অসম

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অসম ডন বস্ক’ বিশ্ববিদ্যালত আন্তৰ্জাতিক যুৱ কাৰাটে খেলুৱৈ প্রতিস্মিতা দাসক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অসম ডন বস্ক’ বিশ্ববিদ্যালত আন্তৰ্জাতিক যুৱ কাৰাটে খেলুৱৈ প্রতিস্মিতা দাসক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস লগত সংগতি ৰাখি  দেশজুৰি অনুষ্ঠিত কাৰ্যসূচীৰ অংশ হিচাপে আজি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত  অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰাংগণত  ‘বিকশিত ভাৰত যুৱ সংযোগ – ক্ৰীড়া সংস্কৰণ’  অনুষ্ঠিত হয় । উল্লেখ্য যে কিংবদন্তি  হকী খেলুৱৈ তথা মেজৰ ধ্যানচান্দৰ জন্মজয়ন্তী উপলক্ষে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এইবেলি  দেশজুৰি অনুষ্ঠিত এই কাৰ্যসূচীৰ অন্যতম  আকৰ্ষণ আছিল  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অনুষ্ঠান  নতুন দিল্লীৰ পৰা ভি ডি অ' যোগে কৰা পোনপটীয়া সম্প্ৰচাৰ। অনুষ্ঠানত  প্ৰধানমন্ত্ৰীয়ে দেশৰ ১,৬০০টা স্থানত উপস্থিত ৮ লাখৰো অধিক যুৱ অংশগ্ৰহণকাৰীক সম্বোধন কৰে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, যেনে অলিম্পিক, কমনৱেলথ গেমছ আদিত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত ভাৰতীয়…
Read More
বিদ্যুৎ সংস্কাৰ, গুৱাহাটীৰ আণ্ডাৰগ্ৰাউণ্ড কেবলিঙক লৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

বিদ্যুৎ সংস্কাৰ, গুৱাহাটীৰ আণ্ডাৰগ্ৰাউণ্ড কেবলিঙক লৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নতুন দিল্লীত থকা তেওঁৰ চৰকাৰী বাসভৱনত কেন্দ্ৰীয় শক্তি আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰে আৰু ৰাজ্যৰ শক্তিৰ প্ৰয়োজনীয়তা, বিদ্যুৎ আন্তঃগাঁথনি আৰু নগৰ উন্নয়নৰ অগ্ৰাধিকাৰসমূহ সন্দৰ্ভত বিশদ আলোচনাত মিলিত হয়। বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে অসমৰ উচ্চাকাংক্ষী প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰাৰ লগতে বিদ্যুৎ খণ্ডত গ্ৰাহক-কেন্দ্ৰিক সংস্কাৰৰ বিষয়েও আলোচনা কৰে। আলোচনাত অসমৰ দীৰ্ঘম্যাদী বিদ্যুতৰ প্ৰয়োজনীয়তা আৰু কেন্দ্ৰীয় উৎপাদন কেন্দ্ৰসমূহৰ পৰা ৰাজ্যখনৰ বাবে আবণ্টিত বিদ্যুৎ অধিক যুক্তিসংগতভাৱে ব্যৱহাৰ কৰাৰ উপায়সমূহ সামৰি লোৱা হয়। বৈঠকত গুৱাহাটীৰ বিদ্যুৎ বিতৰণ নেটৱৰ্ক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়, য’ত…
Read More
গুজৰাটৰ নগৰ উন্নয়ন, চেনি উদ্যোগ, সমবায় খণ্ডৰ উত্তম পদ্ধতি অধ্যয়ন অসমৰ মন্ত্ৰীৰ

গুজৰাটৰ নগৰ উন্নয়ন, চেনি উদ্যোগ, সমবায় খণ্ডৰ উত্তম পদ্ধতি অধ্যয়ন অসমৰ মন্ত্ৰীৰ

নিজৰ বিভাগসমূহৰ সৈতে জড়িত বিভিন্ন নীতি, প্ৰাতিষ্ঠানিক পদ্ধতি আৰু উন্নয়নমূলক পদক্ষেপ অধ্যয়নৰ বাবে গুজৰাট ভ্ৰমণৰ অংশ হিচাপে অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী কৌশিক ৰায়ে মঙলবাৰে আহমেদাবাদত নগৰ উন্নয়ন, পৌৰ শাসন, চেনিৰ মূল্য ব্যৱস্থাপনা আৰু সমবায় চেনি উদ্যোগৰ ওপৰত গুৰুত্ব দি একাধিক পৰিদৰ্শন আৰু উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে আহমেদাবাদৰ চাবৰমতী ৰিভাৰফ্ৰণ্ট পৰিদৰ্শন কৰে আৰু আইকনিক অটল দলং পৰিদৰ্শন কৰি প্ৰায় ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিভাৰফ্ৰণ্ট প্ৰকল্পৰ পৰিকল্পনা, উন্নয়ন আৰু বিভিন্ন উপাদানৰ প্ৰত্যক্ষভাৱে বুজ লয়। ইয়াৰ পিছত চাবৰমতী ৰিভাৰফ্ৰণ্ট ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ (SRFDCL) কাৰ্যালয়ত আহমেদাবাদ প্ৰশাসনৰ…
Read More
ৰাষ্ট্ৰীয় ঘাইপথত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ! ৫ গৰাকী মহিলাসহ নিহত ৬, আহত ২০

ৰাষ্ট্ৰীয় ঘাইপথত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ! ৫ গৰাকী মহিলাসহ নিহত ৬, আহত ২০

ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ জন লোকে। ভয়ংকৰ দুৰ্ঘটনাটোত আহত হয় আন ২০ জন যাত্ৰী। তেলেংগানাৰ সূৰ্য্যপেট জিলাৰ ডোৰাকুন্টাত হায়দৰাবাদ-বিজয়ৱাড়া ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱা প্ৰায় ৫ বজাত এখন যাত্ৰীবাহী ব্যক্তিগত বাছ আৰু লোৰ পাইপ কঢ়িওৱা ট্ৰাকৰ মাজত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীৰ তথ্য অনুসৰি, নিহতসকলৰ ভিতৰত পাঁচগৰাকীয়েই মহিলা। লোৰ পাইপভৰ্তি ট্ৰাকখনে আন এখন বাহনক অতিক্ৰম কৰাৰ চেষ্টা চলোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত ট্ৰাকখনৰ আধাপ্ৰান্ত ডিভাইডাৰৰ ওপৰত আৰু বাকী অংশ পথৰ মাজভাগত আৱদ্ধ হৈ ৰয়। তাৰ কিছু সময়ৰ পিছতে হায়দৰাবাদৰ পৰা অন্ধ্ৰপ্ৰদেশৰ এলুৰু অভিমুখী যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই থমকি ৰোৱা…
Read More
অসম-মেঘালয় সংঘাতত পৰ্যটন খণ্ডৰ ১০০ শতাংশ ক্ষতি! ক্ষতিগ্ৰস্ত অসমৰ বাহনক ক্ষতিপূৰণ দিয়াৰ ঘোষণা শ্বিলঙৰ

অসম-মেঘালয় সংঘাতত পৰ্যটন খণ্ডৰ ১০০ শতাংশ ক্ষতি! ক্ষতিগ্ৰস্ত অসমৰ বাহনক ক্ষতিপূৰণ দিয়াৰ ঘোষণা শ্বিলঙৰ

সাম্প্ৰতিক সীমা সংঘাত আৰু পথ অৱৰোধৰ ফলত মেঘালয়ত পৰ্যটন উদ্যোগ প্ৰায় ১০০ শতাংশ লোকচানৰ সন্মুখীন হৈছে। মেঘালয় বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা এই কথা সদৰী কৰে ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী টিমথি ডি চিৰাই। পৰ্যটকৰ সংখ্যা অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ফলত স্থানীয় হোটেল, হোমষ্টে’ আৰু ব্যৱসায়ীসকল গভীৰ আৰ্থিক সংকটত পৰা বুলিও তেওঁ প্ৰকাশ কৰে। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ সফল আলোচনাৰ পাছত সমস্যাৰ সমাধান হোৱা বুলি সদৰী কৰে পৰ্যটন মন্ত্ৰীগৰাকীয়ে। সেয়েহে এতিয়া আন্তঃৰাজ্যিক পথত কোনো ধৰণৰ অৱৰোধ বা বাহন চলাচলত বাধা আৰোপ কৰাৰ প্ৰয়োজন নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। সংঘাতৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত হোৱা অসমৰ পঞ্জীয়নভুক্ত বাহনসমূহৰ গৰাকীক মেঘালয় চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব বুলিও…
Read More
হাইলাকান্দিত পাকিস্তান-সংযোগী নেটৱৰ্কৰ এজেণ্ট গ্ৰেপ্তাৰ; ধৃত লোকৰ সংখ্যা ৪ লৈ বৃদ্ধি

হাইলাকান্দিত পাকিস্তান-সংযোগী নেটৱৰ্কৰ এজেণ্ট গ্ৰেপ্তাৰ; ধৃত লোকৰ সংখ্যা ৪ লৈ বৃদ্ধি

ৰাজ্যত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী তথা দেশবিৰোধী নেটৱৰ্কৰ বিৰুদ্ধে চলোৱা অভিযানত বুধবাৰে পুৱতি নিশা সফলতা লাভ কৰিলে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে। পাকিস্তানস্থিত শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সৈতে জড়িত থকাৰ অভিযোগত এজন ব্যক্তিক হাইলাকান্দি জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলটোৱে। জিলাখনৰ ৰামনাথপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এক অঞ্চলত এছটিএফ আৰু হাইলাকান্দি জিলা আৰক্ষীয়ে যৌথভাৱে অভিযান চলায়। ধৃত অভিযুক্তজনক ২১ বছৰীয়া ফৈজল ইছলাম বৰভূঞা বুলি চিনাক্ত কৰা হৈছে। এই নতুন গ্ৰেপ্তাৰৰ লগে লগে উক্ত নেটৱৰ্কৰ সৈতে জড়িত হৈ ধৰা পৰা মুঠ লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে। আৰক্ষীৰ এক বিবৃতিত প্ৰকাশ পাইছে যে এছটিএফ থানাৰ ০৬/২০২৬ নম্বৰৰ গোচৰটোৰ অধীনত ধৃত বৰভূঞা দীৰ্ঘদিন ধৰি পলাতক…
Read More
শুভেন্দু অধিকাৰীৰ জীৱন আৰু ৰাজনৈতিক যাত্ৰাৰ আধাৰত নিৰ্মাণ কৰা হ’ব দুৰ্গাপূজা মণ্ডপ

শুভেন্দু অধিকাৰীৰ জীৱন আৰু ৰাজনৈতিক যাত্ৰাৰ আধাৰত নিৰ্মাণ কৰা হ’ব দুৰ্গাপূজা মণ্ডপ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ জীৱন আৰু ৰাজনৈতিক সংগ্ৰামক লৈ এইবাৰ সজাই তোলা হ’ব এক ব্যতিক্ৰমী দুৰ্গাপূজাৰ মণ্ডপ। হিন্দু মহাসভাৰ উদ্যোগত মহানগৰীৰ ৰুবি ক্ৰছিঙত অনুষ্ঠিত হ’বলগীয়া এই পূজাৰ মূল বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে 'নন্দীগ্ৰামৰ পৰা নবান্ন: বুবাইৰ জয়যাত্ৰা'। জনপ্ৰিয়ভাৱে 'বুবাই' নামেৰে পৰিচিত মুখ্যমন্ত্ৰীগৰাকীৰ শৈশৱ, ৰাজনীতিত প্ৰৱেশ, বিভিন্ন আন্দোলনৰ সংগ্ৰাম আৰু অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ সমগ্ৰ যাত্ৰাক প্ৰতিফলিত কৰা হ'ব এই মণ্ডপত। বিভিন্ন ভাস্কৰ্য, ফ্লেক্স পেনেল, আলোকচিত্ৰ, মিউৰেল আৰু তথ্যচিত্ৰৰ জৰিয়তে এই ৰাজনৈতিক ইতিহাস দৰ্শনাৰ্থীৰ বাবে উপস্থাপন কৰা হ'ব বুলি উদ্যোক্তাসকলে জনায়। হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি চন্দ্ৰচূড় গোস্বামীয়ে কয়, “মণ্ডপত শুভেন্দু অধিকাৰীৰ এক ক্ষুদ্ৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ উপৰিও তেওঁৰ জীৱনৰ…
Read More
ইণ্ডাছ টাৱাৰ্ছ আৰু ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনে গুৱাহাটীৰ মণ্টেছৰী বিদ্যালয়ত ডিজিটেল শিক্ষণ ব্যৱস্থা শক্তিশালী কৰিলে

ইণ্ডাছ টাৱাৰ্ছ আৰু ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনে গুৱাহাটীৰ মণ্টেছৰী বিদ্যালয়ত ডিজিটেল শিক্ষণ ব্যৱস্থা শক্তিশালী কৰিলে

ইণ্ডাছ টাৱাৰ্ছ লিমিটেডে ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ সহযোগত অসমৰ গুৱাহাটীৰ ৯ মাইলস্থিত চিআৰপিএফ কেম্পাছৰ ভিতৰত থকা জিচি চিআৰপিএফ গুৱাহাটী মণ্টেছৰী স্কুলত দুটা কে-ৱাইএএন (K-YAN) ডিজিটেল শিক্ষণ ডিভাইচ স্থাপনৰ ব্যৱস্থা কৰিছে। উদ্বোধনী অনুষ্ঠানত আঞ্চলিক চিআৰপিএফ পৰিয়াল কল্যাণ সংস্থা (Family Welfare Association)-ৰ মুৰব্বী শ্ৰীমতী নীলম ধ্যানী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ইণ্ডাছ টাৱাৰ্ছ লিমিটেডৰ চাৰ্কলৰ মুখ্য কাৰ্যবাহী বিষয়া (NESA) শ্ৰী ৰাজেন্দৰ গুৰুঙৰ লগতে ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ প্ৰতিনিধি শ্ৰী দিব্যেন্দু দেৱ ৰয় আৰু শ্ৰী সিমৰনদীপ সিং, চিআৰপিএফৰ বিষয়ববীয়া, বিদ্যালয়ৰ প্ৰতিনিধি, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। এই পদক্ষেপৰ লক্ষ্য হৈছে আধুনিক ডিজিটেল শিক্ষণ সঁজুলিৰে শ্ৰেণীকোঠাসমূহ সজ্জিত কৰি অধিক আকৰ্ষণীয়, আন্তঃক্ৰিয়াশীল আৰু ভৱিষ্যৎ-উপযোগী শিক্ষণ পৰিৱেশ…
Read More
ডাউন টাউন বিশ্ববিদ্যালয়ত পদ্মভূষণ যতীন গোস্বামীৰ অংশগ্ৰহণেৰে সত্ৰীয়া সংস্কৃতিৰ আলোচনা

ডাউন টাউন বিশ্ববিদ্যালয়ত পদ্মভূষণ যতীন গোস্বামীৰ অংশগ্ৰহণেৰে সত্ৰীয়া সংস্কৃতিৰ আলোচনা

সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু ডাউন টাউন বিশ্ববিদ্যালয়ৰ আতিথ্যত ২৫/০৮/২০২৬ তাৰিখে এখন মনোজ্ঞ আলোচনা সভা অনুষ্ঠিত হৈ যায় ।প্ৰদীপ কুমাৰ বৰাই আত ধৰা সভাখন পংকজ বৰুৱাৰ বৰগীতেৰে শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা দেৱৰ সভাপতি ত্বত অনুষ্ঠিত হোৱা আলোচনা সভাত আদৰনি ভাষন ৰাখে ড০ প্ৰতীতি বৰ্মন মহোদয়াই। সভাখন উদ্ধোধন কৰে ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নাৰায়ন চন্দ্ৰ তালুকদাৰদেৱে ।মুখ্য অতিথিৰ ভাষন প্ৰদান কৰি ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য্য স্বাস্থ্যৰত্ন ডাঃ নৰেন দত্তই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে আধ্যাত্মিক গুৰুসকল আৰু সত্ৰীয়া সংস্কৃতি অসমীয়া সমাজৰ অপৰিহাৰ্য্য অংগ । সত্ৰীয়া সংস্কৃতি আৰু বৰগীত শিৰষক আলোচনা চক্ৰত মুখ্য আলোচক…
Read More
পুলৱামাত আৰক্ষী-সেনাৰ যৌথ অভিযানত অস্ত্ৰ-শস্ত্ৰসহ দুই সন্ত্ৰাসবাদী সহযোগী গ্ৰেপ্তাৰ

পুলৱামাত আৰক্ষী-সেনাৰ যৌথ অভিযানত অস্ত্ৰ-শস্ত্ৰসহ দুই সন্ত্ৰাসবাদী সহযোগী গ্ৰেপ্তাৰ

সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে চলোৱা এক যৌথ অভিযানত মঙলবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত ধৰা পৰিল দুজন সন্ত্ৰাসবাদী সহযোগী। জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট, সেনাৰ ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চিআৰপিএফৰ ১৮৩ বেটেলিয়নে ৰাজপোৰাৰ চিবি নাথৰ য়াৰৱান বনাঞ্চলত এই অভিযান চলায়। চোৰাংচোৱাৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত ২৪ আৰু ২৫ আগষ্টৰ নিশা অঞ্চলটো ঘেৰি তালাচী চলায় নিৰাপত্তাৰক্ষীৰ যৌথ দলটোৱে। বনাঞ্চলৰ ফালৰ পৰা চিবি নাথ গাঁৱলৈ সন্দেহজনকভাৱে আগবাঢ়ি অহা দুয়োজন লোকক প্ৰত্যক্ষ কৰাৰ লগে লগে জোৱানসকলে আটক কৰে। ধৃত ব্যক্তি দুজনক লাচ্চি ডাবনৰ বাসিন্দা লতিফ আহমেদ দীদাদ আৰু বুন খা বামনুৰ বাসিন্দা এয়াজ আহমেদ বাজাদ বুলি চিনাক্ত কৰা হৈছে। তালাচীৰ সময়ত তেওঁলোকৰ জিম্মাৰ পৰা এটা পিষ্টল, ১২…
Read More