26
May
ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক অভূতপূৰ্ব ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰি অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে মাতৃ মৃত্যুৰ হাৰ। জনসাধাৰণৰ সুৰক্ষিত স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ দিশত লাভ কৰা এই বৃহৎ সফলতাৰ কথা মঙলবাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান অসমত মাতৃ মৃত্যুৰ হাৰ ৮৪ লৈ হ্ৰাস পাইছে, য’ত সমগ্ৰ দেশৰ এই ৰাষ্ট্ৰীয় গড় হৈছে ৮৮। এই বিশেষ সাফল্যক নিজৰ ৰাজহুৱা জীৱনৰ আটাইতকৈ এক আবেগিক মুহূৰ্ত বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ পুৰণি দিনৰ কথা স্মৰণ কৰি কয় যে ২০০৬ চনত যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দায়িত্ব লৈছিল, তেতিয়া অসমত মাতৃ মৃত্যুৰ হাৰ আছিল ৪৮০।…
