নিজৰ সৈতে সাক্ষাৎ কৰিবলৈ অহা লোকক বাধা দিয়াৰ অভিযোগক লৈ আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত যুৱ নেতাগৰাকীয়ে কয় যে তেওঁ নিবিচৰা সত্ত্বেও এগৰাকী উপ-আৰক্ষী পৰিদৰ্শকক তেওঁৰ ছত্ৰপতি সম্ভাজীনগৰস্থিত বাসগৃহৰ বাহিৰত নিয়োজিত কৰি ৰখা হৈছে। ইয়াৰ কাৰণ হিচাপে তেওঁ অভিযোগ কৰে যে এই আৰক্ষী বিষয়াগৰাকীয়ে দীপকেক লগ কৰিবলৈ অহা লোকসকলক বাধা প্ৰদান কৰে।
নিৰাপত্তাৰ বাবে দীপকৰ বাসগৃহত আৰক্ষী নিয়োজিত হৈ থকাৰ মাজতে বিষয়াগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপকগৰাকীয়ে। দীপকেৰ অভিযোগ অনুসৰি, লোকসকল তেওঁৰ সৈতে সাক্ষাৎ কৰিবলৈ বাসগৃহলৈ আহিলে উপ-আৰক্ষী পৰিদৰ্শকগৰাকীয়ে তেওঁলোকক বাহিৰলৈ যাবলৈ কয়। একে সময়তে তেওঁৰ বাসগৃহলৈ কোন আহিছে আৰু কোনে তেওঁৰ সৈতে সাক্ষাৎ কৰিছে, সেই বিষয়তো আৰক্ষী বিষয়াগৰাকীয়ে নজৰ ৰাখে।
সামাজিক মাধ্যমত ভাইৰেল হোৱা দুটা ভিডিঅ’তো বিষয়টোৰ কিছু দৃশ্য দেখা গৈছে। এটা ভিডিঅ’ত সাধাৰণ পোছাকত থকা উপ-আৰক্ষী পৰিদৰ্শকগৰাকীৰ সৈতে দীপকেই কথা পতা দেখা যায়। আৰক্ষী বিষয়াগৰাকীক ‘সুৰেশ’ নামেৰে চিনাক্ত কৰি তেওঁক বাসগৃহৰ পৰা ওলাই যাবলৈ কয় দীপকেই। আনটো ভিডিঅ’ত এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াৰ সৈতে ফোনযোগে কথা পাতি বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাতাগৰাকীয়ে।
আৰক্ষী বিষয়াগৰাকীৰ আচৰণক লৈ ক্ষোভ প্ৰকাশ কৰি দীপকেই কয়, “মই যেতিয়া মানুহক মোৰ ঘৰলৈ আহিবলৈ কৈছোঁ, তেন্তে তেওঁলোকক ইয়ালৈ অহাত বাধা দিয়াৰ সমস্যা কি? আৰক্ষীয়ে মই কাক লগ কৰিম আৰু কাক লগ নকৰিম, সেই সিদ্ধান্ত ল’ব নোৱাৰে।” বিষয়াগৰাকীক তেওঁৰ নিৰাপত্তা দলৰ পৰা আঁতৰোৱাৰ দাবীও জনায় দীপকেই।
ইয়াৰ উপৰি তেওঁৰ বাসগৃহৰ ওচৰে-পাজৰে সাধাৰণ পোছাকত ৰাজ্যৰ অপৰাধ অনুসন্ধান শাখাৰ লোক ঘূৰি ফুৰাৰ অভিযোগো উত্থাপন কৰে দীপকেই। তেওঁৰ দাবী অনুসৰি, এগৰাকী সংবাদকৰ্মীয়ে বাসগৃহৰ ওচৰত অপৰাধ অনুসন্ধান শাখাৰ লোকক দেখা পোৱাৰ বিষয়ে তেওঁক জনায়। আৰক্ষীয়ে সেই লোকসকলক আঁতৰাবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকে অপৰাধ অনুসন্ধান শাখাৰ কৰ্মী বুলি পৰিচয় দিয়া বুলি দীপকেই দাবী কৰে।
