ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰতিজন অসমীয়াই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ সাংস্কৃতিক-সামাজিক ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি। লগতে ১০০গৰাকী শিল্পীয়ে পৰিৱেশন কৰিলে ভূপেনদাৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’।বিশাল সত্তাৰ এগৰাকী মহান ব্যক্তি, নাম যাৰ ভূপেন হাজৰিকা ৷ যাৰ সৃষ্টিৰ মাজত প্ৰতিটো স্তৰৰ ব্যক্তিয়ে নিজকে বিচাৰি পায় ৷ জীৱন সংগ্ৰাম, চহা গাঁৱলীয়া সমাজ, প্ৰেম, যৌৱন, উৎসৱ, পাহাৰ-ভৈয়ামৰ একাত, সংগ্ৰাম আদি জাতীয় জীৱনৰ প্ৰতিটো কথাতে যেন সোমাই আছে সেই মহান ব্যক্তিজনৰ সৃষ্টিৰাজিত ৷জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে- ‘‘সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কলকাতাৰ টালিগঞ্জৰ বাসগৃহটো ক্ৰয় কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ৷ মই নিজে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছোঁ৷ কলাক্ষেত্ৰত ড° ভূপেন হাজৰিকাৰ এটা অত্যাধুনিক সংগ্ৰহালয়ৰ আজি শিলান্যাস কৰিলোঁ ৷ লোক নিৰ্মাণ বিভাগে দুবছৰৰ ভিতৰত নিৰ্মাণ কৰিব বুলি আশা কৰিম৷ ৩৫.৩৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব সংগ্ৰহালয়টো ৷’’

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *