সামাজিক মাধ্যমত পুনৰ আন এক পোষ্ট সীমান্ত শেখৰৰ

বিজেপি দল ত্যাগৰ পোষ্টৰ পাছতে, সামাজিক মাধ্যমত পুনৰ আন এক পোষ্ট কৰিছে সীমান্ত শেখৰে। সামাজিক মাধ্যমত শিল্পীগৰাকীয়ে তেওঁ বিজেপি এৰাৰ সিদ্ধান্তৰ আঁৰৰ কাৰণ স্পষ্ট কৰি দিয়ে।কোনো পদ, পৰিচয় বা ৰাজনৈতিক পৰিচয়ৰ ওপৰত নহয়; কেৱল এজন অসমীয়া হিচাপে, যাৰ হৃদয় আৰু তেজত অসম আছে।সকলোকে বিনম্ৰ অনুৰোধ, মোৰ ৰাজনীতি এৰাৰ সিদ্ধান্তক লৈ কোনো ধৰণৰ কাহিনী, জল্পনা-কল্পনা বা নিজৰ মতে তত্ত্ব সৃষ্টি কৰি বিশ্বাস নকৰিব। BJP-ত থকা মোৰ সময়ছোৱাত দলৰ প্ৰতিগৰাকী সতীৰ্থ, নেতা-কৰ্মী আৰু শুভাকাংক্ষীৰ পৰা যি মৰম, সন্মান আৰু সহায়-সহযোগিতা লাভ কৰিলোঁ, সেই সকলোবোৰ মই সদায় কৃতজ্ঞতাৰে মনত ৰাখিম।মই কেৱল নিজৰ জীৱনটো আকৌ নিজৰ মতে জীয়াই থাকিব বিচাৰিছোঁ। মই ৰাজনীতি এৰিছোঁ, কেৱল মোৰ সংগীতৰ বাবে—ইয়াৰ বাহিৰে আন একো নহয়।
মোৰ ইচ্ছা—জীৱনৰ বাকী সময়খিনি এজন সাধাৰণ, অ-ৰাজনৈতিক মানুহ হিচাপে কটাম। কোনো পদ, পৰিচয় বা ৰাজনৈতিক পৰিচয়ৰ ওপৰত নহয়; কেৱল এজন অসমীয়া হিচাপে, যাৰ হৃদয় আৰু তেজত অসম আছে।
আৰু এতিয়া মই ঘূৰি যাব বিচাৰিছোঁ মোৰ প্ৰথম প্ৰেমলৈ-মোৰ সংগীতলৈ। সংগীতেই মোৰ প্ৰথম পৰিচয়, সংগীতেই মোৰ আত্মাৰ আটাইতকৈ ওচৰৰ বস্তু।
মই কোনো পক্ষৰ বিৰুদ্ধে নহয়। মই কেৱল এতিয়াৰ পৰা নিজৰ পক্ষত থাকিব বিচাৰিছোঁ।
এজন সাধাৰণ অসমীয়া হিচাপে, শেষ নিশ্বাসলৈকে অসমীয়া হৈ থাকিব বিচাৰিছোঁ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *