ম’হৰ প্ৰকৃত গৰাকী চিনাক্ত কৰিবলৈ ডিএনএ পৰীক্ষাৰ নিৰ্দেশ বিহাৰ আৰক্ষীৰ

এটা ম’হৰ মালিকীস্বত্বক লৈ দুটা পক্ষৰ মাজত সৃষ্টি হোৱা তীব্ৰ বিবাদ নিষ্পত্তিৰ বাবে বিহাৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। গয়া জিলাত সংঘটিত এই ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ অৰ্থে আৰক্ষী প্ৰশাসনে এতিয়া জন্তুটোৰ ডিএনএ পৰীক্ষা কৰোৱাৰ সিদ্ধান্ত লৈছে। মগধ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক বিকাশ বৈভৱে গয়া (গ্ৰামীণ) আৰক্ষী অধীক্ষক দিব্যাঞ্জলী জয়ছোৱালক বৈজ্ঞানিক অনুসন্ধানৰ জৰিয়তে এই বিবাদ সমাধানৰ নিৰ্দেশ দিয়ে। আই জি বিকাশ বৈভৱে জনোৱা অনুসৰি, সূৰজ যাদৱ আৰু প্ৰকাশ মাঞ্জী নামৰ দুটা পক্ষৰ মাজত ম’হটোক লৈ দীৰ্ঘদিনীয়া বিবাদ চলি আছে আৰু প্ৰকৃত গৰাকী নিশ্চিত কৰিবলৈ ডিএনএ পৰীক্ষাতকৈ আন কোনো সঠিক বৈজ্ঞানিক উপায় নাই।

ঘটনাৰ বিৱৰণি অনুসৰি, কিছুদিন পূৰ্বে ছিৰ্হ গাঁৱৰ বাসিন্দা সূৰজ যাদৱৰ ঘৰৰ পৰা এটা ম’হ চুৰি হৈছিল। পৰৱৰ্তী সময়ত ওচৰৰে নৌৰাঙ্গা গাঁৱৰ বাসিন্দা প্ৰকাশ মাঞ্জীৰ ঘৰত ম’হটো বন্ধা অৱস্থাত প্ৰত্যক্ষ কৰি যাদৱে নিজৰ ঘৰলৈ লৈ আহে। কিন্তু মাঞ্জীয়ে আত্ৰী আৰক্ষী থানাত উপস্থিত হৈ ম’হটো নিজৰ বুলি দাবী কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। আৰক্ষীয়ে ম’হসহ যাদৱক থানালৈ মাতি নি দুদিন জন্তুটো আৱদ্ধ কৰি ৰাখে যদিও যাদৱৰ সমৰ্থকসকলৰ হেঁচাত আৰক্ষীয়ে ম’হটো পুনৰ তেওঁক চমজাই দিয়ে। ইয়াৰ পিছতে মাঞ্জীয়ে যাদৱৰ বিৰুদ্ধে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত এজাহাৰ দাখিল কৰে।

স্থানীয় ৰাজনৈতিক নেতৃত্ব জড়িত হৈ পৰাৰ লগে লগে এই সাধাৰণ বিবাদে অধিক জটিল ৰূপ ধাৰণ কৰে। আৰজেডিৰ প্ৰাক্তন বিধায়ক অজয় কুমাৰ যাদৱে আই জিৰ ওচৰত নিৰপেক্ষ তদন্তৰ দাবী জনায় আৰু আনফালে এনডিএৰ সহযোগী দল হিন্দুস্তানী আৱাম মৰ্চাৰ মুখপাত্ৰ শ্যাম সুন্দৰ মাঞ্জীয়ে আৰক্ষীৰ তদন্ত শেষ নোহোৱালৈকে সকলোকে অপেক্ষা কৰিবলৈ আহ্বান জনায়। যিহেতু সূৰজ যাদৱে ম’হটোৰ মাতৃজনী এতিয়াও তেওঁৰ গাঁৱতে থকা বুলি দাবী কৰিছে, সেয়েহে বিবাদমান ম’হ আৰু তাৰ মাতৃৰ ডিএনএ নমুনা সংগ্ৰহ কৰি ফৰেনছিক পৰীক্ষাৰ জৰিয়তে প্ৰকৃত গৰাকী নিশ্চিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *