উত্তৰ-পূৱ

মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড

মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড

ইণ্ডোনেছিয়াৰ মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাত এই পৰ্যন্ত ৫ জন লোকৰ কৰুণ মৃত্যু ঘটিছে আৰু ৪১ জন যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে আঞ্চলিক উদ্ধাৰকাৰী দলে ব্যাপক ৰূপত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।তথ্য অনুসৰি, ফেৰীখনত কৰ্মচাৰীসহ মুঠ ২৭১ জন যাত্ৰী আছিল। অগ্নিকাণ্ডৰ পাছতে চলোৱা ক্ষিপ্ৰ অভিযানৰ জৰিয়তে এই পৰ্যন্ত ২২৫ জন যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলসমূহে। লগতে সন্ধানহীন হৈ থকা ৪১ জন যাত্ৰীৰ সন্ধানত সাগৰত উদ্ধাৰকাৰী নাও আৰু হেলিকপ্টাৰৰ সহায়ত নিৰৱচ্ছিন্ন অভিযান চলাই থকা হৈছে।
Read More
বানপীড়িতৰ কাষত দীপলিনা ডেকা

বানপীড়িতৰ কাষত দীপলিনা ডেকা

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ‘দীপলিনা ডেকা ফাউণ্ডেশ্বন’ৰ তৰফৰ পৰা এক বিশেষ যোগাত্মক পদক্ষেপ গ্ৰহণ কৰা হৈছে । চলিত বানপানীৰ ফলত সৰ্বস্ব হেৰুওৱা ১০০ টা দুৰ্ভগীয়া পৰিয়ালৰ বাবে ফাউণ্ডেশ্বনে ১০০ টা নতুন ঘৰ নিৰ্মাণ কৰি দিবলৈ সিদ্ধান্ত লৈছে ।এই বৃহৎ আৰু মহান কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰিবলৈ ফাউণ্ডেশ্বনে জনসাধাৰণৰ সহায়-সহযোগিতা আৰু দান-বৰঙণি বিচাৰিছে । আপোনাৰ এক ক্ষুদ্ৰ সহায়েও বিপদে গৰকা এটা পৰিয়ালক নতুন জীৱন দিব পাৰে ।পানী কমিছে যদিও বানপীড়িত লোকসকল এতিয়া অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ সংকটত ভুগিছে । বানাক্ৰান্ত লোকসকলক সহায় কৰিবলৈ দল-সংগঠন, সাংবাদিক, সমাজকৰ্মী আৰু অসমৰ লগতে বহিঃৰাজ্যৰ বহু লোক আগবাঢ়ি আহিছে । জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকায়ো বানাক্ৰান্ত অঞ্চল ভ্ৰমণ…
Read More
স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে’ই ইতিহাস ৰচনা

স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে’ই ইতিহাস ৰচনা

গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে'ই ইতিহাস ৰচনা কৰে ৷ অস্মিতাই শুকুৰবাৰে কানাডাৰ হাইডি কোৱাচক ৰোমাঞ্চকৰ ‘গোল্ডেন স্ক’ৰ’ মেচত পৰাস্ত কৰি মহিলাৰ-৪৮ কেজি শাখাৰ খিতাপ দখল কৰে ৷ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অস্মিতাই কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ ইভা ইউইঙক পৰাস্ত কৰাৰ পিছত ছেমি ফাইনেলত ঘৰুৱা প্ৰতিযোগী সমৰ শ্ব’ক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।
Read More
ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি

ৰাজ্যত বান পৰিস্থিতিৰ কিছু উন্নত হৈছে যদিও বানৰ সংহাৰ অব্যাহত আছে ৷ বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মৃত লোকৰ সংখ্যা বৃদ্ধি পাইয়ে আছে ৷ শুকুৰবাৰে পুনৰ শিৱসাগৰ জিলাৰ নাজিৰাত আৰু চৰাইদেউ জিলাৰ সোণাৰিত বানত মৃত্যু হোৱা ২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি পাইছে ৷ ইফালে শিৱসাগৰ, গোলাঘাট, যোৰহাট, নগাঁও আৰু চৰাইদেউ জিলাৰ ১৭ টা ৰাজহ চক্ৰৰ ৩৭৯ খন গাঁৱৰ ১,৯২,৭৯৯ লাখ লোক বৰ্তমানো বানৰ কৱলত আছে ।ইফালে ১৫,৪৩০ হেক্টৰ কৃষি ভূমি বৰ্তমানো পানীৰ তলত আছে আৰু ১০,৮৫৫ টা পশুধন বানত আক্ৰান্ত হৈছে ।
Read More
স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি কমনৱেলথ গেমছৰ ৰিঙত নামিব অসম কন্যা লাভলীনা

স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি কমনৱেলথ গেমছৰ ৰিঙত নামিব অসম কন্যা লাভলীনা

স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি কমনৱেলথ গেমছৰ ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই। মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত তেওঁ অষ্ট্ৰেলিয়াৰ এমা-ছু গ্ৰীণ্টিৰ মুখা-মুখী হ’ব।ভাৰতীয় সময় অনুসৰি নিশা ১০.১৫ বজাত এই ফাইনেল মেছখন অনুষ্ঠিত হ’ব। ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে ৰূপৰ পদক নিশ্চিত হৈ পৰিল লাভলীনাৰ।
Read More
পুনৰ নীপকোৱে খুলি দিছে তিনিখনকৈ গেট

পুনৰ নীপকোৱে খুলি দিছে তিনিখনকৈ গেট

পুনৰ নীপকোৱে খুলি দিছে তিনিখনকৈ গেট । এৰি দিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেটেৰ পানী । দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে এই গেট তিনিখন খুলি দিয়া হৈছে ।বৃহস্পতিবাৰে পুৱাৰ তথ্য অনুসৰি প্রতি ছেকেণ্ডত ৯৪ হাজাৰ লিটাৰকৈ পানী এৰিছে নীপকোৱে । উল্লেখযোগ্য যে উজনি অসমৰ কেইবাখনো জিলাত ভয়াৱহ বান পৰিস্থিতিৰ মাজতেই নীপকোৱে প্ৰথম অৱস্থাত ৪ খনকৈ গেটেৰে পানী এৰিছিল যদিও পৰৱৰ্তী সময়ত বৰষুণ কমাৰ ফলত বন্ধ কৰিছিল এই গেটসমূহ ।কিন্তু বুধবাৰে অসমৰ লগতে নাগালেণ্ডতো অতিপাত বৰষুণ হোৱাৰ ফলত পুনৰ তিনিখনকৈ গেটেৰে নীপকোৱে পানী এৰি দিয়ে । ইয়াৰ ফলত পুনৰ উজনি অসমত বানৰ আশংকা কৰা হৈছে । কিয়নো নীপকোৱে পানী এৰি…
Read More
ৰাজ্যত আকৌ বানে প্ৰলয় সৃষ্টি কৰাৰ আশংকা

ৰাজ্যত আকৌ বানে প্ৰলয় সৃষ্টি কৰাৰ আশংকা

ৰাজ্যত আকৌ বানে প্ৰলয় সৃষ্টি কৰাৰ আশংকাই দেখা দিছে ৷ শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই এক জাননী জাৰি কৰিছে ৷ ৩০ জুলাইৰ পৰা ১ আগষ্টলৈকে সমগ্ৰ অসমৰ বিভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাজ্য যেনে অৰুণাচল প্ৰদেশৰ পূব ছিয়াং, লোহিত, নামচাই, লংডিং, পাপুম্পাৰে, নামনি সোৱণশিৰি আৰু নামনি দিবাং উপত্যকাত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা হ’ব পাৰে ৷ইয়াৰ প্ৰভাৱ অসমৰ তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাত অধিক মাত্ৰাত পৰিব পাৰে ৷ যাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই তিনিচুকীয়া জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ৷ ইয়াৰ উপৰিও নাগালেণ্ডৰ মন, মোককচাং আৰু ওখা জিলাৰ বাবেও অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৷ ইয়াৰ প্ৰভাৱ চুবুৰীয়া জিলা যেনে চৰাইদেউ, শিৱসাগৰ,…
Read More
আমেৰিকাৰ ঘাটিত ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ

আমেৰিকাৰ ঘাটিত ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ

পশ্চিম এছিয়াত থকা আমেৰিকাৰ সামৰিক ঘাটিত কেইবাটাও বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ৷ আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে (চেণ্টকম) এই আক্ৰমণক ‘আকস্মিক আক্ৰমণৰ চেষ্টা’ বুলি অভিহিত কৰে । এক্সৰ এটা পোষ্টত চেণ্টকমে কয় যে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (আইআৰজিচি) নিক্ষেপ কৰা সকলো প্ৰজেক্টাইল আমেৰিকাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সফলতাৰে নষ্ট কৰে ।পোষ্টটোত উল্লেখ কৰা হয়, "সন্ধিয়া ৫:৪৫ বজাত ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ বাহিনীয়ে মধ্যপ্ৰাচ্যত আমেৰিকাৰ বাহিনীৰ ওপৰত আকস্মিক আক্ৰমণ চলোৱাৰ প্ৰয়াসত ইৰাণৰ পৰা একাধিক বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । ইৰাণৰ সকলো ক্ষেপণাস্ত্ৰ সফলতাৰে নষ্ট কৰা হয় ।"
Read More
অসমৰ বানক লৈ বলীউডত চিন্তা: আলিয়া ভাটৰ সজাগতা, ছলমান খানৰ প্ৰত্যক্ষ সাহায্য ৷

অসমৰ বানক লৈ বলীউডত চিন্তা: আলিয়া ভাটৰ সজাগতা, ছলমান খানৰ প্ৰত্যক্ষ সাহায্য ৷

অসমৰ বানত আশ্ৰয়হীন লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে আলিয়া ভাট আৰু ছলমান খান । অভিনেত্ৰী আলিয়া ভাটে অসমৰ ভয়াৱহ বানৰ বিৰুদ্ধে মাত মাতিছে আৰু লোকসকলক সহায় কৰিবলৈ অনুৰোধ জনাইছে । জনপ্ৰিয় অভিনেতা ছলমান খানে বানপীড়িত পৰিয়ালসমূহৰ বাবে সহায়ৰ হাত আগবঢ়াইছে । বানে জুৰুলা কৰা অসমৰ কাষত থিয় দিছে বলীউডৰ কেইবাজনো তাৰকা । অভিনেত্ৰী আলিয়া ভাটে বানৰ সজাগতা বৃদ্ধি কৰাৰ লগতে লোকসকলক সহায় কৰিবলৈ আহ্বান জনাইছে । আনহাতে, অভিনেতা ছলমান খানে তেওঁৰ বেচৰকাৰী সংস্থা 'বিইং হিউমেন' (Being Human)-ৰ জৰিয়তে প্ৰত্যক্ষভাৱে পৰ্যায়ক্ৰমে বানসাহায্য অভিযান আৰম্ভ কৰিছে ।সামাজিক মাধ্যমত এক আৱেগিক বাৰ্তা শ্বেয়াৰ কৰি আলিয়া ভাটে অসমৰ বানৰ ভয়াৱহতা আৰু ইয়াৰ ফলত বিপৰ্যস্ত…
Read More
অসমৰ বান পৰিস্থিতিক লৈ দিল্লীত বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

অসমৰ বান পৰিস্থিতিক লৈ দিল্লীত বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

অসমৰ বান পৰিস্থিতিক লৈ দিল্লীত বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ মঙলবাৰে নতুন দিল্লীত অসমৰ সাংসদসকলৰ সৈতে মিলিত হৈ বান সমস্যাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে ৷ বানত ক্ষতিগ্ৰস্তসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ সদায় অসম চৰকাৰৰ লগত থিয় দি আছে বুলি আশ্বাস প্ৰদান কৰে মোদীয়ে ৷উল্লেখ্য যে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা অসমৰ সাংসদৰ দলটোত আছিল কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, পৰিমল শুক্লবৈদ্য, বিজুলী কলিতা মেধি, কামাখ্যা প্ৰসাদ তাছা, কৃপানাথ মাল্লা, যোগেন মহন, তেৰছ গোৱালা, কনাড পুৰকায়স্থ আৰু অমৰছিং তিচ’ ৷নিজা এক্স হেণ্ডেলত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘‘অসমৰ সাংসদসকলক সাক্ষাৎ কৰি…
Read More