উত্তৰ-পূৱ

ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক

ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক

ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক। বিজেপি প্ৰাৰ্থী ৰেখা পাত্ৰৰ হৈ ধন বিলোৱাৰ অভিযোগ নাথৰ বিৰুদ্ধে।পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ধন বিলোৱাৰ অভিযোগত আটক কৰে বিজেপি প্ৰাৰ্থীগৰাকীক।
Read More
উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।একেলগে দুর্ঘটনাগ্রস্ত কেইবাখনো বাহন।জীৱন্তে অগ্নিদগ্ধ হৈ বাহনত থকা ১১জনৰ লোকৰ মৃত্যু।দুর্ঘটনাৰ পাছতে ভস্মীভূত হয় কেইবাখনো বাহন ।
Read More
ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ

ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ

ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ। ভিডিঅ' প্ৰকাশ কৰিলে ইৰানে। কেনেকৈ ইৰানে চলাইছিল অভিযান? মুখত ক'লা কাপোৰ মাৰি জাহাজত প্ৰৱেশ কৰিছিল ইৰানী সেনা। MSC ফ্রান্সকো আৰু এপামিনন্দেছ নামৰ জাহাজ দুখন কব্জা কৰে ইৰানে। অনুমতি অবিহনে জাহাজকেইখনে হৰমুজ অতিক্ৰম কৰাৰ অভিযোগ। জাহাজ দুখন ৰখাবলৈ নির্দেশ দিছিল IRGC-এ। এই নির্দেশ অমান্য কৰাৰ বাবে গুলীচালনা কৰেIRGC-এ ।
Read More
২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিনক লৈ অন্ত পৰিল জল্পনা-কল্পনা। কিয়নো ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিন। সামাজিক মাধ্যমিক যোগে ফলাফল প্ৰকাশ পোৱাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পূৰ্বে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ২১ এপ্ৰিলৰ পাছত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব বুলি উল্লেখ কৰিছিল।
Read More
বশিষ্ঠত হেৰ’ইন আৰু নগদ ধনসহ ড্ৰাগছ সৰবৰাহকাৰী ‘হনুমান’ আৰক্ষীৰ জালত

বশিষ্ঠত হেৰ’ইন আৰু নগদ ধনসহ ড্ৰাগছ সৰবৰাহকাৰী ‘হনুমান’ আৰক্ষীৰ জালত

ৰাজ্যজুৰি অব্যাহত থকা নিষিদ্ধ ড্ৰাগছৰ অবাধ বেহাৰ মাজতে এইবাৰ এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি বশিষ্ঠ আৰক্ষীৰ এটা দলে কালিবাৰী পথত এক বিশেষ অভিযান চলায়। বেংগলী বস্তিৰ এটা গোপন আস্থানত আৰক্ষীয়ে চলোৱা এই আকস্মিক তালাচীত ড্ৰাগছ মাফিয়াৰ এক শক্তিশালী নেটৱৰ্ক ধ্বংস কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। অভিযানৰ কালছোৱাত আৰক্ষীয়ে ৰণঞ্জয় মণ্ডল ওৰফে হনুমান (৪৮) নামৰ এজন কুখ্যাত সৰবৰাহকাৰীক আটক কৰে। চাবোনৰ বাকচত অতি কৌশলেৰে লুকুৱাই থোৱা অৱস্থাত আৰক্ষীৰ দলটোৱে প্ৰায় ২৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে। কেৱল ড্ৰাগছেই নহয়, অভিযুক্তৰ জিম্মাৰ পৰা ড্ৰাগছ বিক্ৰীৰ নগদ ২,০৩,২৫০ টকা আৰু দুটা ম’বাইল ফোনো জব্দ কৰা হৈছে। প্ৰাথমিক…
Read More
গান শুনাৰ বাবে কিশোৰীক প্ৰাণঘাতী আক্ৰমণ, বৰপথাৰত উত্তেজনা

গান শুনাৰ বাবে কিশোৰীক প্ৰাণঘাতী আক্ৰমণ, বৰপথাৰত উত্তেজনা

ম’বাইলত উচ্চস্বৰত গান শুনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সামান্য তৰ্কৰ পৰিণতিতে বৰপথাৰত সংঘটিত হ’ল এক জঘন্য হত্যাকাণ্ড। সৰুপথাৰ সমষ্টিৰ বৰপথাৰ থানাৰ অন্তৰ্গত খাৰুৱা গাঁৱত চুবুৰীয়াই এগৰাকী ১৯ বছৰীয়া যুৱতীক মৰিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চৰম উত্তেজনাৰ সৃষ্টি কৰিছে। বিহুৰ বতৰতে যোৱা ১৮ এপ্ৰিলৰ নিশা সংঘটিত হোৱা এই লোমহৰ্ষক হত্যাকাণ্ডৰ বলি হোৱা কিশোৰীগৰাকীৰ নাম সোণটি মূঢ়া (১৯) বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, সোণটিয়ে নিজৰ ম’বাইলত গান শুনি থকা অৱস্থাতে চুবুৰীয়া তথা সম্পৰ্কীয় কেইবাগৰাকীও পুৰুষ-মহিলাই মদ্যপান কৰি আহি যুৱতীগৰাকীৰ সৈতে তৰ্কত লিপ্ত হয়। একাংশ উন্মত্ত লোকে যুৱতীগৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত থিতাতে মৃত্যু ঘটে। হত্যাকাণ্ডক গাপ দিবলৈ দুষ্কৃতিকাৰীয়ে মৃতদেহটো…
Read More
ধাৰাসাৰ বৃষ্টিপাতত অসমত কৃষিখণ্ড বিপদত, ব্যাপক ক্ষতিৰ ভয়

ধাৰাসাৰ বৃষ্টিপাতত অসমত কৃষিখণ্ড বিপদত, ব্যাপক ক্ষতিৰ ভয়

অসমত ধাৰাবাহিকভাৱে হৈ থকা অত্যধিক প্ৰাক-মৌচুমী বৰষুণে ৰাজ্যৰ কৃষিখণ্ডলৈ কঢ়িয়াই আনিছে এক চৰম বিপৰ্যয়। মঙলবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে বৰষুণ আৰু আৰ্দ্ৰতাৰ বাবে বিভিন্ন প্ৰান্তত শাক-পাচলি আৰু মাকৈ খেতিৰ ব্যাপক ক্ষতি হোৱা বুলি সদৰী কৰে। বিশেষকৈ মার্চ মাহত স্বাভাৱিকতকৈ ১২৯ শতাংশ অধিক বৰষুণ হোৱাৰ ফলত খেতিপথাৰত পানী জমা হৈ শস্য নষ্ট হোৱাৰ উপৰি উৎপাদন হ্ৰাস পোৱাৰ প্ৰবল সম্ভাৱনাই দেখা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ৰাজ্যখনত প্ৰাক-মৌচুমী কালছোৱাত বৰ্তমানলৈকে গড়ে ৫৬ শতাংশ অতিৰিক্ত বৰষুণ নথিভুক্ত কৰা হৈছে। বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী ড০ প্ৰশান্ত নেওগে কয়, "এইবাৰ প্ৰাক-মৌচুমী বৰষুণ অভূতপূৰ্ব হৈছে। বৰষুণৰ ফলত আলু চপোৱাৰ সময়তে খেতি…
Read More
নিয়ম ভংগ কৰিলে কঠোৰ ব্যৱস্থা, ম’হ যুঁজ বন্ধৰ আদেশ আদালতৰ

নিয়ম ভংগ কৰিলে কঠোৰ ব্যৱস্থা, ম’হ যুঁজ বন্ধৰ আদেশ আদালতৰ

অসমত পৰম্পৰাগতভাৱে চলি অহা ম’হ যুঁজৰ আয়োজনৰ ওপৰত গৌহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে জাৰি কৰে এক অন্তৱৰ্তীকালীন নিষেধাজ্ঞা। ৰাজ্যত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো ধৰণৰ ম’হ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে আদালতে। ন্যায়াধীশ অঞ্জনমণি কলিতাই প্ৰদান কৰা এই নিৰ্দেশত গৃহ আৰু ৰাজনৈতিক বিভাগক যিকোনো ধৰণৰ উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ দণ্ডনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। পশু কল্যাণ সংস্থা 'পেটা ইণ্ডিয়া'ই চলিত বৰ্ষৰ জানুৱাৰীত বিভিন্ন প্ৰান্তত অনুষ্ঠিত ম’হ যুঁজৰ নৃশংসতাৰ তথ্য দাঙি ধৰি দাখিল কৰা এক আবেদনৰ ভিত্তিত আদালতে এই ৰায় প্ৰদান কৰে। ম’হ যুঁজৰ দৰে কাৰ্যকলাপ ১৯৬০ চনৰ ‘প্ৰতিৰোধ আৰু পশু নিৰ্যাতন আইন’ৰ বিৰুদ্ধে যায় বুলি উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে।…
Read More
চুৰাচান্দপুৰত ‘হিনচি’ আঁচনি শুভাৰম্ভ, পপী খেতিৰ বিকল্প জীৱিকাৰ পথ

চুৰাচান্দপুৰত ‘হিনচি’ আঁচনি শুভাৰম্ভ, পপী খেতিৰ বিকল্প জীৱিকাৰ পথ

মণিপুৰত নিষিদ্ধ পপী খেতিৰ পৰম্পৰাগত কৱলৰ পৰা কৃষকক উদ্ধাৰ কৰি এক সুস্থ অৰ্থনীতি গঢ়াৰ বিশেষ তৎপৰতা চলাইছে আৰক্ষীয়ে। ৰাজ্যখনত চলি থকা নিচাজাতীয় দ্ৰব্য বিৰোধী কঠোৰ এনফ’ৰ্চমেণ্টৰ মাজতে এতিয়া পোহৰলৈ আহিছে বিকল্প জীৱিকাৰ এক আশাব্যঞ্জক ছবি। চুৰাচান্দপুৰ জিলাত ‘হিনচি’ নামৰ এক বিশেষ আঁচনিৰ জৰিয়তে ১২৭ টা পৰিয়ালক পপীৰ সলনি আদা, মটৰ আৰু কলৰ দৰে লাভজনক শস্যৰ খেতি কৰিবলৈ উৎসাহিত কৰিছে আৰক্ষী আৰু এনচিবিৰ যৌথ দলে। নিচামুক্ত সমাজ গঢ়াৰ এই প্ৰচেষ্টাৰ সমান্তৰালকৈ মঙলবাৰে মায়াং ইম্ফল থংখঙত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ সুৰা। আন্দ্ৰ' খুনৌ লৈকাইৰ ২৬ বছৰীয় চিঙাখাম নিলাবীৰ সিঙক এই অভিযানৰ সময়তে আৰক্ষীয়ে আটক কৰে। ধৃত যুৱকজনৰ পৰা প্ৰায় ২৭০…
Read More
ৰাষ্ট্ৰীয় ছেইলিং চেম্পিয়নশ্বিপত অসম কন্যাৰ কৃতিত্ব; গোৱাত ৰূপৰ পদক জয় নিশামণি বৰাৰ

ৰাষ্ট্ৰীয় ছেইলিং চেম্পিয়নশ্বিপত অসম কন্যাৰ কৃতিত্ব; গোৱাত ৰূপৰ পদক জয় নিশামণি বৰাৰ

ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ জীয়ৰী নিশামণি বৰাই। গোৱাত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ সৰ্বভাৰতীয় নেচনেল ছেইলিং চেম্পিয়নশ্বিপত নিশামণিয়ে অৰ্জন কৰে ৰূপৰ পদক। যোৱা ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ অনুষ্ঠিত হোৱা এই মেগা প্ৰতিযোগিতাখনৰ ‘IQ Foil Windsurfing Women’s’ শাখাত অসমক প্ৰতিনিধিত্ব কৰিছিল সৰুপথাৰৰ এইগৰাকী সাহসী খেলুৱৈয়ে। সাগৰৰ বুকুত দুঃসাহসিকতাৰে উইণ্ড ছাৰ্ফিং কৰি নিশামণিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ হিচাপে নিজৰ স্থিতি পুনৰ দৃঢ় কৰি তুলিছে। সৰুপথাৰৰ নগাজৰি দ'চুক গাঁৱৰ এক কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নিশামণিৰ ক্ৰীড়া যাত্ৰা আৰম্ভ হৈছিল এনচিচিৰ জৰিয়তে। এনচিচিৰ কেম্পত উইণ্ড ছাৰ্ফিং খেলৰ এজন পৰ্যবেক্ষকৰ পৰামৰ্শ লাভ কৰাৰ পাছতেই এই দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈছিল তেওঁ।…
Read More