মুম্বাইত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । বিদ্যুৎস্পৃষ্ট হৈ দুজন লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ পিচতেই পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় ।ম্বাইৰ কোষ্টেল ৰোডত এখন তীব্ৰবেগী বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোকজনক ইতিমধ্যে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । দেওবাৰে পুৱা ৫:২০ বজাত দুৰ্ঘটনাটো সংঘটিত হয় ।এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে তীব্ৰবেগী বিলাসী বাহনখন চূৰ্চুমৈ হৈ পৰে । নগৰ কৰ্তৃপক্ষই কয় যে এই দুৰ্ঘটনাটো তীব্ৰ গতিৰ বাবে সংঘটিত হৈছে ।মৃত তিনিজনৰ ভিতৰত দুজনক চিনাক্ত কৰা হৈছে । এই দুজন হৈছে সঞ্জয় গাজল (২১) আৰু ধ্রীয়া শেঠ (১৭) । তৃতীয় ২৫ বছৰীয়া নিহত যুৱকজনৰ পৰিচয় এতিয়াও নিশ্চিতভাৱে লাভ কৰা হোৱা নাই ।
মুম্বাইত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে
