ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে নতুন প্ৰজন্ম বা ‘জেন-জি’-ৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰিছে। মুম্বাইত অনুষ্ঠিত ‘ইণ্ডিয়াছ ইণ্টাৰনেশ্যনেল মুভমেণ্ট টু ইউনাইট নেচনছ’-ৰ ১৫ সংখ্যক বাৰ্ষিক অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব আৰু তেওঁলোকৰ শক্তিৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। তেওঁ কয় যে গণতান্ত্ৰিক ব্যৱস্থাত প্ৰতিবাদ হৈছে বাক-বিতণ্ডা বা আলোচনাৰ এক মাধ্যম।
প্ৰতিবাদৰ উদ্দেশ্য সমাজক ভাগ কৰা নহয়, বৰঞ্চ আলোচনাৰ জৰিয়তে সন্মতি গঢ়ি তোলা আৰু ব্যৱস্থাৰ শুধৰণি কৰাহে হ’ব লাগে। লগতে কয় যে দেশৰ শিক্ষা খণ্ডৰ বিকাশৰ বাবে মুঠ বাজেটৰ অন্তত ৬ শতাংশ পুঁজি ধাৰ্য কৰাটো অতি প্ৰয়োজনীয়। সমাজৰ পৰা বৈষম্য আঁতৰ নোহোৱালৈকে সংৰক্ষণ ব্যৱস্থা অব্যাহত থাকিব লাগে। চছিয়েল মিডিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পৰিৱৰ্তে সঠিক নিয়ন্ত্ৰণৰ পোষকতা কৰে ভাগৱতে।
ইয়াৰ উপৰি শ্ৰমৰ প্ৰতি সন্মান বৃদ্ধিৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ ভাৰতৰ উন্নয়নৰ আৰ্হীত সালসলনি কৰাৰ প্ৰয়োজন। পৰিস্থিতি অনুসৰি দেশৰ সুৰক্ষা আৰু চৰকাৰী নীতিৰ সতে নাগৰিকসকল একত্ৰিত হ’ব লাগে। যুৱ প্ৰজন্মক দেশৰ উন্নয়ন আৰু সমাজ প্ৰগতিৰ মূল শক্তি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সংঘই এই বাৰ্তা প্ৰেৰণ কৰিছে।
