ডাউন টাউন বিশ্ববিদ্যালয়ত পদ্মভূষণ যতীন গোস্বামীৰ অংশগ্ৰহণেৰে সত্ৰীয়া সংস্কৃতিৰ আলোচনা

সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু ডাউন টাউন বিশ্ববিদ্যালয়ৰ আতিথ্যত ২৫/০৮/২০২৬ তাৰিখে এখন মনোজ্ঞ আলোচনা সভা অনুষ্ঠিত হৈ যায় ।প্ৰদীপ কুমাৰ বৰাই আত ধৰা সভাখন পংকজ বৰুৱাৰ বৰগীতেৰে শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা দেৱৰ সভাপতি ত্বত অনুষ্ঠিত হোৱা আলোচনা সভাত আদৰনি ভাষন ৰাখে ড০ প্ৰতীতি বৰ্মন মহোদয়াই। সভাখন উদ্ধোধন কৰে ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নাৰায়ন চন্দ্ৰ তালুকদাৰদেৱে ।মুখ্য অতিথিৰ ভাষন প্ৰদান কৰি ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য্য স্বাস্থ্যৰত্ন ডাঃ নৰেন দত্তই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে আধ্যাত্মিক গুৰুসকল আৰু সত্ৰীয়া সংস্কৃতি অসমীয়া সমাজৰ অপৰিহাৰ্য্য অংগ । সত্ৰীয়া সংস্কৃতি আৰু বৰগীত শিৰষক আলোচনা চক্ৰত মুখ্য আলোচক ৰুপে অংশগ্ৰহণ কৰে পদ্মভূষণ সন্মানেৰে বিভূষিত নৃত্যচাৰ্য যতীন গোস্বামী মহোদয়ে ।ভাষণ প্ৰসংগত গোস্বামী দেৱে কয় যে দুজনা গুৰুৰ সৃষ্টিৰাজি সংৰক্ষণ কৰি ৰাখিলে অসমৰ সত্ৰ সমুহে। অৱশ্যে আজিকালি সেই নৃত্য গীত প্ৰমূখ্যে সংস্কৃতি সমুহ প্ৰজাঘৰিয়া হল।সত্ৰৰ সত্ৰাধিকাৰ ,ভকত,বৈষ্ণৱ সকলে আজিকালি সত্ৰীয়া সংস্কৃতি বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পাই দিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ‌‌সভাত বিশিষ্ট সাহিত্যিক ড০ বলেন্দ্ৰ কুমাৰ দাস ,,ডাউন টাউন বিশ্ববিদ্যালয় ড০ তিলোত্তমা বৰুৱা , ডীন অৱ ষ্টাডিজ ড০ বন্দনা দত্ত , পংক্ষী কাশ্যপ প্ৰমুখ্যে বহুখিনি শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰী উপস্থিত আছিল । শলাগ জ্ঞাপন জ্ঞাপন কৰে ড০ শ্যাম বাবু চৌধুৰীয়ে।সভাত সাংস্কৃতিক মহাসভা অসমৰ
,উপসভাপতি উমেশ বৰ্মন , পৰম সন্মানীয় সদস্য সাজন ভূঞা ,আজিমুদ্দিন আহমেদ ,ৰীতামনি বৰা প্ৰমুখ্যে বহুতো গন্য মান্য ব্যক্তি উপস্থিত আছিল ।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *