উত্তৰ-পূৱ

পশ্চিমবংগলৈ যাব খোজা দুই অনুপ্ৰৱেশকাৰীক আটক কৰে সীমান্ত আৰক্ষীয়ে

পশ্চিমবংগলৈ যাব খোজা দুই অনুপ্ৰৱেশকাৰীক আটক কৰে সীমান্ত আৰক্ষীয়ে

ঢাকাৰ পৰা চিলেট হৈ মেঘালয়ৰ ডাউকীৰে ভাৰতত প্ৰৱেশ কৰি পশ্চিমবংগলৈ যাবলৈ পৰিকল্পনা কৰা দুই অবৈধ বাংলাদেশী আটক । চলিত মাহত অবৈধভাৱে প্ৰৱেশ কৰা ৩১ গৰাকী অবৈধ বাংলাদেশী নাগৰিকক অসম আৰক্ষীৰ সীমান্ত শাখাই আটক কৰিবলৈ সক্ষম হৈছে ।অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম আৰক্ষী সদা সষ্টম ।আৰক্ষীৰ জেৰাত পোহৰলৈ অহা তথ্য অনুসৰি, দুয়োগৰাকী বাংলাদেশী নাগৰিকে ঢাকাৰ পৰা চিলেটলৈ আহি মেঘালয়ৰ ডাউকী হৈ ভাৰতত প্ৰৱেশ কৰিছিল । তাৰপিছত গাড়ীৰে গুৱাহাটীলৈ আহি ৰে’লযোগে পশ্চিমবংগলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ।আটকাধীন মহিলা দুগৰাকীৰ পৰা দুখন ভুৱা আধাৰকাৰ্ড জব্দ কৰা হৈছে । পশ্চিমবংগৰ ঠিকনা উল্লেখ থকা আধাৰ কাৰ্ড দুখন বাংলাদেশৰ ঢাকাৰ এগৰাকী দালালে যোগান ধৰিছিল বুলি আৰক্ষীৰ জেৰাত মহিলা দুগৰাকীয়ে…
Read More
১২ ঘণ্টাৰ বাবে পেৰ’লত আহি কম্বোডিয়ান প্ৰেয়সীক জীৱন সংগী কৰিলে হাৰিয়ানাৰ গেংষ্টাৰে

১২ ঘণ্টাৰ বাবে পেৰ’লত আহি কম্বোডিয়ান প্ৰেয়সীক জীৱন সংগী কৰিলে হাৰিয়ানাৰ গেংষ্টাৰে

কাৰাগাৰত বন্দী হৈ থকা এজন গেংষ্টাৰে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবৰ বাবে ১২ ঘণ্টাৰ বাবে পেৰ'লত মুকলি হৈ আহি সম্পন্ন কৰা এখন ৰাজকীয় বিয়াৰ কাহিনী ।নাম হৈছে মইনপাল ধিল্লা । তেওঁ এগৰাকী কম্বোডিয়ান প্ৰেয়সীৰ প্ৰেমত হাবুডাবু খাই আছিল । অৱশেষত সিদ্ধান্ত লয় দুখন হৃদয়ৰ মিলন, সামাজিক স্বীকৃতি আৰু জীৱনৰ পৰৱৰ্তী সময় হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ ।অৱশেষত ভাৰতীয় জোঁৱাই আৰু কম্বোডিয়ান বোৱাৰীয়ে সংসাৰ গঢ়িবৰ বাবে কাৰাগাৰৰ পৰা এটা দিনৰ বাবে ওলাই অহাৰ সুযোগ লাভ কৰে ধিল্লায়ে ।কাৰাগাৰৰ বাহিৰত তেওঁ আছিল মাত্ৰ ১২ ঘণ্টা সময় । প্ৰেমিক ধিল্লাই মেটা চান নামৰ কম্বোডিয়ান প্ৰেয়সীৰ সৈতে নিজৰ জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিবৰ বাবে…
Read More
২ অক্টোবৰত ‘No UPI Day’

২ অক্টোবৰত ‘No UPI Day’

২ অক্টোবৰত ‘No UPI Day’। ক’লা কাপোৰেৰে QR ক’ড ঢাকি প্ৰতিবাদ ব্যৱসায়ীৰ দিল্লীৰ ব্যৱসায়ীসকলৰ এটা সংগঠনে ২ অক্টোবৰত ‘No UPI Day’ পালন কৰাৰ প্ৰস্তুতি চলাইছে।কেন্দ্ৰীয় চৰকাৰ আৰু নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া (NPCI)ৰ নতুন সিদ্ধান্ত অনুসৰি ২০২৬ চনৰ ১৫ অক্টোবৰৰ পৰা ২,০০০ টকাতকৈ অধিক UPI লেনদেনৰ ওপৰত ০.৪ শতাংশ ‘মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট’ আৰোপ কৰা হ’ব।এই সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি ব্যৱসায়ীসকলৰ মাজত তীব্ৰ অসন্তোষে দেখা দিছে।ইয়াৰ প্ৰতিবাদত ২ অক্টোবৰ (গান্ধী জয়ন্তী) দিনটোত ‘No UPI Day’ পালন কৰাৰ সিদ্ধান্ত লৈছে ব্যৱসায়ীসকলৰ সংগঠনে। ‘চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী’ (CTI) আৰু ‘মহাৰাষ্ট্ৰ চেম্বাৰ অৱ কমাৰ্চ’ (MACCIA) সহ দেশৰ কেইবাটাও প্ৰধান ব্যৱসায়ী সংগঠনে এই প্ৰতিবাদৰ নেতৃত্ব…
Read More
দুৰ্গা পূজাত বেছিকৈ পাব অৰুণোদয়ৰ ধন

দুৰ্গা পূজাত বেছিকৈ পাব অৰুণোদয়ৰ ধন

দুর্গা পূজাৰ উপহাৰ হিচাপে অৰুণোদয়ৰ হিতাধিকাৰীসকলক তেওঁলোকে প্রতিমাহে নিয়মীয়াকৈ লাভ কৰি অহা ১,২৫০ টকাৰ পৰিৱৰ্তে অহা অক্টোবৰ মাহত ১,৫০০ টকাকে প্রদান কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্রহণ কৰে ।ৰাজ্যিক কেবিনেটে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক প্রতি কিলোগ্রামত ৩০ টকা হাৰত ৰাজসাহায্যযুক্ত চেনি যোগান ধৰাৰ সিদ্ধান্ত গ্রহণ কৰে । ইয়াৰ ফলত অহা অক্টোবৰ মাহত হিতাধিকাৰীসকলে এক কেজিকে মচুৰ দাইল আৰু চেনি ১০০ টকাতে লাভ কৰিব ।বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয় । উক্ত কেবিনেট বৈঠকত অৰুণোদয়, 'অসম মুছলিম বিবাহ পঞ্জীয়ন (বাধ্যতামূলক) বিধি, ২০২৬' কে আদি কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…
Read More
ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল দলং নিৰ্মাণ কৰা হ’ব

ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল দলং নিৰ্মাণ কৰা হ’ব

ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল দলং নিৰ্মাণ কৰা হ’ব ৷ ইতিমধ্যে সকলোৰে জ্ঞাত এই খবৰে বহু সম্ভাৱনা কঢ়িয়াই আনিছে ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেই ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল দলং নিৰ্মাণৰ কাম হাতত লৈছে ৷তাৰোপৰি আজ্ঞাঠুৰি আৰু কামাখ্যা ষ্টেচনৰ মাজত দ্বৈত ৰে’লপথ স্থাপন কৰাটোও এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই প্ৰকল্প অসমৰ পৰিবহণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব ।উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয়, ‘‘বৰ্তমানৰ শৰাইঘাট দলঙৰ কাম ১৯৬২ চনৰ ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ হৈছিল ৷ ১৯৬২ চনৰ ২৩ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে এটা ৰে’ল ইঞ্জিনে দলংখন অতিক্ৰম কৰিছিল ।’’তেওঁ লগতে কয়, ‘‘ছয় দশকৰো অধিক…
Read More
সামাজিক মাধ্যমত পুনৰ আন এক পোষ্ট সীমান্ত শেখৰৰ

সামাজিক মাধ্যমত পুনৰ আন এক পোষ্ট সীমান্ত শেখৰৰ

বিজেপি দল ত্যাগৰ পোষ্টৰ পাছতে, সামাজিক মাধ্যমত পুনৰ আন এক পোষ্ট কৰিছে সীমান্ত শেখৰে। সামাজিক মাধ্যমত শিল্পীগৰাকীয়ে তেওঁ বিজেপি এৰাৰ সিদ্ধান্তৰ আঁৰৰ কাৰণ স্পষ্ট কৰি দিয়ে।কোনো পদ, পৰিচয় বা ৰাজনৈতিক পৰিচয়ৰ ওপৰত নহয়; কেৱল এজন অসমীয়া হিচাপে, যাৰ হৃদয় আৰু তেজত অসম আছে।সকলোকে বিনম্ৰ অনুৰোধ, মোৰ ৰাজনীতি এৰাৰ সিদ্ধান্তক লৈ কোনো ধৰণৰ কাহিনী, জল্পনা-কল্পনা বা নিজৰ মতে তত্ত্ব সৃষ্টি কৰি বিশ্বাস নকৰিব। BJP-ত থকা মোৰ সময়ছোৱাত দলৰ প্ৰতিগৰাকী সতীৰ্থ, নেতা-কৰ্মী আৰু শুভাকাংক্ষীৰ পৰা যি মৰম, সন্মান আৰু সহায়-সহযোগিতা লাভ কৰিলোঁ, সেই সকলোবোৰ মই সদায় কৃতজ্ঞতাৰে মনত ৰাখিম।মই কেৱল নিজৰ জীৱনটো আকৌ নিজৰ মতে জীয়াই থাকিব বিচাৰিছোঁ। মই ৰাজনীতি এৰিছোঁ, কেৱল…
Read More
২ অক্টোবৰৰ পৰা নতুন পৰ্যটন ঋতুৰ বাবে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰৰ পৰা নতুন পৰ্যটন ঋতুৰ বাবে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

সুদীৰ্ঘ দিন বন্ধ হৈ থকাৰ পাছত অহা ২ অক্টোবৰৰ পৰা ২০২৬-২৭ বৰ্ষৰ নতুন পৰ্যটন ঋতুৰ বাবে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য স্থান মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল।বাৰিষাৰ বাবে নিয়মীয়াকৈ বন্ধ ৰখাৰ পাছত এই পুনৰ মুকলিৰ লগে লগে সমগ্ৰ উদ্যানখনতে বনৰীয়া হাতী চফাৰী, জীপ চফাৰী আৰু অন্যান্য পৰ্যটন কাৰ্যকলাপ পৰ্যায়ক্ৰমে আৰম্ভ হ’ব।মানস ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়টো মূল প্ৰৱেশদ্বাৰত আনুষ্ঠানিকভাবে উদ্যানখনৰ দ্বাৰ মুকলি কৰা হ’ব। এই উপলক্ষে পৰ্যটকসকলক আদৰিবলৈ বন বিভাগৰ লগতে স্থানীয় পৰ্যটন ব্যৱসায় কৰ্মীসকলেও ব্যাপক প্ৰস্তুতি চলাইছে।
Read More
মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

কামৰূপত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিজ-গন্ধমৌত লালচান্দ আলী নামৰ এজন লোকৰ ঘৰত শুৱালকুছি আৰক্ষীৰ অভিযান। এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১০জন লোক।এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১০জন লোক।লোককেইজনক অসমৰ বিভিন্ন প্রান্তৰ পৰা আনি আৱদ্ধ কৰি ৰাখিছিল।এজেণ্টৰ জৰিয়তে লালচান্দ আলীয়ে আনিছিল লোককেইজনক।
Read More
৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

ৰাজ্যখনৰ মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু সুলভ কৰি তুলিবলৈ তামিলনাডু চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।অহা ২ অক্টোবৰৰ পৰা সমগ্ৰ তামিলনাডুত মহিলা আৰু লিংগপ্ৰাৰ্থী (ট্রান্সজেণ্ডাৰ) সকলৰ বাবে এক বিশেষ বিনামূলীয়া বাছ যাত্ৰাৰ সম্প্ৰসাৰিত প্ৰকল্প আৰম্ভ হ’বলৈ গৈ আছে, যাৰ নাম দিয়া হৈছে ‘ভেট্ৰি পয়ণম’ (Vettri Payanam)। প্ৰতি বছৰে ২ অক্টোবৰত সমগ্ৰ দেশজুৰি পালন কৰা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। এই বিশেষ দিনটোত তামিলনাডু চৰকাৰে ৰাজ্যখনৰ মহিলাসকলৰ বাবে এক ডাঙৰ উপহাৰ ঘোষণা কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী চি. জোচেফ বিজয়ৰ নেতৃত্বাধীন চৰকাৰে মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল, সুলভ আৰু সুৰক্ষিত কৰি তোলাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। ৰাজ্যখনৰ মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক…
Read More
অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক

অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক

ভাৰত-বাংলাদেশ সীমান্তৰে অসমত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ২২ টা বাংলাদেশীক মঙলবাৰে অসম আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ অসম আৰক্ষীয়ে লগতে মানকাচৰৰ পৰা ৬ টা অনুপ্ৰৱেশকাৰী আটক কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই কথা নিশ্চিত কৰিছে ৷সামাজিক মাধ্যম এক্সত মঙলবাৰে নিশা কৰা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক কৰিছে ।"
Read More