উত্তৰ-পূৱ

অসমৰ বানক লৈ চিন্তিত লাভলীনা

অসমৰ বানক লৈ চিন্তিত লাভলীনা

বানে জুৰুলা কৰা উজনি অসমৰ তিনিখনকৈ জিলাত বৰ্তমানেও শেষ হোৱা নাই দুৰ্যোগ ৷ প্ৰলয়ংকাৰী বানে নিমিষতে শেষ কৰিলে বহু লোকৰ জীৱন, সম্পত্তি ৷ কোনেও কল্পনাই কৰিব নোৱৰা এটা দৃশ্য ৷ অসমৰ ভিন্ন প্ৰান্তৰ পৰা বানাক্ৰান্ত ৰাইজলৈ সাহাৰ্য বিতৰণ কৰা হৈছে ৷তাৰ মাজতে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে অসমৰ বানক লৈ দুখ প্ৰকাশ কৰিছে ৷ লাভলীনা সম্প্ৰতি গ্লাছগো কমনৱেলথ গেমছত ব্যস্ত হৈ আছে ৷ স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ব্যস্ত হৈ থকাৰ পিছতো অসমৰ খবৰ লৈছে লাভলীনাই ৷ ৩১ তাৰিখে পুনৰ খেলত অৱতীৰ্ণ হ'ব অসম জীয়ৰী ৷
Read More
মেটাই ভুলতে ফেচবুকৰ পৰা আঁতৰালে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’

মেটাই ভুলতে ফেচবুকৰ পৰা আঁতৰালে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফেচবুকৰ এটা ভিডিঅ’ মেটাই সাময়িকভাৱে আঁতৰাই পেলোৱাত ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি । অৱশ্যে পাছত মেটাই স্বীকাৰ কৰিলে নিজৰ ভুল ৷মেটাই হঠাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভিডিঅ’ ফেচবুকৰ পৰা আঁতৰাই দিয়ে । ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো খোলাৰ লগে লগে ভাৰতত কণ্টেণ্টটো উপলব্ধ নহয় বুলি এটা মেছেজ প্ৰত্যক্ষ কৰে । অৱশ্যে পিছত কোম্পানীটোৱে নিজৰ ভুলৰ স্বীকাৰ কৰি ভিডিঅ’টো পুনৰ সংস্থাপন কৰে। এই সন্দৰ্ভত মেটাই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে । মেটাৰ এগৰাকী মুখপাত্ৰই কয়, “এই বিষয়বস্তুটো ভুলকৈ আঁতৰাই পেলোৱা হৈছিল আৰু এতিয়া পুনৰুদ্ধাৰ কৰা হৈছে ।” কোম্পানীটোৱে স্পষ্ট কৰি দিয়ে যে ভিডিঅ’টো আঁতৰোৱাটো কাৰিকৰী ভুল আছিল, আৰু এতিয়া ই স্বাভাৱিকভাৱে উপলব্ধ ।মাজনিশা…
Read More
কাশ্মীৰত হিংসাত্মক পৰিস্থিতি

কাশ্মীৰত হিংসাত্মক পৰিস্থিতি

চুবুৰীয়া দেশ পাকিস্তান অধিকৃত কাশ্মীৰত সংঘটিত হৈছে এক হিংসাত্মক পৰিস্থিতিৰ। ২৭ জুলাই ২০২৬ৰ সোমবাৰে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে সৃষ্টি হয় এই অনাকাঙ্খিত পৰিস্থিতিৰ। তাৰোপৰি বেলট বাকচ জুই লগাই দিয়াৰ কথাও জানিব পৰা গৈছে।উল্লেখযোগ্য যে, এই হিংসাত্মক পৰিস্থিতিৰ ফলত এজন লোত নিহত হোৱাৰ উপৰি কেইবাজনো লোক গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
Read More
গ্লাছগ’কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। ভাৰোত্তোলনত স্বৰ্ণ পদক লাভ ভাৰতৰ মীৰাবাঈ চানুৰ

গ্লাছগ’কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। ভাৰোত্তোলনত স্বৰ্ণ পদক লাভ ভাৰতৰ মীৰাবাঈ চানুৰ

বিদেশত ভাৰতীয় খেলুৱৈৰ দপদপনি ৷ বিশেষকৈ উত্তৰ-পূব ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানুৱে ৷ দেওবাৰে গ্লাছগ’ কমনৱেলথ গেমছত মহিলাৰ ৪৮ কেজি শাখাত অভিলেখ সৃষ্টিৰে ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণপদক লাভ কৰে তাৰকা খেলুৱৈ ছাইখম মীৰাবাঈ চানুৱে । ৩১ বছৰীয়া মীৰাবাঈয়ে ৮৫ কেজি ওজন দাঙি ধৰি কমনৱেলথ গেমছৰ মঞ্চত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ।
Read More
ৰাজস্থানৰ জয়ছেলমেৰ জিলাত এক মৰ্মান্তিক ঘটনা

ৰাজস্থানৰ জয়ছেলমেৰ জিলাত এক মৰ্মান্তিক ঘটনা

ৰাজস্থানৰ জয়ছেলমেৰ জিলাত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । দেওবাৰে নিশা ৰামদেৱৰা আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰকী গাঁৱত সন্দেহজনক পৰিস্থিতিত একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হয় । স্বামী-স্ত্ৰীৰ লগতে তেওঁলোকৰ দুই সৰু সন্তানৰ মৃত্য়ু হৈছে ।গাঁওখনৰ এটা পানীৰ টেংকিৰ পৰা গঞাই চাৰিওজনৰ মৃতদেহ উদ্ধাৰ কৰে । চাৰিওকে প্ৰত্য়ক্ষ কৰি গাঁৱৰ মানুহে টেংকিৰ পৰা উলিয়াই আনি ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে পৰীক্ষাৰ অন্তত মৃত বুলি ঘোষণা কৰে । অৱেশ্য়ে এই ঘটনাটো কেনেদৰে সংঘটিত হ'বলৈ পালে সেয়া জানিব পৰা হোৱা নাই ।মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছতেই আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে । নিহত লোকজনৰ নাম যশৰাজ (৩০),…
Read More
এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি

এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি

প্ৰতি বছৰে এই বানপানীৰ ফলত বহু পৰিয়াল সম্পত্তিৰ ক্ষতি হয় লগতে ঘৰ দুৱাৰ নোহোৱা হৈ পৰে। এতিয়া আমাৰ বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ এক শক্তিশালী আৰু বহনক্ষম ব্যৱস্থা স্থাপন কৰাৰ সময়।৯ দিনে বানত বিধ্বস্ত উজনি অসমৰ বহু জিলা। এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি পাইছে। বহু লোক সন্ধানহীনো হৈ আছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসনে ৩৫০ তকৈও অধিক শিবিৰ আৰু সাহাৰ্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে।শেহতীয়াকৈ এই বান পৰিস্থিতি সন্দৰ্ভত সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে কৰিছে পোষ্ট। তেওঁ সেই পোষ্টোত উল্লেখ কৰিছে যে, "অসমত বিধ্বংসী বানপানীত বহু লোক মৃত্যুমুখত পৰিছে। সচাঁকৈ এই খবৰ অত্যন্ত হৃদয়বিদাৰক। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। এই দুৰ্যোগত ক্ষতিগ্ৰস্ত…
Read More
আগষ্টত পুনৰ কঁপি উঠিব ৰাজধানী দিল্লী

আগষ্টত পুনৰ কঁপি উঠিব ৰাজধানী দিল্লী

৪ আগষ্টত পুনৰ কঁপি উঠিব ৰাজধানী দিল্লী। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বিৰুদ্ধে এইবাৰ দিল্লী কঁপোৱাৰ হুংকাৰ। E20ৰ বিৰুদ্ধে ৪ আগষ্টত সংসদ চলো কাৰ্যসূচী ৰূপায়ন কৰিব হাজাৰ হাজাৰ চালকে। ইথানল মিশ্ৰিত পেট্ৰ'ল বন্ধ কৰাৰ দাবীৰে কৰিব ভয়ংকৰ প্ৰতিবাদ। নীটৰ প্ৰশ্নকাকত ফাদিল বিবাদৰ পাছত ক'কৰোচ জনতা পাৰ্টী' ৰ সাফল্য আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ ঘটনাৰ পাছত এইবাৰ দেশত সৃষ্টি হৈছে এক নতুন ডিজিটেল আন্দোলন। ইথানল মিহলিত পেট্ৰ’ল নীতিৰ বিৰোধিতাৰে 'E20 জনতা পাৰ্টী' নামৰ এটি সংগ্ৰামী সংগঠনে এক অভিযানৰ শুভাৰম্ভ কৰিছে। সংগ্ৰামী গোটটোৱে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ পদত্যাগ দাবী কৰাৰ লগতে প্ৰতিজন গ্ৰাহকক ১০০ শতাংশ বিশুদ্ধ পেট্ৰ’ল ক্ৰয় কৰাৰ…
Read More
দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

কাৰ্গিল বিজয় দিৱস কাৰ্গিলত শ্বহীদ হোৱা নায়কসকলৰ সন্মানাৰ্থে পালন কৰা হয়, যিসকলে মাতৃভূমিৰ সেৱা কৰি শ্বহীদ হৈছিল। প্ৰতিবছৰে এই দিনটোত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ কৰা হয়।দেশজুৰি উদযাপন কৰা কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত শত্ৰুক পৰাস্ত কৰি দেশৰ পৰাক্ৰম দেখুওৱা ভাৰতীয় সেনাসকলৰ অতুলনীয় শৌৰ্য আৰু আত্মত্যাগক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। সামাজিক মাধ্যমত কৰা এটা বিশেষ পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰতি অকৃত্রিম কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে, বিশ্বৰ অন্যতম কঠিন আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো অসাধাৰণ বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সেনাৰ পৰাক্ৰমে দেশক সদায় গৌৰৱান্বিত কৰি ৰাখিব।
Read More
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সোণৰ পদক লাভ খাদিজা আখতাৱৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সোণৰ পদক লাভ খাদিজা আখতাৱৰ

বিশ্ববিদ্যালয়খনৰ অধীনস্থ ২৭২ খন মহাবিদ্যালয়ৰ কোটি কোটি শিক্ষাৰ্থীৰ মাজৰ পৰা ইংৰাজী মেজৰত শীৰ্ষস্থান দখল কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে খাদিজাই।গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ ফলাফলত উজলি উঠিছে হোজাই জিলাৰ খাদিজা আখতাৰা। আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত নীলবাগানৰ হাজী আজমল আলী কলেজৰ ইংৰাজী বিভাগৰ ছাত্ৰী খাদিজা আখতাৰাই ৮.৯৩ CGPA নম্বৰ লাভেৰে এই কৃতিত্ব অৰ্জন কৰে। তেওঁৰ এই অভূতপূৰ্ব সাফল্যই সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।অসাধাৰণ মেধাৰ পৰিচয় দিয়া খাদিজা আখতাৰাৰ আগন্তুক শৈক্ষিক জীৱনৰ সমগ্ৰ দায়িত্ব আজমল ফাউণ্ডেচনৰ মূল প্ৰতিষ্ঠাপক মৌলানা বদৰুদ্দিন আজমলে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।
Read More
অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ উদ্বেগ প্ৰকাশ

অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ উদ্বেগ প্ৰকাশ

অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্সৰ এটা পোষ্টৰ জৰিয়তে অসমৰ বানত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।ৰাষ্ট্ৰপতিয়ে এক্সৰ পোষ্টত লিখিছে, "অসমত বানৰ ফলত হোৱা প্ৰাণহানি আৰু ব্যাপক ধ্বংসযজ্ঞই অতিশয় মৰ্মাহত কৰিছে । এই দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত সকলো লোকৰ সুৰক্ষা কামনা কৰাৰ লগতে উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপনত নিয়োজিত সকলো লোকৰ সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ ।"
Read More