14
Aug
লংভিত আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ । প্ৰায় ১৫ মিনিট ধৰি চলিল গুলীয়াগুলী ৷দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত অৰুণাচল প্ৰদেশত এক চাঞ্চল্যকৰ কূটাঘাতমূলক ঘটনা সংঘটিত হৈছে । চাংলাং জিলাৰ নামপুং আৰক্ষী থানাৰ অন্তৰ্গত লংভিত অৱস্থিত আছাম ৰাইফলছৰ শিবিৰক লক্ষ্য কৰি সন্দেহযুক্ত বিদ্ৰোহী সংগঠনৰ এটা দলে নিশা আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩:১৫ বজাত আছাম ৰাইফলছৰ শিবিৰটোক লক্ষ্য কৰি প্ৰথমে কেইবাটাও বিস্ফোৰণ সংঘটিত কৰাৰ পাছতে বিদ্ৰোহী দলটোৱে ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত প্ৰায় ১৫ মিনিট ধৰি গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ।এই পৰ্যন্ত সংঘৰ্ষৰ ফলত কোনো লোক হতাহত…
