এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহাইৰ ৷ অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহায়ে সোমবাৰে দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙৰ বিৰুদ্ধে মহিলাৰ ৭৫ কেজি কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছ ২০২৬ৰ অভিযান আৰম্ভ কৰে ৷জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙক ৫-০ ত পৰাস্ত কৰে ৷ ইয়াৰ লগতে তেওঁ এছিয়ান গেমছত ভাৰতৰ হৈ আন এটা পদক নিশ্চিত কৰিছে । অৱশ্যে স্বৰ্ণ পদকৰ ওপৰতে লাভলীনাৰ দৃষ্টি থাকিব । লাভলীনাই বিগত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিছিল । ছুঙে প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল যদিও লাভলীনাই শক্তিশালীভাৱে ৰাউণ্ডটো শেষ কৰে আৰু পাঁচোজন বিচাৰকে লাভলীনাৰ পক্ষত সিদ্ধান্ত দিয়ে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *