প্ৰাণৰ শিল্পীবিহীন এটা বৰ্ষ

প্ৰাণৰ শিল্পীবিহীন এটা বৰ্ষ । সোণাপুৰৰ জুবিন ক্ষেত্ৰত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ৰ ব্যাপক প্ৰস্তুতি ।প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা আৰু অশ্ৰুসিক্ত নয়নেৰে সুঁৱৰিবলৈ এতিয়া সমগ্ৰ ৰাজ্যবাসী সাজু হৈছে ।১৭ ছেপ্টেম্বৰৰ পৰা সোণাপুৰৰ জুবিনক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰাণৰ শিল্পীগৰাকীৰ পুণ্য তিথিৰ বিশেষ কাৰ্যসূচী । সমগ্ৰ অসমবাসীৰ আৱেগৰ প্ৰতীকস্বৰূপ এই দিনটোক ‘জুবিন দিৱস’ হিচাপে উদযাপন কৰাৰ বাবে জুবিনক্ষেত্ৰত এতিয়া ব্যাপক প্ৰস্তুতি চলিছে ।নতুনকৈ নিৰ্মাণ কৰা হৈছে বিশাল ৰভা আৰু আটকধুনীয়াকৈ সজাই তোলা হৈছে শ্ৰদ্ধাঞ্জলি তথা উপহাৰ থোৱাৰ বিশেষ স্থান ।পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব সৰ্বধৰ্ম প্ৰাৰ্থনা, য’ত সকলো ধৰ্মৰ লোকে একত্ৰিত হৈ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিব । ইয়াৰ পিছতে দিনৰ ১ বজাৰ পৰা বিয়লি ৬ বজালৈ নাম পৰিৱেশন কৰা হ’ব ।১৮ ছেপ্টেম্বৰ, ২০২৬ (দ্বিতীয় দিন):এই দিনটো শিল্পীগৰাকীৰ অনবদ্য সৃষ্টিৰাজিৰ বাবে উৎসৰ্গা কৰা হৈছে । দিনৰ ১১ বজাৰ পৰা সন্ধ্যা ৭ বজালৈ ‘গীতে-মাতে জুবিন বন্দনা’ শীৰ্ষক কাৰ্যসূচীৰে শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব ।১৯ ছেপ্টেম্বৰ, ২০২৬ (অন্তিম দিন):পুৱা ৯ বজাৰ পৰা বিয়লি ৬ বজালৈ চলিব ভাগৱত পাঠ । আনহাতে, সন্ধ্যা ৭ বজাৰ পৰা নিশা ১০ বজালৈ ভাওনা অনুষ্ঠিত হ’ব । যোৰহাটৰ ডেকাগিৰী সাংস্কৃতিক সংঘৰ দ্বাৰা ‘বিপ্ৰ দামোদৰ আখ্যান’ নামৰ ভাওনাখন পৰিৱেশন কৰা হ’ব । জুবিন ক্ষেত্ৰ পৰিচালনা আৰু তদাৰক সমিতিৰ এগৰাকী বিষয়ববীয়াই এই কথা সদৰী কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *