উত্তৰ-পূৱ

বানত এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি

বানত এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, এতিয়াও প্ৰায় ৬.৫৫ লাখ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ জলবন্দী অৱস্থাত দিন অতিবাহিত কৰিবলগীয়া হৈছে।উল্লেখ্য যে, বানৰ মাজতে শনিবাৰে ৰাজ্যখনত পুনৰ চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে। লগতে মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিৱসাগৰ জিলাৰ ৩ জন আৰু চৰাইদেউ জিলাৰ ১ জন লোক আছে। ৰাজ্যখনত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি পাইছে।বৰ্তমান নদীসমূহৰ পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে যদিও প্লাৱিত অঞ্চলসমূহত ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰা, খোৱাপানী যোগান ধৰা আৰু আশ্ৰয় শিবিৰত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান সক্ৰিয়ভাৱে চলাই আছে।
Read More
কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনশন ভাঙিলে সোণম ৱাংচুকে

কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনশন ভাঙিলে সোণম ৱাংচুকে

অৱশেষত নিজৰ অনশন ভংগ কৰিলে জলবায়ু কৰ্মী তথা বিজ্ঞানী সোণম ৱাংচুকে ৷ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ, পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত তথা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে তেওঁ অনশন আৰম্ভ কৰিছিল ৷ ২৬ দিনৰ অন্তত তেওঁ নিজৰ অনশন ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।এক্স হেণ্ডেলত নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে ৱাংচুকে । ‘‘এইমাত্ৰ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, জিতেন্দ্ৰ সিং আৰু লেহ লাডাখৰ এপেক্স ব’ডীৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত অৱশেষত ২৬ দিনৰ পিছত মোৰ অনশন ভংগ কৰিলোঁ । ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ ৬৫ জন সংসদ সদস্যই মোক অনশন ভংগ কৰিবলৈ আহ্বান জনাই পত্ৰত স্বাক্ষৰ কৰিছিল । বিভিন্ন চৰ্তত দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত আৰু…
Read More
নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী

নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী

নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী ৷ বৃহস্পতিবাৰে দিনত দুখন গেটেৰে জলবিদ্যুৎ প্ৰকল্পটোৰ পানী এৰি দিয়াৰ পাছত নিশালৈ চতুৰ্থখন গেট মুকলি কৰে নীপকোৱে ৷সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে নিশা এক পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে অৱগত কৰাৰ লগতে স্থানীয় ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জনায় ৷ কিয়নো নীপকোৱে এৰি দিয়া পানী দৈয়াং নদীৰে বৈ আহি সৰুপথাৰ সমষ্টিৰ লগতে গোলাঘাটৰ ভিন্নস্থানত তাণ্ডৱ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে ৷
Read More
বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে

বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে

ধুবুৰীত বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে। ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আকছাৰা গোৱালাই আজি পুৱা প্ৰায় ১০ বজাত ঘৰৰ কাষৰ গদাধৰ নৈত পৰি মৃত্যুমুখত পৰে।
Read More
বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ

বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ

বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ যোৰহাট: ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰাৰ সময়তে শিক্ষাৰ নগৰী যোৰহাটতো বানপানীয়ে ব্যাপক ক্ষতিসাধন কৰিছে। বহু লোকৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। ইফালে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত বহু লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। এনে দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ মাজতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশই। অভিযোগ অনুসৰি, কিছুদিন পূৰ্বে বিদেশ ভ্ৰমণলৈ যোৱা বিধায়কগৰাকী এতিয়াও সমষ্টিলৈ উভতি অহা নাই। প্ৰাপ্ত তথ্য অনুসৰি, বিধানসভাৰ অধ্যক্ষৰ অনুমতি লৈ পৰিয়ালৰ সৈতে বিদেশত সময় অতিবাহিত কৰিছে বিধায়কগৰাকীয়ে। অৱশ্যে, এই সময়ছোৱাত তেওঁৰ…
Read More
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে

উজনি অসমত ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে । বিভিন্ন সংবাদ মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ সংক্ৰান্তত বাতৰি পৰিৱেশন হৈছে যদিও এতিয়ালৈ তেনে কোনো ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নিলয় বৰাই কয় "উজনি অসম যি পানী হৈছে, সেই পানী ব্ৰহ্মপুত্ৰৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পাবলৈ অকণমান সময় লাগিব । সেই পৰিপ্ৰেক্ষিততো আমি সাজু হৈ আছো । যিহেতু, সমগ্ৰ বাৰিষাৰ বতৰত পানী থাকিবই, গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ইয়াৰ কাৰণে সাজু হৈ আছে ।" তদুপৰি, পানী বঢ়াৰ লগে-লগে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ বিচৰণৰ বিষয়ে বিষয়াগৰাকীয়ে কয়, "সাধাৰণতে কাজিৰঙাৰ…
Read More
এন​​এইচপিচিৰ সুৰংগ ভাঙি ২০ জনৰ মৃত্যু

এন​​এইচপিচিৰ সুৰংগ ভাঙি ২০ জনৰ মৃত্যু

ছিকিমৰ নামচি জিলাত তিস্তা ষ্টেজ ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পত সোমবাৰে নিৰ্মাণৰত এন​​এইচপিচি এটা সুৰংগ ভাঙি বৰ্তমান পৰ্যন্ত ২২ জন শ্ৰমিকৰ মৃত্যু হৈছে ৷ সুৰংগত মৃত্যু হোৱা শ্ৰমিকসকলৰ এজনক অসমৰ বুলি চিনাক্ত কৰা হৈছে ৷ সুৰংগৰ ভিতৰত এতিয়াও ৩ জন শ্ৰমিক আবদ্ধ হৈ আছে । তেওঁলোকক বিচাৰি বৰ্তমান প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷নামচিৰ আৰক্ষী অধীক্ষক সোণম ডি ভূটিয়াই মঙলবাৰে কয় যে সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা ২৫ জন লোকৰ ভিতৰত ২০ জন লোকৰ মৃত্যু হৈছে । বুধবাৰলৈকে ৮টা মৃতদেহ চিনাক্ত কৰা হৈছে । ইয়াৰে চাৰিজন পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ হোৱাৰ বিপৰীতে পঞ্জাৱ, উত্তৰাখণ্ড, অসম আৰু ছিকিমৰ এজনকৈ শ্ৰমিকৰ মৃত্যু হৈছে ।
Read More
নিশা যুদ্ধক্ষেত্ৰত পৰিণত যন্তৰ মন্তৰ

নিশা যুদ্ধক্ষেত্ৰত পৰিণত যন্তৰ মন্তৰ

দিল্লীৰ যন্তৰ মন্তৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চল বুধবাৰে নিশা যুদ্ধক্ষেত্ৰত পৰিণত হয় ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ক’কৰোচ্ছ জনতা পাৰ্টী আৰু ছাত্ৰ সংগঠনে আয়োজন কৰা বিক্ষোভৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয় ৷নিশা প্ৰায় ৮:১৫ বজাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত পুনৰ সংঘৰ্ষ আৰম্ভ হয় আৰু এই সংঘৰ্ষই তীব্ৰ ৰূপ লয় ৷ প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰাৰ ফলত দিল্লী আৰক্ষী আৰু ৰেপিড একচন ফ’ৰ্চে লাঠি চাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰে ৷ নিশা ৮:৩০ বজাত আৰএএফে বাৰে বাৰে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতো প্ৰতিবাদকাৰীসকলে পিছুৱাই যাবলৈ অস্বীকাৰ কৰে ৷ একাংশ ছাত্ৰ-ছাত্ৰীয়ে আক্ৰমণাত্মক স্থিতি গ্ৰহণ…
Read More
দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে

দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে

নাগালেণ্ডত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত NEEPCO ৰ অধীনস্থ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। সম্ভাব্য প্লাৱন আৰু বিপদৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে এক জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰিছে।জিলা প্ৰশাসন আৰু NEEPCO কৰ্তৃপক্ষ একেৰাহে যোগাযোগত আছে। প্ৰকল্পটোৰ সুৰক্ষা আৰু পানীৰ গতি নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ প্ৰয়োজন অনুসাৰে নিৰ্ধাৰিত নিয়ন্ত্ৰিত ৰূপত দৈয়াং বান্ধৰ গেটসমূহ মুকলি কৰি অতিৰিক্ত পানী এৰি দিয়া হ’ব পাৰে। লগতে দৈয়াং আৰু ধনশিৰি নদীৰ দুয়োপাৰৰ বাসিন্দা, নিম্নভূমি অঞ্চল আৰু নদী কাষৰীয়া ৰাইজক বিশেষভাৱে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। ৰাইজক প্ৰশাসনৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে।
Read More
দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ

দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ

চি জে পিৰ আহ্বানত লাখ লাখ ছাত্ৰ- ছাত্ৰ তথা দল- সংগঠনৰ প্ৰতিবাদত সমগ্ৰ দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি চৰ্ত বান্ধি দিছে পৰিবেশ কৰ্মী তথা বিশিষ্ট শিক্ষাবিদ সোণম ৱাংচুকে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকে ধৰি শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীৰে বিগত ২৫ দিনতকৈও অধিক সময় ধৰি অনশন কাৰ্যসূচী ৰূপায়ণ কৰি থকা সোণম ৱাংচুকে অনশন ভংগৰ চৰ্ত সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। চৰকাৰে যদি আন্দোলনকাৰী শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ স্পষ্ট আশ্বাস প্ৰদান কৰে, তেন্তে তেওঁ অনশন ভংগ কৰিব বুলি উল্লেখ কৰে। অন্যথা, এই ভোক হৰতাল অব্যাহত থাকিব বুলিও…
Read More