এটা মছজিদত বিস্ফোৰণ

পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ কোহাট জিলাত শুকুৰবাৰে এটা মছজিদৰ ওচৰত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ১৫ জনকৈ লোক নিহত আৰু ৫০ জনৰো অধিক লোক আহত হৈছে।শুকুৰবাৰৰ নামাজৰ সময়ৰ আশে-পাশে এই বিস্ফোৰণ সংঘটিত হয়। আৰক্ষীৰ মতে, বিস্ফোৰণত মছজিদটোৰ বাহিৰৰ অংশ ক্ষতিগ্ৰস্ত হয় আৰু এটা দেৱাল খহি পৰে। কোহাটৰ এখন চৰকাৰী চিকিৎসালয়ৰ বিষয়া তাহিৰ আলী শ্বাহে জনোৱা মতে, চিকিৎসালয়খনলৈ ১৫টা মৃতদেহ আৰু ৫০ৰো অধিক আহত লোকক অনা হৈছে। আহতসকলৰ মাজত কেইজনমান আৰক্ষী কৰ্মী। বৰ্তমান চিকিৎসালয়খনত ২৫ জন লোকৰ চিকিৎসা চলি আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *