উত্তৰ-পূৱ

এছিয়ান গেমছ ২০২৬ ৰ ফাইনেলত প্ৰৱেশ অসমকন্যা লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছ ২০২৬ ৰ ফাইনেলত প্ৰৱেশ অসমকন্যা লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহায়ে ৷ অলিম্পিক পদক জয়ী লাভলীনাই বুধবাৰে ছেমি ফাইনেলত বর্তমান বিশ্ব চেম্পিয়ন কাজাখস্তানৰ নাটালিয়া ব’গদান‘ভাক ৩-২ পইণ্টত পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰে ৷
Read More
নিমিষাক হত্যাৰ পূৰ্বে আছিফ আলীয়ে সেৱন কৰিছিল সুৰা

নিমিষাক হত্যাৰ পূৰ্বে আছিফ আলীয়ে সেৱন কৰিছিল সুৰা

নিমিষা ঠাকুৰীয়া হত্যাকাণ্ডৰ সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত বলীন দেউৰীৰ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য ৷আৰক্ষী বিষয়া দেউৰীয়ে কয়,"সপ্তাহত দুই-তিনিদিন সেই হোমষ্টে খনলৈ দুয়ো গৈছিল ৷ উক্ত ঘটনাৰ দিনা দুয়োজনে সুৰা সেৱন কৰিছিল ৷ তাৰ পাছত দুয়োগৰাকীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ তেতিয়া নিমিষাক হত্যা কৰা হৈছিল ৷"ইফালে নিমিষাৰ মাতৃয়ে সংবাদ মাধ্যমত কৰা মন্তব্যৰ সন্দৰ্ভটো তদন্ত চলিব বুলি উল্লেখ কৰি তেওঁ কয়,"যিহেতুকে নিশা ২.০২ বজাত নিমিষাই মাকলৈ ফোন কৰি কৈছিল যে, 'সিহঁতে মোক বুকুত গোৰ মাৰিছে' বুলি ৷ সিহঁত কোন এই বিষয়ে তদন্ত চলি আছে আৰু হোমষ্টেখনৰ কৰ্মচাৰীকো সোধা-পোচ কৰা হৈছে ৷ নিমিষাৰ শৰীৰৰ ভিন্ন স্থানত আঘাত আছিল ৷ মুখেৰে তেজ ওলাই…
Read More
ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ কিউক্টাও টাউনশ্বিপত বোমা নিক্ষেপ

ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ কিউক্টাও টাউনশ্বিপত বোমা নিক্ষেপ

ম্যানমাৰৰ সেনাই সোমবাৰে এটা শক্তিশালী বিদ্ৰোহী গোটৰ নিয়ন্ত্ৰণত থকা অঞ্চলত বজাৰৰ সমীপত চলোৱা বিমান আক্ৰমণত প্ৰায় ৪৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৮ জন লোক আহত হয় ৷দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালেৰ পৰা প্ৰায় ৩৪০ কিলোমিটাৰ (২১০ মাইল) পশ্চিমে অৱস্থিত কিউক্টাও টাউনশ্বিপত সোমবাৰৰ এই আক্ৰমণ সংঘটিত হয় । কিউক্টাও ৰাখাইনত অৱস্থিত এটা শক্তিশালী জনগোষ্ঠীয় সশস্ত্ৰ গোট আৰাকান সেনাৰ নিয়ন্ত্ৰণত আছে ।
Read More
১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!

১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!

১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক ১৮ বছৰৰ অনুৰ্ধ্বৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ আইনী গাঁথনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি প্ৰকাশিত তথ্যত উল্লেখ কৰা হৈছে।শিশু আৰু কিশোৰ-কিশোৰীৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰক লৈ নতুনকৈ গুৰুত্ব লাভ কৰিছে আইনী নিয়ন্ত্ৰণৰ বিষয়টোৱে। আদালতৰ নিৰ্দেশ অনুসৰি, ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ ছ’চিয়েল মিডিয়া একাউণ্ট আৰু ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে উপযুক্ত আইনী কাঠামো প্ৰস্তুত কৰাৰ বিষয়টো বিবেচনা কৰিব লাগিব।“১৮ বছৰৰ অনুৰ্ধ্বৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে আইনী গাঁথনি প্ৰস্তুত কৰাৰ নিৰ্দেশ।”এই বিষয়ত আগন্তুক আইনী ব্যৱস্থা, ইয়াৰ পৰিসৰ আৰু কাৰ্যকৰী কৰাৰ পদ্ধতি সম্পৰ্কে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ…
Read More
২০৫০ চনৰ ভিতৰত বিশ্বত দুগুণ হ’ব পাৰে কৰ্কট ৰোগীৰ সংখ্যা

২০৫০ চনৰ ভিতৰত বিশ্বত দুগুণ হ’ব পাৰে কৰ্কট ৰোগীৰ সংখ্যা

বিশ্বজুৰি কৰ্কট ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে। ২০৫০ চনৰ ভিতৰত বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা বৰ্তমানৰ তুলনাত প্ৰায় দুগুণলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। এই পৰিস্থিতিয়ে আগন্তুক দিনত বিশ্ব স্বাস্থ্য ব্যৱস্থাৰ সন্মুখত এক গুৰুতৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই কৰ্কট ৰোগক বিশ্বজুৰি এক গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত প্ৰত্যাহ্বান হিচাপে চিহ্নিত কৰি ইয়াৰ প্ৰতিৰোধ, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু সময়মতে চিকিৎসাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে। বিশেষজ্ঞসকলৰ মতে, বাৰ্ধক্য, অস্বাস্থ্যকৰ জীৱনশৈলী, ধূমপান, মেদবহুলতা আৰু পৰিৱেশগত প্ৰভাৱ আদি বিভিন্ন কাৰকে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। সেয়েহে ৰোগ প্ৰতিৰোধৰ লগতে স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰাটোও অত্যন্ত…
Read More
এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহাইৰ ৷ অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহায়ে সোমবাৰে দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙৰ বিৰুদ্ধে মহিলাৰ ৭৫ কেজি কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছ ২০২৬ৰ অভিযান আৰম্ভ কৰে ৷জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙক ৫-০ ত পৰাস্ত কৰে ৷ ইয়াৰ লগতে তেওঁ এছিয়ান গেমছত ভাৰতৰ হৈ আন এটা পদক নিশ্চিত কৰিছে । অৱশ্যে স্বৰ্ণ পদকৰ ওপৰতে লাভলীনাৰ দৃষ্টি থাকিব । লাভলীনাই বিগত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিছিল । ছুঙে প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল যদিও লাভলীনাই শক্তিশালীভাৱে ৰাউণ্ডটো শেষ কৰে আৰু পাঁচোজন বিচাৰকে লাভলীনাৰ পক্ষত সিদ্ধান্ত দিয়ে ।
Read More
আকৌ নেপালত প্ৰকৃতিক দুৰ্যোগ

আকৌ নেপালত প্ৰকৃতিক দুৰ্যোগ

বৃহস্পতিবাৰৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নেপালৰ ভিন্ন প্ৰান্তত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে বিগত ৭২ ঘণ্টাত দেশখনত বৰ্তমানলৈকে প্ৰায় ১৪ জন লোকৰ মৃত্যু হৈছে ।আনহাতে, দেওবাৰে বতৰ বিজ্ঞানীয়ে দেশখনত সতৰ্কতা জাৰি কৰিছে ৷ ইফালে প্ৰশাসনে পুৱা মধ্য নেপালৰ নাৰায়ণী নদীৰ পাৰত বসবাস কৰা সকলো বাসিন্দাৰ বাবে সতৰ্কবাণী জাৰি কৰে ৷ যিহেতু নাৰায়নী নদীৰ জলস্তৰ প্ৰায় ৯ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছে ৷ইফালে বৰ্তমানো দেশখনৰ ভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ কাৰ্য চলোৱাত ব্যাঘাত হৈছে বুলি জানিবলৈ দিছে প্ৰশাসনে ৷ একেদৰে বাগলুং জিলাৰ নিশিখোলা গাঁৱত দেওবাৰে পুৱা সংঘটিত ভূমিস্খলনত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি স্থানীয়…
Read More
ব্ৰহ্মপুত্ৰৰ বুকুৰে বাংলাদেশলৈ মিথানল সৰবৰাহৰ প্ৰস্তুতি অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ

