১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!

১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!
মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক ১৮ বছৰৰ অনুৰ্ধ্বৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ আইনী গাঁথনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি প্ৰকাশিত তথ্যত উল্লেখ কৰা হৈছে।শিশু আৰু কিশোৰ-কিশোৰীৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰক লৈ নতুনকৈ গুৰুত্ব লাভ কৰিছে আইনী নিয়ন্ত্ৰণৰ বিষয়টোৱে। আদালতৰ নিৰ্দেশ অনুসৰি, ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ ছ’চিয়েল মিডিয়া একাউণ্ট আৰু ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে উপযুক্ত আইনী কাঠামো প্ৰস্তুত কৰাৰ বিষয়টো বিবেচনা কৰিব লাগিব।“১৮ বছৰৰ অনুৰ্ধ্বৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে আইনী গাঁথনি প্ৰস্তুত কৰাৰ নিৰ্দেশ।”এই বিষয়ত আগন্তুক আইনী ব্যৱস্থা, ইয়াৰ পৰিসৰ আৰু কাৰ্যকৰী কৰাৰ পদ্ধতি সম্পৰ্কে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ গুৰুত্বপূৰ্ণ হ’ব।ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচী আৰু ভি মোহনাৰে গঠিত বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন হয় ৷ স্বেচ্ছাসেৱী সংগঠন জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন এলায়েন্সে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিছিল বিচাৰপীঠে ৷ স্বেচ্ছাসেৱী সংস্থাটোৱে ১৮ বছৰৰ অনুৰ্ধ্বই স্বতন্ত্ৰভাৱে ছ’চিয়েল মিডিয়া একাউণ্ট সৃষ্টি আৰু ব্যৱহাৰ কৰাত বাধা দিবলৈ কঠোৰ সুৰক্ষা আৰু ডিজিটেল ফায়াৰৱাল বিচাৰিছিল ৷ জ্যেষ্ঠ অধিবক্তা এইচ এছ ফুলকাই স্বেচ্ছাসেৱী সংস্থাটোক আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰক প্ৰতিনিধিত্ব কৰিছিল ৷অনলাইন গ্ৰুমিং, যৌন নিৰ্যাতন, চাইবাৰ ক্ৰাইম, যৌন শোষণৰ দৰে সন্মুখীন হোৱা গুৰুতৰ ভাবুকিৰ প্ৰতি শীৰ্ষ আদালতৰ দৃষ্টি আকৰ্ষণ কৰা হৈছিল ৷ বয়সৰ পৰীক্ষণ দুৰ্বল হোৱাৰ বাবে শিশুসকলে সন্মুখীন হোৱা তথ্যৰ অপব্যৱহাৰৰ বিষয়েও বিচাৰপীঠক অৱগত কৰা হয় ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *