীতকালত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে কেইবাটাও নতুন ব্যৱস্থা।এই ব্যৱস্থাৰ ফলত শীতকালীন মাহকেইটাত একে সময়তে কাৰ্যালয়লৈ অহা-যোৱা কৰা লোকৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰা হৈছে। দিল্লীত শীতকালত বায়ুৰ গুণগত মান যথেষ্ট অৱনতি ঘটাৰ সময়ত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
Read More
মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা

মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা

মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । সমৃদ্ধি এক্সপ্ৰেছৱে’ৰ ধমনগাঁৱৰ সমীপত শুকুৰবাৰে মাজনিশা এখন তীব্ৰবেগী ট্ৰাকে এখন বলেৰ’ পিকআপ গাড়ীত খুন্দা মৰাৰ ফলত এই দুৰ্ঘনাটো সংঘটিত হয় । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কমেও পাঁচজন যুৱক নিহত হোৱাৰ লগতে প্ৰায় ১৫-১৮ জন লোক গুৰুতৰভাৱে আহত হয় ।এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, ধমনগাঁও ৰে’লৱেৰ সমীপৰ সমৃদ্ধি এক্সপ্ৰেছৱে'ৰ চেনেল ৯৭ত পুৱা মাজনিশা ১২.৪৫ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় ।সূত্ৰৰ পৰা জানিব পৰা মতে, এখন দুৰ্গা পূজা সমিতিৰ সদস্যসকলে দেৱী দুৰ্গাৰ মূৰ্তি লৈ পিকআপ ভেনেৰে শ্বেগাঁৱৰ পৰা ৱাৰ্ধালৈ গৈ আছিল । ধমনগাঁৱৰ সমীপত পিছফালৰ পৰা ট্ৰাকখনে তেওঁলোকৰ বাহনত খুন্দা মৰাৰ…
Read More
এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ স্বৰ্ণ জয়

এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ স্বৰ্ণ জয়

জন্মদিনৰ দিনাই এছিয়ান গেমছৰ বক্সিঙত স্বৰ্ণ জয় অসমকন্যা লাভলীনা বৰগোহাঁইৰ ৷ ৭৫ কিলোগ্ৰাম শাখাত চীনৰ প্ৰতিদ্বন্দ্বী বাও ঝিয়িক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই ৷কিংবদন্তি মেৰী কমৰ পাছতে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছে লাভলীনা । স্বৰ্ণজয়ৰ পাছতে লাভলীনাক শুভেচ্ছা আৰু প্ৰশংসাৰে উপচাই পেলাইছে বিভিন্নজনে ৷মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ সফলতাক প্ৰশংসা কৰি লিখিছে, ‘‘গ’ল্ডেন গাৰ্ল লাভলীনা ৷ আত্মবিশ্বাস, অটুট মনোবল আৰু দৃঢ় সংকল্পৰে দেশৰ বাবে আজি বক্সিঙৰ ৭৫ কেজি শাখাত এছিয়ান গেমছৰ স্বৰ্ণ জয় কৰি আকৌ এবাৰ ভাৰতৰ ত্ৰিৰংগা বিশ্বমঞ্চত গৌৰৱেৰে উৰুৱালে আমাৰ অসম কন্যা লাভলীনা বৰগোহাঁয়ে । জন্মদিনৰ দিনাই দেশৰ বাবে…
Read More
ভাৰতৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা

ভাৰতৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা

ভাৰতৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট এটিএছৰ সৈতে চলোৱা যৌথ অভিযানত আৰব সাগৰত জব্দ কৰে বৃহৎসংখ্যক ড্ৰাগছ । ইৰাণৰ এখন নাৱৰ পৰা ৫২৬ কিলোগ্ৰাম মেথামফেটামাইন আৰু হেৰ’ইন জব্দ কৰা হয় । এই ড্ৰাগছখিনিৰ বজাৰ মূল্য ৩ হাজাৰ কোটিতকৈ অধিক বুলি জানিব পৰা গৈছে ।ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জনোৱা মতে, ২৫ ছেপ্টেম্বৰত লাক্ষাদ্বীপৰ সমীপত চলোৱা অভিযানত নাওখন পৰিচালনা কৰা পাঁচজন পাকিস্তানী নাগৰিকক আটক কৰা হয় ।
Read More
আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব

আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ডঃ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ'ব । সামগ্ৰিকভাৱে এইখন ষ্টেডিয়ামত তৃতীয়খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ অনুষ্ঠিত হ'ব । ইয়াৰ পূৰ্বে বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাই একোখনকৈ মেচ খেলিছিল ।নেহৰু ষ্টেডিয়ামত ১৯৮৩ চনৰ ১৭ ডিচেম্বৰত অসমত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল । বৰ্ষাপাৰাত আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হ'ব ভাৰত ।
Read More
নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত ?

নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত ?

নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত ? কাৰণ ৬৮ টা বৰফ আবৃত হ্ৰদক অতি বিপদজনক বুলি চিনাক্ত কৰিছে চৰকাৰে ৷ যিকোনো মুহূৰ্ততে ৬৮ টা বৰফ আবৃত হ্ৰদৰ যিকোনো এটা বিস্ফোৰণ হৈ ভয়ংকৰ বান সৃষ্টি হ'ব পাৰে বুলি আশংকা কৰিছে চৰকাৰে ৷সেয়ে দুৰ্যোগৰ পূৰ্বে ৰাইজক আগতীয়াকৈ কেনেকৈ সতৰ্কবাণী দিব পাৰিব তাৰ বাবে কৰ্তৃপক্ষই কাম কৰি আছে বুলিও উল্লেখ কৰিছে জন্মু-কাশ্মীৰ চৰকাৰে ৷
Read More
এছিয়ান গেমছ ২০২৬ ৰ ফাইনেলত প্ৰৱেশ অসমকন্যা লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছ ২০২৬ ৰ ফাইনেলত প্ৰৱেশ অসমকন্যা লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহায়ে ৷ অলিম্পিক পদক জয়ী লাভলীনাই বুধবাৰে ছেমি ফাইনেলত বর্তমান বিশ্ব চেম্পিয়ন কাজাখস্তানৰ নাটালিয়া ব’গদান‘ভাক ৩-২ পইণ্টত পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰে ৷
Read More
নিমিষাক হত্যাৰ পূৰ্বে আছিফ আলীয়ে সেৱন কৰিছিল সুৰা

নিমিষাক হত্যাৰ পূৰ্বে আছিফ আলীয়ে সেৱন কৰিছিল সুৰা

নিমিষা ঠাকুৰীয়া হত্যাকাণ্ডৰ সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত বলীন দেউৰীৰ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য ৷আৰক্ষী বিষয়া দেউৰীয়ে কয়,"সপ্তাহত দুই-তিনিদিন সেই হোমষ্টে খনলৈ দুয়ো গৈছিল ৷ উক্ত ঘটনাৰ দিনা দুয়োজনে সুৰা সেৱন কৰিছিল ৷ তাৰ পাছত দুয়োগৰাকীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ তেতিয়া নিমিষাক হত্যা কৰা হৈছিল ৷"ইফালে নিমিষাৰ মাতৃয়ে সংবাদ মাধ্যমত কৰা মন্তব্যৰ সন্দৰ্ভটো তদন্ত চলিব বুলি উল্লেখ কৰি তেওঁ কয়,"যিহেতুকে নিশা ২.০২ বজাত নিমিষাই মাকলৈ ফোন কৰি কৈছিল যে, 'সিহঁতে মোক বুকুত গোৰ মাৰিছে' বুলি ৷ সিহঁত কোন এই বিষয়ে তদন্ত চলি আছে আৰু হোমষ্টেখনৰ কৰ্মচাৰীকো সোধা-পোচ কৰা হৈছে ৷ নিমিষাৰ শৰীৰৰ ভিন্ন স্থানত আঘাত আছিল ৷ মুখেৰে তেজ ওলাই…
Read More
ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ কিউক্টাও টাউনশ্বিপত বোমা নিক্ষেপ

ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ কিউক্টাও টাউনশ্বিপত বোমা নিক্ষেপ

ম্যানমাৰৰ সেনাই সোমবাৰে এটা শক্তিশালী বিদ্ৰোহী গোটৰ নিয়ন্ত্ৰণত থকা অঞ্চলত বজাৰৰ সমীপত চলোৱা বিমান আক্ৰমণত প্ৰায় ৪৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৮ জন লোক আহত হয় ৷দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালেৰ পৰা প্ৰায় ৩৪০ কিলোমিটাৰ (২১০ মাইল) পশ্চিমে অৱস্থিত কিউক্টাও টাউনশ্বিপত সোমবাৰৰ এই আক্ৰমণ সংঘটিত হয় । কিউক্টাও ৰাখাইনত অৱস্থিত এটা শক্তিশালী জনগোষ্ঠীয় সশস্ত্ৰ গোট আৰাকান সেনাৰ নিয়ন্ত্ৰণত আছে ।
Read More
১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!

১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!

১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক ১৮ বছৰৰ অনুৰ্ধ্বৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ আইনী গাঁথনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি প্ৰকাশিত তথ্যত উল্লেখ কৰা হৈছে।শিশু আৰু কিশোৰ-কিশোৰীৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰক লৈ নতুনকৈ গুৰুত্ব লাভ কৰিছে আইনী নিয়ন্ত্ৰণৰ বিষয়টোৱে। আদালতৰ নিৰ্দেশ অনুসৰি, ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ ছ’চিয়েল মিডিয়া একাউণ্ট আৰু ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে উপযুক্ত আইনী কাঠামো প্ৰস্তুত কৰাৰ বিষয়টো বিবেচনা কৰিব লাগিব।“১৮ বছৰৰ অনুৰ্ধ্বৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে আইনী গাঁথনি প্ৰস্তুত কৰাৰ নিৰ্দেশ।”এই বিষয়ত আগন্তুক আইনী ব্যৱস্থা, ইয়াৰ পৰিসৰ আৰু কাৰ্যকৰী কৰাৰ পদ্ধতি সম্পৰ্কে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ…
Read More