ব্ৰহ্মপুত্ৰৰ বুকুৰে বাংলাদেশলৈ মিথানল সৰবৰাহৰ প্ৰস্তুতি অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ

অসমৰ ডিব্ৰুগড়ৰ পৰা মালবাহী জাহাজে ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে চুবুৰীয়া বাংলাদেশলৈ মিথানল সৰবৰাহ কৰিবলৈ সাজু হৈছে বুলি এগৰাকী বিষয়াই জনায় । অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই দাবী কৰে যে ইয়াৰ দ্বাৰা স্বাধীনতাৰ পিছত পূবৰ চহৰৰ পৰা জলপথেৰে ৰপ্তানি পথ পুনৰাম্ভ হ’ব ।ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দুখন জাহাজ অসম পেট্ৰ’-কেমিকেলছ লিমিটেডে বাংলাদেশলৈ মিথানল ৰপ্তানি কৰিবলৈ লিজত লৈছে । মিথানল আৰু ফৰ্মেলিন উৎপাদন কৰা ৰাজ্য চৰকাৰৰ অসম পেট্ৰ’-কেমিকেলছ লিমিটেড, পূব অসমৰ তৈলক্ষেত্ৰত থকা প্ৰাকৃতিক গেছৰ বিশাল মজুত ব্যৱহাৰৰ বাবে গঠন কৰা হৈছিল ।শনিবাৰে ছ’চিয়েল মিডিয়া পোষ্টত এইদৰে কয়, ‘‘আন এটা সপোন বাস্তৱায়নৰ বাটত । ইংৰাজ গুচি যোৱাৰ পিছৰে পৰা স্বাধীন…
Read More
তিনি মহলীয়া অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ১১ জন আহত

তিনি মহলীয়া অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ১১ জন আহত

হাৰিয়ানাৰ আম্বালাৰ ধুলকোটত নিৰ্মাণৰত তিনি মহলীয়া বিল্ডিং ভাঙি ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক আহত হয় ৷ ধ্বংসাৱশেষৰ তলত এতিয়াও বহু শ্ৰমিকক আৱদ্ধ হৈ আছে ৷ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে জেচিবিৰ সহায়ত ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ লোকক উদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷এজন প্ৰত্যক্ষদৰ্শীয়ে ঘটনাৰ বিশদ বিৱৰণ দি কয়, "তেওঁলোকে প্ৰথমে সকলো দেৱাল ৪ ইঞ্চি ডাঠকৈ নিৰ্মাণ কৰিছিল ৷ ছাদ ঢালি শুকাবলৈ সময় নিদিলে ৷ আজি তৃতীয় মহলাৰ বাবে ছাদ ঢলাৰ সময়তো বিল্ডিঙটো তিতি আছিল, যাৰ ফলত এই বৃহৎ দুৰ্ঘটনাটো সংঘটিত হয় ৷"জানিবলৈ দিয়া অনুসৰি, আহত ১২ জন শ্ৰমিকক ততাতৈয়াকৈ আম্বালা চহৰ অসামৰিক…
Read More
তিনি ৰাজ্যত পুনৰ ছমাহলৈ আফস্পাৰ ম্যাদ বৃদ্ধি

তিনি ৰাজ্যত পুনৰ ছমাহলৈ আফস্পাৰ ম্যাদ বৃদ্ধি

উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্য ক্ৰমে মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (আফস্পা) পুনৰ ছমাহৰ বাবে বৃদ্ধি কৰাৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে । ১ অক্টোবৰৰ পৰা এই ঘোষণা কাৰ্যকৰী হ’ব ৷কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণা । ১ অক্টোবৰৰ পৰা এই নীতি ক্ৰমে মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচলত প্ৰযোজ্য হ’ব ৷মণিপুৰত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ মাজতে এই নিৰ্দেশনা কাৰ্যকৰী কৰা হৈছে, যিয়ে নিৰাপত্তা আৰু প্ৰশাসনৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে । ৰাজ্যখনৰ অধিকাংশ ঠাইতে কেন্দ্ৰই আফস্পা প্ৰযোজ্য কৰাৰ ইংগিত দিছে ৷ ৰাজ্যখনলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ প্ৰচেষ্টা চলোৱাৰ পিছতো নিৰাপত্তাজনিত উদ্বেগ চিন্তাৰ বিষয় হৈয়ে আছে ।
Read More