অসম

৮২ জনীয়া SRPF ক কাজিৰঙাত সন্মান: গঁড় চিকাৰ বিৰোধী অভিযানত অৰিহণা

৮২ জনীয়া SRPF ক কাজিৰঙাত সন্মান: গঁড় চিকাৰ বিৰোধী অভিযানত অৰিহণা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ বিৰোধী অভিযান শক্তিশালী কৰিবলৈ নিযুক্তি দিয়া বিশেষ গঁড় সুৰক্ষা বাহিনী (SRPF) ক শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত অসমৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু কেশৱ মহন্ত উপস্থিত থাকে। কাৰ্যসূচীত কাজিৰঙাৰ একশৃংগ গঁড়ৰ জনসংখ্যা সুৰক্ষাৰ বাবে নিয়োজিত অগ্ৰণী বনকৰ্মীসকলৰ অৱদানক স্বীকৃতি দিয়া হয়। ২০১৯ চনত বিশেষ প্ৰশিক্ষণৰ পিছত ৮২ জনীয়া SRPF ক কাজিৰঙাত নিযুক্তি দিয়া হৈছিল। উদ্যানখনৰ চিকাৰ বিৰোধী ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কৰ্তৃপক্ষই এই পদক্ষেপ লৈছিল। অতীতত কাজিৰঙাই গঁড় চিকাৰৰ গুৰুতৰ সংকটৰ সন্মুখীন হৈছিল। ২০১৩ আৰু ২০১৪ চনত প্ৰতিবছৰে ২৭ টাকৈ গঁড়…
Read More
বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথক কেন্দ্ৰৰ সেউজ সংকেত; ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা

বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথক কেন্দ্ৰৰ সেউজ সংকেত; ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা

বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথৰ প্ৰস্তাৱক গুৰুত্বসহকাৰে বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিজেপি সাংসদ সুষ্মিতা দেৱে দাখিল কৰা স্মাৰক-পত্ৰৰ উত্তৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰস্তাৱিত বিকল্প ৰে’লপথৰ প্ৰকল্পটো প্ৰক্ৰিয়াধীন হৈ থকাৰ কথা জনোৱাৰ লগতে ইয়াৰ বাবে প্ৰায় ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনাৰ কথাও অৱগত কৰে। বৰাক উপত্যকাৰ জনসাধাৰণৰ বাবে বিকল্প ব্ৰডগজ ৰে’লপথৰ দাবী এতিয়া এক প্ৰয়োজনীয়তা হৈ পৰিছে বুলি কয় সুষ্মিতা দেৱে। ৰে’ল মন্ত্ৰীৰ সঁহাৰিক আদৰণি জনাই প্ৰস্তাৱিত প্ৰকল্পটোৱে শীঘ্ৰে গতি লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে সাংসদগৰাকীয়ে। ইফালে, সুষ্মিতা দেৱে কয় যে প্ৰস্তাৱিত বিকল্প ৰে’লপথৰ বিষয়টো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছে। বৰাক…
Read More
উজনি অসমৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ বৃদ্ধি; ১৩খন জিলাত এতিয়াও প্ৰভাৱিত ১.৫৫ লাখতকৈ অধিক লোক

উজনি অসমৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ বৃদ্ধি; ১৩খন জিলাত এতিয়াও প্ৰভাৱিত ১.৫৫ লাখতকৈ অধিক লোক

বান শাম কাটিলেও এতিয়াও অন্ত পৰা নাই বানে সৃষ্টি কৰা বিভীষিকা! উজনি অসমত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিৰ মাজতে আৰু এজন লোকৰ মৃত্যু হোৱাত চলিত বৰ্ষৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ বৃদ্ধি পাইছে। চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰত সংঘটিত হৈছে শেহতীয়া মৃত্যুৰ ঘটনা। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, শুকুৰবাৰে বানপীড়িত জিলাৰ সংখ্যা ১৫খনৰ পৰা ১৩খনলৈ হ্ৰাস পাইছে। একেদৰে বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যাও ১.৬৮ লাখৰো অধিকৰ পৰা ১,৫৫,৮৪৯ জনলৈ কমিছে। শিৱসাগৰ, গোলাঘাট, নগাঁও, হোজাই, শোণিতপুৰ, ধেমাজি, দৰং, বিশ্বনাথ, কামৰূপ মহানগৰ, লখিমপুৰ, ওদালগুৰি, যোৰহাট আৰু চৰাইদেউ জিলাত এতিয়াও বানৰ প্ৰভাৱ অব্যাহত আছে। বৰ্তমান ৩৩টা ৰাজহ চক্ৰৰ ৪৬৪খন গাঁও বানৰ কবলত…
Read More
মানুহক সাক্ষাৎ কৰাত বাধা দিয়াৰ অভিযোগ; ঘৰত নিয়োজিত আৰক্ষী বিষয়াক আঁতৰোৱাৰ দাবী চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ

মানুহক সাক্ষাৎ কৰাত বাধা দিয়াৰ অভিযোগ; ঘৰত নিয়োজিত আৰক্ষী বিষয়াক আঁতৰোৱাৰ দাবী চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ

নিজৰ সৈতে সাক্ষাৎ কৰিবলৈ অহা লোকক বাধা দিয়াৰ অভিযোগক লৈ আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত যুৱ নেতাগৰাকীয়ে কয় যে তেওঁ নিবিচৰা সত্ত্বেও এগৰাকী উপ-আৰক্ষী পৰিদৰ্শকক তেওঁৰ ছত্ৰপতি সম্ভাজীনগৰস্থিত বাসগৃহৰ বাহিৰত নিয়োজিত কৰি ৰখা হৈছে। ইয়াৰ কাৰণ হিচাপে তেওঁ অভিযোগ কৰে যে এই আৰক্ষী বিষয়াগৰাকীয়ে দীপকেক লগ কৰিবলৈ অহা লোকসকলক বাধা প্ৰদান কৰে। নিৰাপত্তাৰ বাবে দীপকৰ বাসগৃহত আৰক্ষী নিয়োজিত হৈ থকাৰ মাজতে বিষয়াগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপকগৰাকীয়ে। দীপকেৰ অভিযোগ অনুসৰি, লোকসকল তেওঁৰ সৈতে সাক্ষাৎ কৰিবলৈ বাসগৃহলৈ আহিলে উপ-আৰক্ষী পৰিদৰ্শকগৰাকীয়ে তেওঁলোকক বাহিৰলৈ যাবলৈ কয়। একে সময়তে তেওঁৰ…
Read More
বানৰ ক্ষতিৰ বৈজ্ঞানিক মূল্যায়নৰ বাবে যোৰহাটত ডিজিটেল জৰীপ প্ৰশিক্ষণ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

বানৰ ক্ষতিৰ বৈজ্ঞানিক মূল্যায়নৰ বাবে যোৰহাটত ডিজিটেল জৰীপ প্ৰশিক্ষণ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

বানক্ষতিৰ দ্ৰুত, স্বচ্ছ আৰু প্ৰযুক্তিনিৰ্ভৰ মূল্যায়ন নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ কনভেনচন চেণ্টাৰত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত অঞ্চলৰ বাবে ডিজিটেল জৰীপ প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। শেহতীয়া ভয়ংকৰ বানত এই চাৰিটা জিলাৰ ক্ষতিগ্ৰস্ত লোকৰ হোৱা লোকচানৰ বৈজ্ঞানিক আৰু সামগ্ৰিক মূল্যায়নৰ সুবিধাৰ্থে এই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে।এই প্ৰশিক্ষণৰ জৰিয়তে প্ৰযুক্তিনিৰ্ভৰ জৰীপ প্ৰক্ৰিয়াৰ আৰম্ভণি হ’ল, যিয়ে পুনৰ্স্থাপন আৰু সাহায্যৰ বাবে চৰকাৰক এখন নিখুঁত তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰাত সহায় কৰিব। উদ্বোধনী অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰীয়ে যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ASDMA) ৰ জ্যেষ্ঠ…
Read More
জনগণনা ২০২৭ৰ থিম ছং মুকলি; প্ৰয়াত জুবীন গাৰ্গৰ কণ্ঠত গীত

জনগণনা ২০২৭ৰ থিম ছং মুকলি; প্ৰয়াত জুবীন গাৰ্গৰ কণ্ঠত গীত

গুৱাহাটীত আজি অনুষ্ঠিত এক কাৰ্যসূচীত জনগণনা কাৰ্য্যালয়, অসম (DCO) -এ চৰকাৰীভাৱে জনগণনা ২০২৭ৰ থিম ছং মুকলি কৰে। এই অনুষ্ঠানে জনগণনা ২০২৭ৰ জনসজাগতা অভিযানৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰে। ৰাজ্যৰ সকলো নাগৰিকক জনগণনা প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাই এই অভিযানৰ মূল লক্ষ্য। প্ৰয়াত কিংবদন্তি গায়ক জুবীন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি হিচাপে চাকি প্ৰজ্বলনৰে কাৰ্যসূচী আৰম্ভ হয়। জুবীন গাৰ্গৰ কণ্ঠত ৰেকৰ্ড কৰা জনগণনা ২০২৭ৰ থিম ছংটোৱে অসমৰ ৰাইজক অনুপ্ৰাণিত কৰি যাব। এই থিম ছংটো গাইছে প্ৰয়াত জুবীন গাৰ্গে আৰু গীতৰ কথা লিখিছে কোকৰাঝাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। তেওঁৰ হৃদয়স্পৰ্শী কথাই জনগণনা ২০২৭ৰ আত্মাক আৰু ৰাষ্ট্ৰগঠনত প্ৰতিজন ব্যক্তিৰ অংশগ্ৰহণৰ গুৰুত্বক সুন্দৰভাৱে ফুটাই…
Read More
ভাৰতীয় বায়ুসেনাৰ ‘টপ গান’ প্ৰশিক্ষণত প্ৰথম মহিলা; ইতিহাস গঢ়িলে স্কোৱাড্ৰন লীডাৰ ভাবনা কান্তে

ভাৰতীয় বায়ুসেনাৰ ‘টপ গান’ প্ৰশিক্ষণত প্ৰথম মহিলা; ইতিহাস গঢ়িলে স্কোৱাড্ৰন লীডাৰ ভাবনা কান্তে

আকাশত দেশৰ সুৰক্ষাৰ দায়িত্ব বহন কৰা মহিলা যুঁজাৰু পাইলটৰ তালিকাত পুনৰ সংযোজিত হ’ল এক ঐতিহাসিক অধ্যায়। ভাৰতীয় বায়ুসেনাৰ অভিজাত ‘টপ গান’ বিদ্যালয়ৰ কঠিন প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস গঢ়িলে স্কোৱাড্ৰন লীডাৰ ভাবনা কান্তে। গোৱালিয়ৰত অৱস্থিত টেকটিকছ এণ্ড এয়াৰ কমবেট ডেভেলপমেণ্ট ইষ্টাব্লিছমেণ্টত ২০ সপ্তাহজোৰা ফাইটাৰ কমবেট লীডাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে ভাবনা কান্তে। ভাৰতীয় বায়ুসেনাৰ আটাইতকৈ উন্নত যুঁজাৰু বিমান প্ৰশিক্ষণসমূহৰ অন্যতম এই পাঠ্যক্ৰমলৈ প্ৰতি ১০০জন পাইলটৰ ভিতৰত প্ৰায় এজনকহে নিৰ্বাচন কৰা হয়। এই প্ৰতিষ্ঠানৰ পৰা এতিয়ালৈ কোনো মহিলাই এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰা নাছিল। বিহাৰৰ এখন সৰু চহৰত ডাঙৰ-দীঘল হোৱা সময়ৰ পৰাই বিমান চলোৱাৰ সপোন দেখা ভাবনা কান্তে ২০১৬ চনত…
Read More
উত্তম ভৱিষ্যতৰ বাবে জেন-জি-ৰ ওপৰত মোৰ বিশ্বাস আছে: মোহন ভাগৱত

উত্তম ভৱিষ্যতৰ বাবে জেন-জি-ৰ ওপৰত মোৰ বিশ্বাস আছে: মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে নতুন প্ৰজন্ম বা ‘জেন-জি’-ৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰিছে। মুম্বাইত অনুষ্ঠিত ‘ইণ্ডিয়াছ ইণ্টাৰনেশ্যনেল মুভমেণ্ট টু ইউনাইট নেচনছ’-ৰ ১৫ সংখ্যক বাৰ্ষিক অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব আৰু তেওঁলোকৰ শক্তিৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। তেওঁ কয় যে গণতান্ত্ৰিক ব্যৱস্থাত প্ৰতিবাদ হৈছে বাক-বিতণ্ডা বা আলোচনাৰ এক মাধ্যম। প্ৰতিবাদৰ উদ্দেশ্য সমাজক ভাগ কৰা নহয়, বৰঞ্চ আলোচনাৰ জৰিয়তে সন্মতি গঢ়ি তোলা আৰু ব্যৱস্থাৰ শুধৰণি কৰাহে হ’ব লাগে। লগতে কয় যে দেশৰ শিক্ষা খণ্ডৰ বিকাশৰ বাবে মুঠ বাজেটৰ অন্তত ৬ শতাংশ পুঁজি ধাৰ্য কৰাটো অতি প্ৰয়োজনীয়। সমাজৰ পৰা বৈষম্য আঁতৰ নোহোৱালৈকে সংৰক্ষণ…
Read More
অসমৰ সংকটৰ সময়ত কাষত থিয় দিয়াটো আমাৰ দায়িত্বঃ বান সাহায্যলৈ ৩ কোটি টকা ঘোষণা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ

অসমৰ সংকটৰ সময়ত কাষত থিয় দিয়াটো আমাৰ দায়িত্বঃ বান সাহায্যলৈ ৩ কোটি টকা ঘোষণা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ

ভয়ংকৰ বানত বিধ্বস্ত অসমৰ কাষত থিয় দিলে ঝাৰখণ্ড চৰকাৰ। বানাক্ৰান্ত ৰাজ্যখনৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ কামত সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে। অসমৰ বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰযোগে এই সাহায্যৰ কথা সদৰি কৰে ছোৰেনে। অসমৰ বানত প্ৰাণ আৰু সম্পত্তিৰ ব্যাপক ক্ষতিৰ বাবে গভীৰ দুখ প্ৰকাশ কৰি ছোৰেনে কয়, "এই সংকটৰ সময়ত ইজনে সিজনৰ কাষত থিয় দিয়াটোৱে আমাৰ সৰ্ববৃহৎ দায়িত্ব। অসমৰ বানাক্ৰান্ত পৰিয়ালসমূহক সহায় কৰিবলৈ ঝাৰখণ্ডৰ জনসাধাৰণ আৰু প্ৰতিষ্ঠানসমূহ আগবাঢ়ি আহক।" ঝাৰখণ্ড চৰকাৰ আৰু ৰাজ্যখনৰ জনসাধাৰণ অসমৰ এই দুৰ্যোগৰ সময়ত দৃঢ়ভাৱে কাষত…
Read More
বানগ্ৰস্ত শিৱসাগৰত উপস্থিত হাগ্ৰামা মহিলাৰী; ১০৪ জনীয়া দলে বিতৰণ কৰিলে সাহায্য সামগ্ৰী

বানগ্ৰস্ত শিৱসাগৰত উপস্থিত হাগ্ৰামা মহিলাৰী; ১০৪ জনীয়া দলে বিতৰণ কৰিলে সাহায্য সামগ্ৰী

দীৰ্ঘদিন ধৰি বানৰ কবলত থকা শিৱসাগৰৰ বানাক্ৰান্ত লোকসকলৰ কাষত থিয় দিবলৈ এইবাৰ উজনি অসমলৈ আহিল বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী। বৃহস্পতিবাৰে ১০৪ জনীয়া সাহায্যকাৰী দলৰ সৈতে শিৱসাগৰত উপস্থিত হৈ বানপীড়িত পৰিয়ালসমূহৰ মাজত বিচনাৰ চাদৰ, আঠুৱা, স্বাস্থ্য-সুৰক্ষা সামগ্ৰীকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে মহিলাৰীয়ে। এই সাহায্য অভিযানত বিটিচিৰ প্ৰধানগৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক অৰুপ কুমাৰ দে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰতিনিধি দলটোক আদৰণি জনোৱাৰ লগতে বানাক্ৰান্ত অঞ্চলসমূহলৈ সংগ দিয়ে। জানিব পৰা মতে, কোকৰাঝাৰৰ পৰা অহা বিটিচিৰ দলটোৱে হাজাৰ হাজাৰ বিচনাৰ চাদৰ, আঠুৱা, স্বাস্থ্য-সুৰক্ষা সামগ্ৰী আৰু আন অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী কঢ়িয়াই আনে। দীৰ্ঘদিন ধৰি বানৰ পানীত আৱদ্ধ হৈ স্বাভাৱিক জীৱন ব্যাহত হোৱা…
Read More