পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ জীৱন আৰু ৰাজনৈতিক সংগ্ৰামক লৈ এইবাৰ সজাই তোলা হ’ব এক ব্যতিক্ৰমী দুৰ্গাপূজাৰ মণ্ডপ। হিন্দু মহাসভাৰ উদ্যোগত মহানগৰীৰ ৰুবি ক্ৰছিঙত অনুষ্ঠিত হ’বলগীয়া এই পূজাৰ মূল বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে ‘নন্দীগ্ৰামৰ পৰা নবান্ন: বুবাইৰ জয়যাত্ৰা’।
জনপ্ৰিয়ভাৱে ‘বুবাই’ নামেৰে পৰিচিত মুখ্যমন্ত্ৰীগৰাকীৰ শৈশৱ, ৰাজনীতিত প্ৰৱেশ, বিভিন্ন আন্দোলনৰ সংগ্ৰাম আৰু অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ সমগ্ৰ যাত্ৰাক প্ৰতিফলিত কৰা হ’ব এই মণ্ডপত। বিভিন্ন ভাস্কৰ্য, ফ্লেক্স পেনেল, আলোকচিত্ৰ, মিউৰেল আৰু তথ্যচিত্ৰৰ জৰিয়তে এই ৰাজনৈতিক ইতিহাস দৰ্শনাৰ্থীৰ বাবে উপস্থাপন কৰা হ’ব বুলি উদ্যোক্তাসকলে জনায়।
হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি চন্দ্ৰচূড় গোস্বামীয়ে কয়, “মণ্ডপত শুভেন্দু অধিকাৰীৰ এক ক্ষুদ্ৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ উপৰিও তেওঁৰ জীৱনৰ উল্লেখযোগ্য মাইলৰ খুঁটিসমূহ তথ্যচিত্ৰৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা হ’ব।”
ইয়াৰ সমান্তৰালকৈ বংগৰ পৰম্পৰাগত পটচিত্ৰ আৰু নান্দনিক শিল্পকলাৰ সংমিশ্ৰণেৰে নিৰ্মাণ কৰা হ’ব এই পূজা পেণ্ডেল। ইতিমধ্যে আৰম্ভ হৈছে নিৰ্মাণকাৰ্য। অনন্য এই বিষয়বস্তুৱে পূজাৰ দিনকেইটাত লাখ লাখ ভক্ত তথা দৰ্শনাৰ্থীক আকৰ্ষণ কৰিব বুলি আশাবাদী উদ্যোক্তাসকল।
