অসমৰ সংকটৰ সময়ত কাষত থিয় দিয়াটো আমাৰ দায়িত্বঃ বান সাহায্যলৈ ৩ কোটি টকা ঘোষণা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ

ভয়ংকৰ বানত বিধ্বস্ত অসমৰ কাষত থিয় দিলে ঝাৰখণ্ড চৰকাৰ। বানাক্ৰান্ত ৰাজ্যখনৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ কামত সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে। অসমৰ বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰযোগে এই সাহায্যৰ কথা সদৰি কৰে ছোৰেনে।

অসমৰ বানত প্ৰাণ আৰু সম্পত্তিৰ ব্যাপক ক্ষতিৰ বাবে গভীৰ দুখ প্ৰকাশ কৰি ছোৰেনে কয়, “এই সংকটৰ সময়ত ইজনে সিজনৰ কাষত থিয় দিয়াটোৱে আমাৰ সৰ্ববৃহৎ দায়িত্ব। অসমৰ বানাক্ৰান্ত পৰিয়ালসমূহক সহায় কৰিবলৈ ঝাৰখণ্ডৰ জনসাধাৰণ আৰু প্ৰতিষ্ঠানসমূহ আগবাঢ়ি আহক।”

ঝাৰখণ্ড চৰকাৰ আৰু ৰাজ্যখনৰ জনসাধাৰণ অসমৰ এই দুৰ্যোগৰ সময়ত দৃঢ়ভাৱে কাষত আছে বুলিও হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰে ছোৰেনে। বানত আপোনজনক হেৰুওৱা আৰু সম্পত্তি নষ্ট হোৱা পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

চৰকাৰী সাহায্যৰ লগতে সাধাৰণ জনতা আৰু বিভিন্ন প্ৰতিষ্ঠানকো অসমৰ বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ছোৰেনে। দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাটো কেৱল চৰকাৰী দায়িত্ব নহয়, ই নৈতিক আৰু মানৱীয় দায়িত্ব বুলিও পত্ৰখনত উল্লেখ কৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে, চলিত বৰ্ষৰ অন্যতম ভয়াৱহ বানৰ সৈতে যুঁজি আছে অসমে। শেহতীয়া চৰকাৰী তথ্য অনুসৰি, বানত মৃতকৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ১৫খন জিলাত ১.৬৮ লাখৰো অধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *