ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অসম ডন বস্ক’ বিশ্ববিদ্যালত আন্তৰ্জাতিক যুৱ কাৰাটে খেলুৱৈ প্রতিস্মিতা দাসক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস লগত সংগতি ৰাখি  দেশজুৰি অনুষ্ঠিত কাৰ্যসূচীৰ অংশ হিচাপে আজি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত  অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰাংগণত  ‘বিকশিত ভাৰত যুৱ সংযোগ – ক্ৰীড়া সংস্কৰণ’  অনুষ্ঠিত হয় । উল্লেখ্য যে কিংবদন্তি  হকী খেলুৱৈ তথা মেজৰ ধ্যানচান্দৰ জন্মজয়ন্তী উপলক্ষে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এইবেলি  দেশজুৰি অনুষ্ঠিত এই কাৰ্যসূচীৰ অন্যতম  আকৰ্ষণ আছিল  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অনুষ্ঠান  নতুন দিল্লীৰ পৰা ভি ডি অ’ যোগে কৰা পোনপটীয়া সম্প্ৰচাৰ। অনুষ্ঠানত  প্ৰধানমন্ত্ৰীয়ে দেশৰ ১,৬০০টা স্থানত উপস্থিত ৮ লাখৰো অধিক যুৱ অংশগ্ৰহণকাৰীক সম্বোধন কৰে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, যেনে অলিম্পিক, কমনৱেলথ গেমছ আদিত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰীড়াবিদসকলৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ সভাগৃহত বহু শিক্ষাৰ্থীৰ উপস্থিতিত প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ সম্প্ৰচাৰ কৰা হয় । অনুষ্ঠানত মালিগাওঁস্থিত ছেইণ্ট মেৰীজ স্কুলৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী, আন্তৰ্জাতিক কাৰাটে খেলুৱৈ  প্ৰতিস্মিতা দাসক অসম ডন বস্ক বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে প্ৰতিস্মিতা দাসে মাত্ৰ ৬ বছৰ বয়সতে কাৰাটেৰ মাৰ্শ্বেল আৰ্টছৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু ৯ বছৰ বয়সতে ব্লেক বেল্ট অৰ্জন কৰিছিল। তেওঁ একেৰাহে ১২ বছৰ ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে আৰু গোৱা, ওড়িশা, দাৰ্জিলিং আৰু মুম্বাইকে ধৰি ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত প্ৰতিযোগিতাত পদক অৰ্জন কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ ভিতৰত  ২০২৫ চনৰ কলকাতাত অনুষ্ঠিত প্ৰতিযোগিতাত তেওঁ ভাগ লৈছিল।

ইয়াৰ মাজতে তেওঁ ২০২৪ চনত প্ৰশিক্ষকৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে আৰু মাত্ৰ ১৫ বছৰ বয়সৰ পৰাই এগৰাকী সক্ৰিয় ৰাজ্যিক পৰ্যায়ৰ বিচাৰক  হিচাপে ক্ৰীড়া ক্ষেত্ৰখনত সেৱা আগবঢ়াই আহিছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলৰ সৈতে অনুষ্ঠিত মত বিনিময় কাৰ্যসূচীতো ভাগ লৈ  প্ৰতিস্মিতা দাসে যুৱ অংশগ্ৰহণকাৰীসকলক অনুপ্ৰাণিত কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *