গুৱাহাটীত এছবিআই ৱেল্থ আৰু এছবিআইচিএপি চিকিউৰিটিজৰ যৌথ উদ্যোগত বিনিয়োগকাৰী সজাগতা অধিৱেশন

ভাৰতীয় ষ্টেট বেংকৰ (SBI) অন্যতম সহযোগী প্ৰতিষ্ঠান SBICAP Securities Limited-এ SBI Wealth-ৰ সহযোগত গুৱাহাটীত এক বিনিয়োগকাৰী সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। ইয়াৰ মূল উদ্দেশ্য আছিল বিনিয়োগকাৰী আৰু ট্ৰেডাৰসকলক বজাৰৰ অস্থিৰতা মূল্যায়ন কৰিবলৈ সহায় কৰা আৰু সঠিক বিনিয়োগৰ সিদ্ধান্ত ল’বলৈ উৎসাহিত কৰা। এই কাৰ্যসূচীৰ মূল বিষয়বস্তু আছিল “Geopolitical Tensions and Market Swings: Navigating the Chaos” (ভূ-ৰাজনৈতিক উত্তেজনা আৰু বজাৰৰ উত্থান-পতন: বিশৃংখলতাৰ মাজত সঠিক পথ সন্ধান)।

এই অনুষ্ঠানত SBI Wealth-ৰ জেনেৰেল মেনেজাৰ সফল ত্ৰিপাঠী, বিনিয়োগ বিষয়া হিৰকজ্যোতি দাস, SBI Securities-ৰ উপ-সভাপতি সুদীপ শ্বাহ আৰু চানি আগৰৱালে বিশ্ব তথা ঘৰুৱা বজাৰৰ ধাৰা, বিনিয়োগৰ সুযোগ আৰু বিপদাশংকা ব্যৱস্থাপনাৰ কৌশলৰ ওপৰত নিজৰ মতামত আগবঢ়ায়।

অধিৱেশনৰ আৰম্ভণিতে ডলাৰ সূচক আৰু বণ্ডৰ লাভৰ হাৰকে ধৰি বিশ্বৰ সামষ্টিক অৰ্থনৈতিক পৰিৱেশৰ মূল্যায়ন কৰা হয়। ইয়াৰ পিছতে ঘৰুৱা বজাৰৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা হয়। বক্তাসকলে মধ্যমৰ পৰা দীৰ্ঘম্যাদী সময়ত উন্নত প্ৰদৰ্শন কৰিব পৰা সম্ভাৱনা থকা খণ্ডসমূহৰ বিষয়ে আলোকপাত কৰে। লগতে দুৰ্বল ষ্টকসমূহ পৰিহাৰ কৰি মৌলিকভাৱে শক্তিশালী খণ্ডসমূহ চিনাক্ত কৰাৰ বাবে ‘টেকনো-ফাণ্ডামেণ্টেল’ পদ্ধতিৰ ব্যাখ্যা কৰে। তেওঁলোকে FII-ৰ অংশগ্ৰহণ, কাৰিকৰী ধাৰা (technical trends) আৰু ডেৰিভেটিভছ ডাটাৰ দৰে সূচকসমূহৰ শৃংখলাবদ্ধ ব্যৱহাৰৰ বিষয়েও প্ৰদৰ্শন কৰে।

গুৱাহাটীৰ বজাৰৰ বাবে এই কাৰ্যসূচীয়ে বিনিয়োগকাৰীসকলক ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে, বিশেষকৈ এনে এক সময়ত যেতিয়া বজাৰৰ গতিবিধি বিশ্বৰ ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত হৈছে। বিত্তীয় সাক্ষৰতা আৰু শৃংখলাবদ্ধ পৰ্টফলিঅ’ ব্যৱস্থাপনাৰ ওপৰত দিয়া এই গুৰুত্বই অঞ্চলটোৰ বিনিয়োগকাৰীসকলক অধিক সচেতনভাৱে অংশগ্ৰহণ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

SBICAP Securities-ৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বলদেৱ প্ৰকাশে কয় যে বজাৰৰ অস্থিৰতা চম্ভালিবলৈ “দৃষ্টিভংগী, প্ৰস্তুতি আৰু শৃংখলাবদ্ধতা”ৰ প্ৰয়োজন। এক মত-বিনিময়মূলক প্ৰশ্নোত্তৰ শিতানেৰে এই কাৰ্যসূচীৰ সামৰণি পৰে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *