উত্তৰ-পূৱ

বিধানসভাত সাদাসিধা নীতিৰ আৰম্ভণি; হোটেলৰ মিঠাই নিষিদ্ধ, ভি আই পি কনভয় ত্যাগ অধ্যক্ষৰ

বিধানসভাত সাদাসিধা নীতিৰ আৰম্ভণি; হোটেলৰ মিঠাই নিষিদ্ধ, ভি আই পি কনভয় ত্যাগ অধ্যক্ষৰ

ৰাজ্য চৰকাৰৰ মিতব্যয়ী নীতিৰ সৈতে সংগতি ৰাখি অসম বিধানসভাতো এতিয়া গ্ৰহণ কৰা হৈছে এক অভূতপূৰ্ব বিত্তীয় অনুশাসনৰ সিদ্ধান্ত। সদনৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই অপ্ৰয়োজনীয় ব্যয় হ্ৰাস কৰাৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰে ৰণজিৎ কুমাৰ দাসে। এতিয়াৰে পৰা বিধানসভাৰ কোনো কাৰ্যসূচীতে বিলাসী হোটেলৰ ব্যয়বহুল খাদ্য পৰিৱেশন কৰা নহ’ব। ইয়াৰ পৰিৱৰ্তে থলুৱা আৰু অসমীয়া পৰম্পৰাগত খাদ্যকহে বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ’ব বুলি জানিব পৰা গৈছে। নতুন নিয়মানুসাৰে, বিধানসভাৰ অতিথি বা বিধায়কসকলৰ খাদ্যৰ প্লেটত বিলাসী হোটেলৰ দামী খাদ্যৰ সলনি স্থান পাব মাথোঁ এখন অসমীয়া পিঠা আৰু এখন নিমকিয়ে। কেৱল সিমানেই নহয়, সৌজন্যমূলক চাহমেলৰ মেন্যুৰ পৰাও চৰ্বিযুক্ত বা দামী খাদ্যসমূহ সম্পূৰ্ণভাৱে বাদ দিয়া…
Read More
অসম আৰু বংগত চলা অমৃত ভাৰত এক্সপ্ৰেছৰ নতুন মাইলফলক; ৰাজহ সংগ্ৰহত এনএফ ৰে’লৱেৰ ৰেকৰ্ড

অসম আৰু বংগত চলা অমৃত ভাৰত এক্সপ্ৰেছৰ নতুন মাইলফলক; ৰাজহ সংগ্ৰহত এনএফ ৰে’লৱেৰ ৰেকৰ্ড

উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থালৈ অহা বৈপ্লৱিক পৰিৱৰ্তনৰ মাজতে এতিয়া দেশৰ ৰে’ল খণ্ডত সফলতাৰ এক নতুন অধ্যায় সূচনা কৰিছে অমৃত ভাৰত এক্সপ্ৰেছে। অসম আৰু পশ্চিমবংগৰ বিভিন্ন প্ৰান্তৰ পৰা চলাচল কৰা এই অত্যাধুনিক তথা যাত্ৰীবান্ধৱ ৰে’লসেৱাই শেহতীয়া মাহবোৰত ১.৭৮ লাখতকৈও অধিক যাত্ৰী কঢ়িয়াই ২৩ কোটি টকাতকৈও অধিক ৰাজহ সংগ্ৰহ কৰা বুলি বুধবাৰে সদৰী কৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে প্ৰাধিকৰণে। সুলভ মূল্য আৰু আৰামদায়ক যাত্ৰাৰ বাবেই দেশজুৰি এই বিশেষ ৰে’লসেৱাই সৰ্বসাধাৰণৰ মাজত অভূতপূৰ্ব সঁহাৰি লাভ কৰা বুলি স্পষ্ট কৰে ৰে’ল বিভাগে এই সফল পৰিসংখ্যা সন্দৰ্ভত এক বিশেষ বিবৃত্তি দাঙি ধৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিলঞ্জল কিশোৰ শৰ্মাই। চলিত ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা…
Read More
ভাৰ্চুৱেল শুনানিক অগ্ৰাধিকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ; সপ্তাহত দুদিন চলিব অনলাইন কাৰ্যসূচী

ভাৰ্চুৱেল শুনানিক অগ্ৰাধিকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ; সপ্তাহত দুদিন চলিব অনলাইন কাৰ্যসূচী

কেন্দ্ৰীয় চৰকাৰৰ শক্তি সংৰক্ষণ তথা ইন্ধন ৰাহি কৰাৰ নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আদালতসমূহত ইন্ধনৰ অপচয় ৰোধ আৰু শাৰীৰিক অহা-যোৱা হ্ৰাস কৰাৰ উদ্দেশ্যে এক এমহীয়া বিশেষ নীতি-নিৰ্দেশনা তথা কাৰ্যসূচী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। এই নতুন এছঅ’পি অনুসৰি এতিয়াৰে পৰা প্ৰতি সোমবাৰ আৰু শুকুৰবাৰে আদালতৰ সকলো শুনানি কেৱল ভিডিঅ’ কনফাৰেন্সিং অৰ্থাৎ ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে সম্পন্ন হ’ব। অহা ২৫ মে’ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই বিশেষ ব্যৱস্থাটো অহা ২৬ জুন পৰ্যন্ত বাহাল থাকিব আৰু ইয়াৰ পিছতে সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰ পৰ্যালোচনা কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। এছঅ’পিৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে ইয়াৰ অধীনস্থ বহিঃৰাজ্যৰ বিচাৰপীঠসমূহত সোমবাৰ…
Read More
অবৈধ গো-ব্যৱসাৰ বিৰুদ্ধে অভিযান তীব্ৰ; শতাধিক অভিযানত ৮৫৬ জন গ্ৰেপ্তাৰ, বহু গো-মাংস উদ্ধাৰ

অবৈধ গো-ব্যৱসাৰ বিৰুদ্ধে অভিযান তীব্ৰ; শতাধিক অভিযানত ৮৫৬ জন গ্ৰেপ্তাৰ, বহু গো-মাংস উদ্ধাৰ

ৰাজ্যজুৰি অব্যাহত থকা অবৈধ গৰু সৰবৰাহ আৰু চোৰাং কাৰবাৰৰ বিৰুদ্ধে এতিয়া অধিক তীব্ৰতৰ কৰি তোলা হৈছে আৰক্ষীৰ বিশেষ অভিযান। এই পৰ্যন্ত সমগ্ৰ অসমত চলোৱা ইনফৰ্চমেণ্ট অপাৰেচনৰ অধীনত ৮৫৬ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ২,৯৮০ কিলোগ্ৰামতকৈও অধিক গো-মাংস জব্দ কৰা হৈছে। বৃহস্পতিবাৰে এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অবৈধ পশুধনৰ ব্যৱসায় আৰু চোৰাং নেটৱৰ্কৰ বিৰুদ্ধে চৰকাৰে এক 'জিৰো টলাৰেন্স' অৰ্থাৎ শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীল নীতি অৱলম্বন কৰিছে আৰু এই অবৈধ কাৰবাৰ সম্পূৰ্ণৰূপে স্তব্ধ নোহোৱা পৰ্যন্ত আমাৰ এই কঠোৰ অভিযান নিৰন্তৰভাৱে চলি থাকিব।" ৰাজ্যজুৰি সক্ৰিয়…
Read More
বিধানসভাত অতীতৰ ইতিহাস সোঁৱৰাই অসমীয়াৰ স্বকীয়তা সুৰক্ষাৰ দাবী প্ৰদ্যুৎ বৰদলৈৰ

বিধানসভাত অতীতৰ ইতিহাস সোঁৱৰাই অসমীয়াৰ স্বকীয়তা সুৰক্ষাৰ দাবী প্ৰদ্যুৎ বৰদলৈৰ

১৬ সংখ্যক অসম বিধানসভাৰ উদ্বোধনী অধিৱেশনৰ মজিয়াত এতিয়া উত্থাপিত হৈছে ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ পৰিচয়, স্বকীয়তা আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ প্ৰসংগ। নতুন চৰকাৰ গঠনৰ পিছত অনুষ্ঠিত সদনৰ এই প্ৰথমটো দিনাৰ কাৰ্যসূচীতে অসমীয়া স্বাভিমান ৰক্ষাৰ সংকল্প দোহাৰে বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। ৰাজ্যত বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে লাভ কৰা বিপুল জনমতৰ কথা উল্লেখ কৰি তেওঁ কয় যে খিলঞ্জীয়া সমাজৰ স্বাৰ্থ আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ দায়িত্ব বৰ্তমান চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। ব্ৰিটিছ শাসনকালত অসমীয়াৰ পৰিচয় নিঃশেষ কৰাৰ সুপৰিকল্পিত ষড়যন্ত্ৰ চলোৱা হৈছিল বুলি দাবী কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে ভাৰতৰ স্বাধীনতাৰ পূৰ্বে অসমক পূব পাকিস্তানৰ সৈতে চামিল কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। কিন্তু সেই…
Read More
নতুন কৈ গঠন এটা দলৰ

নতুন কৈ গঠন এটা দলৰ

দেশজুৰি ট্ৰণ্ডিঙত এটা শব্দ Cockroash janata party যিয়ে প্ৰত্যাহবান আনিছে শাসকীয় বিজেপিলৈ। বিজেপিৰ সমৰ্থকত কৈ এতিয়া অধিক COCKROASH জনতা পাৰ্টীৰ সমৰ্থক। কিন্তু কোনে কিয় কি উদ্দেশ্যে গঠন কৰিলে এই ডিজিটেল পাৰ্টিটোদেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে নিবনুৱা যুৱ প্ৰজন্মক উদেশ্য কৰিছিল বিৰ্তকিত মন্তব্য। পইতাঁচোৰাৰ লগত তুলনা কৰিছিল দেশৰ নিবনুৱা সকলক।এই মন্তব্যই দেশৰ নিবনুৱা সকলৰ মাজত লগাইছিল তোলপাৰ।দেশত কোনোধৰণৰ কাম নোপোৱা কেতবোৰ নিবনুৱা পইতাচোৰাৰ দৰে। তেওঁলোকে ক'তো কাম বিচাৰি নাপাই মিডিয়া,সামাজিক মাধ্যম কৰ্মী বা আৰটিআই কৰ্মী হৈ সকলোকে প্ৰশ্ন কৰিবলৈ লাগি যায় ।ন্যায়াধীশ গৰাকীৰ এই মন্তব্যৰ পিছতেই দেশত আৰম্ভ হয় এক সুপ্ত আন্দোনল।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব'ষ্টন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লোৱা অভিজিৎ দীপকে…
Read More
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক নৰেন্দ্ৰ মোদীয়ে উপহাৰ দিলে মুগা সূতাৰ চাদৰ

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক নৰেন্দ্ৰ মোদীয়ে উপহাৰ দিলে মুগা সূতাৰ চাদৰ

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক নৰেন্দ্ৰ মোদীয়ে উপহাৰ দিলে মুগা সূতাৰ চাদৰ । এই উপহাৰে অসমৰ বিখ্যাত মুগা ৰেচম পৰম্পৰাক উজ্জ্বল কৰি তুলিছে ৷ বিজেপিয়ে সততেই দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক বুকুত কঢ়িয়াই লৈ ফুৰে ৷ এতিয়া জৰ্জিয়া মেল’নিক মুগাৰ চাদৰ উপহাৰ দিয়া কাৰ্যই সেই দাবীক অধিক শক্তিশালী কৰি তুলিছে ৷ লগতে মোদীয়ে পাৰ্লে কোম্পানীয়ে নিৰ্মাণ কৰা ‘মেল’ডী’ ট্ৰফীৰ এটা পেকেটো উপহাৰ দিয়ে মেল’নিক ৷
Read More
ভাৰতলৈ আহিব আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই

ভাৰতলৈ আহিব আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই

ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক চুক্তি এতিয়াও চূড়ান্ত হোৱা নাই । দুয়োখন দেশে বিভিন্ন মাধ্যমৰ জৰিয়তে এই ঐতিহাসিক চুক্তিক লৈ আলোচনা অব্যাহত ৰাখিছে । তাৰ মাজতে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ই ২৩ মে'ত ৪ দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব । বাণিজ্য, প্ৰতিৰক্ষা আৰু শক্তি বা ইন্ধনৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ লক্ষ্যৰে বৈদেশিক সচিবগৰাকীয়ে ভাৰত ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমেৰিকাৰ বৈদেশিক সচিবগৰাকীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ হ'ব । এই ভ্ৰমণৰ সময়ত তেওঁ ভাৰতৰ কেইবাখনো চহৰলৈ যাব । তাৰ ভিতৰত কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লী অন্তৰ্ভুক্ত আছে ।
Read More
কঠালৰ মুচিৰ স্বাস্থ্যগত উপকাৰিতা

কঠালৰ মুচিৰ স্বাস্থ্যগত উপকাৰিতা

কঠালৰ মুচি বা কেঁচা কঠাল পুষ্টিগুণেৰে ভৰপূৰ এক উৎকৃষ্ট খাদ্য। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন (A, C), পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে হজমশক্তি বঢ়োৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বিশেষভাৱে সহায় কৰে।কঠালৰ মুচিৰ স্বাস্থ্যগত উপকাৰিতা….. হজমশক্তি বৃদ্ধি: মুচিত থকা উচ্চ পৰিমাণৰ আঁহে কোষ্ঠকাঠিন্য দূৰ কৰে আৰু পাচন তন্ত্ৰ শক্তিশালী কৰি তোলে।ওজন নিয়ন্ত্ৰণ: ইয়াত কম কেলৰি থাকে আৰু আঁহ বেছি থকাৰ বাবে সোনকালে পেট ভৰা অনুভৱ হয়, যিয়ে ওজন কম কৰাত সহায় কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা: এণ্টিঅক্সিডেণ্টৰ অন্যতম উৎস হোৱাৰ বাবে ই শৰীৰৰ ক্ষতিকাৰক কোষবোৰক প্ৰতিৰোধ কৰি কৰ্কট ৰোগৰ সম্ভাৱনা কম কৰে।হাড়ৰ স্বাস্থ্য ৰক্ষা: মুচিত থকা মেগনেছিয়াম আৰু কেলচিয়ামে হাড়…
Read More
দিল্লীবাসীক জ্বলাইছে গৰম, তাপমাত্ৰা ৪৬ ডিগ্ৰীলৈ বৃদ্ধি পোৱাৰ আশংকা

দিল্লীবাসীক জ্বলাইছে গৰম, তাপমাত্ৰা ৪৬ ডিগ্ৰীলৈ বৃদ্ধি পোৱাৰ আশংকা

সমগ্ৰ উত্তৰ ভাৰতজুৰি অব্যাহত থকা ভয়াৱহ গ্ৰীষ্মপ্ৰবাহে এতিয়া বিপৰ্যস্ত কৰি তুলিছে সাধাৰণ জনজীৱন। প্ৰচণ্ড গৰমৰ এই সংকটপূৰ্ণ প্ৰেক্ষাপটৰ মাজতে দেশৰ ৰাজধানী দিল্লীত বৃহস্পতিবাৰে তীব্ৰ গ্ৰীষ্মপ্ৰবাহে সাধাৰণ জনজীৱন ব্যাহত কৰি তোলে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজি পুৱা চহৰখনৰ সৰ্বনিম্ন উষ্ণতা স্বাভাৱিকতকৈ ৫.২ ডিগ্ৰী অধিক হৈ ৩১.৯ ডিগ্ৰী চেলচিয়াছত স্থিত হয়। সমগ্ৰ দিনটো অঞ্চলটোত তীব্ৰ হিটৱেভ বলাৰ আশংকাই দেখা দিয়াৰ লগতে সৰ্বোচ্চ উষ্ণতা ৪৬ ডিগ্ৰী চেলচিয়াছত উপনীত হ’ব বুলি সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। উত্তৰ ভাৰতৰ সামগ্ৰিক গ্ৰীষ্মপ্ৰবাহৰ প্ৰসংগ উল্লেখ কৰি বতৰ বিজ্ঞান বিভাগে এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰে। সমগ্ৰ উত্তৰ ভাৰত বৰ্তমান ভয়াৱহ গ্ৰীষ্মপ্ৰবাহৰ কবলত পৰা বুলি উল্লেখ…
Read More