উত্তৰ-পূৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উদ্যোগত যাত্ৰীৰ বাবে নতুন সুবিধা

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উদ্যোগত যাত্ৰীৰ বাবে নতুন সুবিধা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীসকলৰ সুবিধাৰ ক্ষেত্ৰত এক নতুন সংযোজন হিচাপে ২৩ অক্টোবৰৰ দিনা সন্ধিয়াৰ ভাগত গুৱাহাটী ৰে'লৱে ষ্টেচনৰ সমীপত 'দ্য টার্মিনেল' নামৰ এক বিশেষ স্থান মুকলি কৰে। এই স্থানত খাদ্য গ্রহণ, বজাৰ কৰা আৰু মনোৰঞ্জনৰ সুবিধা একেখন ঠাইতে উপলব্ধ হ'ব। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে প্ৰধান মুখ্য বাণিজ্যিক প্ৰবন্ধক নীৰজ সাহায় আৰু লামডিং মণ্ডলৰ মণ্ডল ৰে'লৱে প্ৰবন্ধক সমীৰ লোহানীৰ উপস্থিতিত এই বিশেষ স্থান উদ্বোধন কৰে। গুৱাহাটী ৰে'লৱে ষ্টেচনৰ ষ্টেচন ৰোডৰ পাণবজাৰস্থিত পুৰণি যাত্ৰী সংৰক্ষণ ব্যৱস্থা ভৱনৰ এলেকাত এই সুবিধা গঢ়ি তোলা হৈছে। 'দ্য টার্মিনেল'ত ৰে'লযাত্ৰী, পৰিয়াল আৰু আন দর্শনার্থীসকলে খাদ্য গ্রহণ, জিৰণি আৰু অৱসৰ বিনোদনৰ বাবে এক সুবিধাজনক…
Read More
বৰাকত অসমীয়া বিহু দলৰ ওপৰত আক্ৰমণৰ ঘটনা, ৪ অভিযুক্তক গ্ৰেপ্তাৰ

বৰাকত অসমীয়া বিহু দলৰ ওপৰত আক্ৰমণৰ ঘটনা, ৪ অভিযুক্তক গ্ৰেপ্তাৰ

বৰাকত অসমীয়া বিহু দলৰ ওপৰত আক্ৰমণৰ ঘটনা, ৪ অভিযুক্তক গ্ৰেপ্তাৰ শ্ৰীভূমিৰ বদৰপুৰত বিহু দলক মাৰপিটৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া বৰাক উপত্যকাত অসমীয়া গীত পৰিৱেশনক কেন্দ্ৰ কৰি এটা থলুৱা বিহু দলৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শ্ৰীভূমি জিলাৰ বদৰপুৰত সংঘটিত এই ঘটনাৰ পাছতে অসমীয়া জাতীয় স্বাভিমান আৰু সাংস্কৃতিক অধিকাৰক লৈ সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন। ইফালে, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে সুমিত কুমাৰ দাস, অৰ্ণৱ কুমাৰ ৰয়, প্ৰিয়াংশু পাল আৰু প্ৰিয়াংশু দাস। উল্লেখ্য যে, ২৩ অক্টোবৰৰ নিশা বদৰপুৰৰ বিসৰ্জন ঘাটত স্থানীয় ‘হিন্দুস্তান ক্লাৱ’ৰ উদ্যোগত…
Read More
বংগোপসাগৰৰ পৰা অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ দিশে আগবাঢ়িছে ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’

বংগোপসাগৰৰ পৰা অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ দিশে আগবাঢ়িছে ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’

দক্ষিণ-পূব বংগোপসাগৰত উৎপন্ন হোৱা নিম্নচাপ আজি অৰ্থাৎ সোমবাৰৰ ভিতৰত তীব্ৰতৰ হৈ ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে ৷ বংগোপসাগৰত ঘূৰ্ণীবতাহ শক্তিশালী হোৱাৰ লগে লগে অহা সোমবাৰে দক্ষিণ ভাৰতৰ বহু ঠাইত বৰষুণৰ সম্ভাৱনা আছে ৷তামিলনাডু আৰু কেৰালাৰ কিছু অংশত বৰষুণ আৰু ধুমুহাৰ আশংকা ব্যক্ত কৰা হৈছে ৷ প্ৰচণ্ড বতাহ আৰু তীব্ৰ ঢৌৱে উপকূলীয় অঞ্চল, মাছমৰীয়া আৰু সাগৰীয় কাৰ্যকলাপৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰো সম্ভাৱনা আছে ৷ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২৬ অক্টোবৰৰ ভিতৰত বংগৰ পূব-মধ্য আৰু ইয়াৰ কাষৰীয়া দক্ষিণ-পূব উপসাগৰৰ নিম্নচাপ তীব্ৰতৰ হৈ ঘূৰ্ণীবতাহৰ ধুমুহালৈ পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ এই ঘূৰ্ণীবতাহ ভাৰত উপকূলৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে ২৭ অক্টোবৰৰ…
Read More
এছআইআৰ প্ৰক্ৰিয়া বন্ধৰ দাবীত অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ

এছআইআৰ প্ৰক্ৰিয়া বন্ধৰ দাবীত অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ

এছআইআৰ প্ৰক্ৰিয়া বন্ধৰ দাবীত অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ ৷ তাৰমাজতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিতৰ্কিত মন্তব্যই বিজেপিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বিহাৰ ভ্ৰমণত ব্যস্ত থকাৰ সমতে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কঠোৰ বাক্যবাণ প্ৰয়োগ কৰে ৷ যাৰ ফলত গেৰুৱা দলটোৰ প্ৰতিগৰাকী নেতা, মন্ত্ৰী-বিধায়কে খাৰ্গেক কঠোৰ সমালোচনা কৰে ৷প্ৰধানমন্ত্ৰী মোদীক সমালোচনাৰে থকা-সৰকা কৰি কৈছিল যে, ‘মোদী কা বাপ ভী জায়েগা’ অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ পিতৃও যাব লাগিব ৷ কংগ্ৰেছ নেতাগৰাকীয়ে সমালোচনা কৰিবলৈ নেৰিলে ৷ যাৰ বাবেই ক্ষুব্ধ হৈ পৰিছে বিজেপি নেতৃত্ব, দলীয় কৰ্মী, নেতা-পালিনেতাসকল ৷
Read More
নদীবান্ধ বিৰোধী আন্দোলনক লৈ উত্তাল অৰুণাচলৰ আপাৰ সোৱণশিৰি

নদীবান্ধ বিৰোধী আন্দোলনক লৈ উত্তাল অৰুণাচলৰ আপাৰ সোৱণশিৰি

সোৱণশিৰি আপাৰ হাইড্ৰ'ইলেকট্ৰিক প্ৰকল্পৰ বিৰুদ্ধে প্রতিবাদ। প্রতিবাদকাৰীয়ে ৰাজপথত অগ্নিসংযোগ কৰিলে বাহনত।আজি ১২ ঘণ্টীয়া আপাৰ সোৱণশিৰি জিলা বন্ধ ঘোষণা টাগিন ছাত্র সন্থাৰ।সোৱণশিৰি আপাৰ হাইড্ৰ'ইলেকট্ৰিক প্ৰকল্পৰ বিৰুদ্ধে প্রতিবাদ।প্রতিবাদকাৰীয়ে ৰাজপথত অগ্নিসংযোগ কৰিলে বাহনত।আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত বন্ধ সমৰ্থক।
Read More
লাখ লাখ নিৱনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ

লাখ লাখ নিৱনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ

লাখ লাখ নিৱনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ ৷ শীঘ্ৰে পাঁচ হাজাৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ৷ সামাজিক মধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিল ৷ বিশেষকৈ যিসকল যুৱক-যুৱতীয়ে আৰক্ষী, বন বিভাগত চাকৰিৰ কৰিম বুলি ভাবিছে সেইসকল যুৱক-যুৱতীৰ বাবে তিনিমাহৰ পাছতে আবেদন প্ৰক্ৰিয়া মুকলি কৰিব ৷শনিবাৰে এক্সযোগে মুখ্যমন্ত্ৰীয়ে কয়, "২০২৭ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম আৰক্ষীকে ধৰি ৰাজ্যৰ ৬টাকৈ বিভাগত মুঠ ৫,৭৩৪টা পদৰ নিযুক্তি প্ৰক্ৰিয়া ৷ ইয়াৰ ভিতৰত অসম আৰক্ষীৰ ২,২৩৬টা, বন বিভাগৰ ১,৩০৭টা, হোমগাৰ্ডৰ ৮২৭টা, অসম আৰক্ষীৰ ৰেডিঅ’ সংগঠন (APRO)ৰ ৬৮৪টা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ ৪৮৯টা আৰু কাৰাগাৰ বিভাগৰ ১৯১টা পদৰ বাবে আবেদন আৰম্ভ হ'ব…
Read More
উমৰা হজযাত্ৰীক ক্ষিপ্ৰতাৰে ঘূৰাই অনাৰ বাবে উদ্যোগ লৈছে ভাৰতে

উমৰা হজযাত্ৰীক ক্ষিপ্ৰতাৰে ঘূৰাই অনাৰ বাবে উদ্যোগ লৈছে ভাৰতে

পশ্চিম এছিয়াৰ উত্তেজনাময় পৰিস্থিতি আৰু বিমানবন্দৰৰ আন্তঃগাঁথনিত আক্ৰমণৰ ফলত বিমান সেৱাত বাধাৰ সৃষ্টি হোৱাৰ ছৌদিত বহু ভাৰতীয় নাগৰিক আৰু উমৰা হজযাত্ৰী আৱদ্ধ হৈ আছে ।আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিক বিশেষকৈ উমৰা হজযাত্ৰীসকলক আগতীয়াকৈ ঘূৰি অহাটো নিশ্চিত কৰাৰ বাবে চৰকাৰে ছৌদি কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে ৷ ভাৰতে শনিবাৰে এক নতুন পৰামৰ্শ জাৰি কৰি এই তথ্য নিশ্চিত কৰে ৷জেদ্দাত থকা ভাৰতীয় কনছুলেটে কয় যে জেদ্দা আৰু মক্কাত থকা তেওঁলোকৰ ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষসমূহে সামূহিক সংগঠন আৰু স্বেচ্ছাসেৱকৰ সহযোগত ক্ষতিগ্ৰস্ত ভাৰতীয় নাগৰিকসকলক প্ৰয়োজনীয় সহায় আগবঢ়াইছে ।কনছুলেটটোৱে কয় যে প্ৰয়োজন সাপেক্ষে আৰু সম্ভৱপৰ সময়ত ক্ষতিগ্ৰস্ত ভাৰতীয়সকলক খাদ্য, অত্যাৱশ্যকীয় ঔষধ আৰু অন্যান্য জৰুৰী…
Read More
কোকৰাঝাৰৰ বনাঞ্চলত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক উদ্ধাৰ

কোকৰাঝাৰৰ বনাঞ্চলত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক উদ্ধাৰ

কোকৰাঝাৰৰ বনাঞ্চলত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক উদ্ধাৰ। মতিঝৰা বনাঞ্চলত NSLA-ই লুকুৱাই ৰখা মাৰণাস্ত্ৰসহ বহু বিস্ফোৰক উদ্ধাৰ। উদ্ধাৰ ৬.৫ কেজি IED, ১০টা ইলেকট্ৰনিক ডেটনেটৰ, ৬.৫ কেজি TNT পাউদাৰো । এটা ৭.৬৫mm পিষ্টল, ১টা মেগজিন আৰু ১ জাঁই সক্ৰিয় গুলী জব্দ। নেচনেল চাওতাল লিবাৰেচন আৰ্মীয়ে লুকুৱাই ৰাখিছিল মাৰণাস্ত্ৰখিনি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই তথ্য।
Read More
ফ্ৰান্সৰ প্ৰতিবাদ অৰ্থনৈতিক ভৱিষ্যতক লৈ ভয় আৰু উদ্বিগ্নতাৰ লক্ষণ

ফ্ৰান্সৰ প্ৰতিবাদ অৰ্থনৈতিক ভৱিষ্যতক লৈ ভয় আৰু উদ্বিগ্নতাৰ লক্ষণ

ইউৰোপৰ দেশ ফ্ৰান্সত ৰাজপথৰ প্ৰতিবাদ আৰু হিংসাৰ ঘটনাক লৈ সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। প্ৰতিবাদকাৰীৰ সমাৱেশক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিৱেশ। ৰাজপথত প্ৰতিবাদ, সংঘৰ্ষ আৰু আইন-শৃংখলাক লৈ সৃষ্টি হৈছে উদ্বেগ।ফ্ৰান্সৰ ৰাজপথত প্ৰতিবাদকাৰীৰ প্ৰতিবাদে সৃষ্টি কৰিছে চাঞ্চল্য। শেহতীয়াকৈ ফ্ৰান্সত জেন-জিৰ ব্যাপক প্ৰতিবাদ দেখা গৈছে ৷ এইবাৰ ছেপ্টেম্বৰৰ শেষৰ ফালে প্ৰতিবাদ আৰম্ভ হৈছিল ৷ হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ অভাৱ আৰু জৰাজীৰ্ণ বিদ্যালয় ভৱনৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিছিল ।স্কুললৈ যোৱা বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী ৰাজপথলৈ ওলাই অহাটো আচৰিত যেন লাগিল ৷ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আছিল আৰু এই প্ৰতিবাদ দেশখনৰ দক্ষিণৰ মাৰ্চেইলৰ পৰা পেৰিছ আৰু ফ্ৰান্স বাকী অংশলৈকে বিয়পি পৰিল ।কেইবাটাও স্থানত কিশোৰ প্ৰতিবাদকাৰী আৰু…
Read More
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১৬ ঘণ্টীয়া জটিল অস্ত্ৰোপচাৰ সফল

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১৬ ঘণ্টীয়া জটিল অস্ত্ৰোপচাৰ সফল

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত শুকুৰবাৰে সফলতাৰে সম্পন্ন হয় যকৃত সংৰোপণ। যকৃত সংৰোপণৰ অস্ত্ৰোপচাৰে ৰাজ্যৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰখনত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। প্ৰায় ১৬ ঘণ্টা ধৰি চলা এই জটিল অস্ত্ৰোপচাৰটো সফলতাৰে সম্পন্ন হৈছে । এই কথা আজি সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী অশোক সিংঘালে।উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বত ২০২৫ চনতে ৰাজ্যৰ স্বাস্থ্য বিভাগে যকৃত সংৰোপণ আৰু ইয়াৰ আনুষংগিক চিকিৎসা ব্যৱস্থা গঢ়ি তোলাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছিল।
Read More