অসম

প্ৰথম আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰৰ সামৰণি

প্ৰথম আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰৰ সামৰণি

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ  গুৱাহাটীস্থিত  প্ৰথম  আসাম  বেটেলিয়ান এন চি চিৰ   সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ ২৩ মে'ৰ  পৰা পহিলা জুনলৈ দহদিনীয়াকৈ নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত  অনুষ্ঠিত হয়।  দহদিনীয়া সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত (চি এ টি চি) বেটেলিয়ানৰ অধীনৰ গুৱাহাটী , নলবাৰী , ৰঙিয়া আৰু তামূলপুৰ আদিৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ৫২০ জন  জুনিয়ৰ আৰু ছিনিয়ৰ ডিভিজনৰ লৰা আৰু ছোৱালী কেডেটে  ভাগ লয়। দহদিনীয়া শিবিৰত কেডেট সকলক  শাৰীৰিক অনুশীলন, সামৰিক প্ৰশিক্ষণ ,  ৰাইফল চালনা, পেৰেড, ড্ৰিল, যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, ব্যক্তিত্ব বিকাশ, দক্ষতা বিকাশ, মানসিক ভাবে সৱল হৈ থকাৰ উপায় , সেনাকে ধৰি সশস্ৰ বাহিনীত ভৰ্ত্তি বা নিযুক্তি লাভৰ  উপায় আদিৰ  প্ৰশিক্ষণ…
Read More
বিজেপিৰ বিৰুদ্ধে ‘ৰাজনৈতিক সন্ত্ৰাসবাদ’ৰ অভিযোগ; কলকাতাত প্ৰতিবাদ সাব্যস্ত মমতা বেনাৰ্জীৰ

বিজেপিৰ বিৰুদ্ধে ‘ৰাজনৈতিক সন্ত্ৰাসবাদ’ৰ অভিযোগ; কলকাতাত প্ৰতিবাদ সাব্যস্ত মমতা বেনাৰ্জীৰ

পশ্চিম বংগত শেহতীয়া নিৰ্বাচন পৰৱৰ্তী হিংসাত্মক ঘটনা আৰু দলীয় নেতা-কৰ্মীৰ ওপৰত হোৱা ধাৰাবাহিক আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে কলকাতাৰ ৰাজপথত এক ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। শেহতীয়া বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ বিজয়ৰ পিছৰে পৰা ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ লোকসকলক লক্ষ্য কৰি লোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ দিনজোৰা প্ৰতিবাদ সাব্যস্ত কৰে। কলকাতা আৰক্ষীয়ে ৰাণী ৰাসমণি ৰোডত প্ৰতিবাদ সাব্যস্ত কৰাৰ অনুমতি প্ৰদান নকৰাৰ পিছত বেনাৰ্জীয়ে এক্সপ্লেনেডৰ ৱাই-চেনেলত উপস্থিত হৈ এই ধৰ্না আৰম্ভ কৰে। প্ৰশাসনে বাধা প্ৰদান কৰা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি সমবেত ৰাইজক উদ্দেশ্যি মমতা বেনাৰ্জীয়ে কয়, "আমাক ইয়াত কোনো মঞ্চ তৈয়াৰ কৰিবলৈ বা মাইক্ৰ’ফোন ব্যৱহাৰ কৰিবলৈ অনুমতি…
Read More
হত্যাকাৰীৰ বিৰুদ্ধে অপৰাধীয়ে ভয় খাব পৰা আইন প্ৰণয়নৰ দাবী; আছু নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

হত্যাকাৰীৰ বিৰুদ্ধে অপৰাধীয়ে ভয় খাব পৰা আইন প্ৰণয়নৰ দাবী; আছু নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নলবাৰীৰ নৃশংস হত্যাকাণ্ডৰ বলি হোৱা ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ চামতাৰ বাসগৃহত মঙলবাৰে উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ শোকসন্তপ্ত পিতৃ-মাতৃক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ অপৰাধীৰ বিৰুদ্ধে কঠোৰতম আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী জনায়। আছু পৰিয়ালৰ এই অপূৰণীয় ক্ষতিৰ প্ৰসংগ উত্থাপন কৰি ড০ ভট্টাচাৰ্যই কয়, "আছু কৰা প্ৰতিজন সদস্যৰ দুখনকৈ ঘৰ থাকে। এখন নিজৰ পৰিয়াল থকা, আনখন আছুৰ পৰিয়াল। আছুৰ সকলো সদস্য একেখন ঘৰৰেই সদস্য। মাধুৰ্য বৰ্মন হেৰাই যোৱাটো আছুৰ পৰিয়ালৰ সদস্য হেৰাই যোৱা। এজন ছাত্রনেতাক নৃশংসভাৱে হত্যা কৰিছে। আৰক্ষীয়ে…
Read More
ৰাজ্যত বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ অভূতপূৰ্ব সাফল্য; আনুষ্ঠানিক বেংকিং খণ্ডৰ সৈতে সংযোগ ঘটিল ৯১.৭ শতাংশ মহিলাৰ

ৰাজ্যত বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ অভূতপূৰ্ব সাফল্য; আনুষ্ঠানিক বেংকিং খণ্ডৰ সৈতে সংযোগ ঘটিল ৯১.৭ শতাংশ মহিলাৰ

অসমত মহিলা সৱলীকৰণ আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ। বৰ্তমান ৰাজ্যখনৰ প্ৰায় ৯১.৭ শতাংশ মহিলাই আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ পৰিছে। মঙলবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ তথ্য ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বেংকিং সেৱাৰ এই বিস্তাৰে সৰ্বসাধাৰণ পৰিয়ালসমূহক আৰ্থিকভাৱে শক্তিশালী কৰাৰ লগতে সামগ্ৰিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নাৰী শক্তিৰ সৱলীকৰণৰ প্ৰতি চৰকাৰৰ সংকল্পৰ কথা দোহাৰি তেওঁ কয়, "যেতিয়া এগৰাকী মহিলাই বেংকিং সেৱাৰ সুবিধা লাভ কৰে, তেতিয়া এটা সমগ্ৰ পৰিয়াল আগুৱাই যায়। আজি অসমৰ ৯১.৭% মহিলাই আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ অংশীদাৰ…
Read More
অম্বুবাচী মেলা উপলক্ষে পাণ্ডুনাথ দেৱালয়ত ১২টা সাৰ্বজনীন শৌচাগাৰ উদ্বোধন

অম্বুবাচী মেলা উপলক্ষে পাণ্ডুনাথ দেৱালয়ত ১২টা সাৰ্বজনীন শৌচাগাৰ উদ্বোধন

গুৱাহাটীৰ পাণ্ডুঘাটস্থিত পাণ্ডুনাথ দেৱালয় (প্ৰাচীন গণেশ মন্দিৰ) চৌহদত ৩১ মে'ত ১২টা সাৰ্বজনীন শৌচাগাৰ কমপ্লেক্সৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি আৰু সমাজসেৱক কৈলাশ চন্দ্ৰ লোহিয়া মুখ্য অতিথি হিচাপে আৰু প্ৰদীপ ভাৰেচ সন্মানীয় অতিথি তথা ওমপ্ৰকাশ খাকোলিয়া বিশেষ অতিথি হিচাপে উপস্থিত থাকে । দেৱভক্ত, পৰ্যটক আৰু সাধাৰণ জনসাধাৰণৰ বাবে উন্নত স্বাস্থ্যসন্মত অনাময় সুবিধা প্ৰদানৰ উদ্দেশ্যে এই শৌচাগাৰসমূহ নাৰেংগীস্থিত এইচ. এল. পোদ্দাৰ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অজয় পোদ্দাৰ আৰু কাঞ্চন পোদ্দাৰৰ উদ্যোগত নিৰ্মাণ আৰু পৃষ্ঠপোষকতা কৰা হৈছে। বিশেষকৈ অম্বুবাচী মেলা আৰু অন্যান্য ধৰ্মীয় সমাৱেশৰ সময়ত আগমন ঘটা হাজাৰ হাজাৰ ভক্তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অনুষ্ঠানত অজয় পোদ্দাৰে…
Read More
মাজুলীত কিশোৰী ধৰ্ষণৰ চাঞ্চল্যকৰ ঘটনা; দুই নাবালকসহ ৬ অভিযুক্তক গ্ৰেপ্তাৰ

মাজুলীত কিশোৰী ধৰ্ষণৰ চাঞ্চল্যকৰ ঘটনা; দুই নাবালকসহ ৬ অভিযুক্তক গ্ৰেপ্তাৰ

সমাজত নৈতিক স্খলন আৰু কিশোৰীৰ সুৰক্ষাক লৈ তীব্ৰ উদ্বেগ সৃষ্টি হোৱাৰ মাজতে মাজুলীত পোহৰলৈ আহিছে এক চৰম লজ্জাজনক ঘটনা। জিলাখনত এগৰাকী ১২ বছৰীয়া কিশোৰীক দীৰ্ঘদিন ধৰি ধাৰাবাহিকভাৱে ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে সোমবাৰে দুই নাবালকসহ মুঠ ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ধৰ্ষণৰ ফলত বৰ্তমান ৬ মাহৰো অধিক সময়ৰ অন্তঃসত্ত্বা হৈ পৰিছে ভুক্তভোগী কিশোৰীগৰাকী। ভুক্তভোগী পৰিয়ালৰ লোকে ১ জুনত গড়মূৰ থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এই ক্ষিপ্ৰ কাৰ্যপন্থা গ্ৰহণ কৰে। আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি, কিশোৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ অভিযুক্তসকলে বিভিন্ন সময়ত তেওঁৰ ওপৰত এই পাশৱিক অত্যাচাৰ চলাইছিল। এই জঘন্য কাণ্ডৰ বিষয়ে কাৰোবাৰ আগত মুখ খোলিলে কিশোৰীগৰাকীক প্ৰাণে…
Read More
ধনী অধিক ধনী হোৱাৰ বিপৰীতে মূল্যবৃদ্ধিৰ বোজাত পিষ্ট সাধাৰণ জনতাঃ নতুন অৰ্থনৈতিক নীতিৰ দাবী গৌৰৱ গগৈৰ

ধনী অধিক ধনী হোৱাৰ বিপৰীতে মূল্যবৃদ্ধিৰ বোজাত পিষ্ট সাধাৰণ জনতাঃ নতুন অৰ্থনৈতিক নীতিৰ দাবী গৌৰৱ গগৈৰ

দেশত নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহক তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। সোমবাৰে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ মাধৱদেৱৰ তিথি উপলক্ষে উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীক অগ্ৰাধিকাৰ দিয়া এক নতুন অৰ্থনৈতিক নীতি প্ৰণয়নৰ দাবী উত্থাপন কৰে। বৰ্তমানৰ পৰিস্থিতিক এক ‘অৰ্থনৈতিক সংকট’ বুলি অভিহিত কৰি গগৈয়ে কয় যে যেতিয়া মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীয়ে চৰকাৰৰ পৰা সকাহ পাব লাগিছিল, তেনে সময়ত একাংশ পুঁজিপতি আৰু ঠিকাদাৰ গোষ্ঠী অধিক চহকী হৈ পৰিছে। কেৱল খাদ্য-সামগ্ৰী বা ইন্ধনৰ মূল্যবৃদ্ধিয়েই নহয়, বৰ্তমান উচ্চ শিক্ষাৰ ক্ষেত্ৰতো নামভৰ্তি আৰু হোষ্টেলৰ মাচুল অস্বাভাৱিকভাৱে বৃদ্ধি…
Read More
অসম-বংগৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ পোষকতা পশ্চিম বংগৰ নৱনিযুক্ত মন্ত্ৰী আনন্দময় বৰ্মনৰ

অসম-বংগৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ পোষকতা পশ্চিম বংগৰ নৱনিযুক্ত মন্ত্ৰী আনন্দময় বৰ্মনৰ

ইতিহাস, ভাষা, সংস্কৃতি আৰু পাৰস্পৰিক ভাতৃত্ববোধেৰে গঢ়ি উঠা অসম আৰু পশ্চিম বংগৰ ঐতিহাসিক সম্পৰ্কক আগন্তুক দিনত অধিক শক্তিশালী কৰা হ’ব। সোমবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে পশ্চিম বংগৰ নৱনিযুক্ত ৰাজ্যিক মন্ত্ৰী আনন্দময় বৰ্মনে। শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা শুভেন্দু অধিকাৰী নেতৃত্বাধীন নতুন চৰকাৰখনৰ মন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে বৰ্মনে দুই ৰাজ্যৰ গভীৰ সামাজিক আৰু ভাষিক সম্পৰ্কৰ কথা দোহাৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত তেওঁ কয় যে অসম আৰু বংগৰ মাজত সদায় এক সুমধুৰ সম্পৰ্ক আছিল। ইয়াৰ লগতে এই বান্ধোন সদায় অটুট থাকিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। অসমত বহু বঙালীভাষী লোক থকাৰ বিপৰীতে ৰাজবংশীসহ কেইবাটাও সম্পৰ্কীয় জনগোষ্ঠীৰ অসম…
Read More
কাছাৰত ডেড় কোটি টকাৰ হেৰ’ইন জব্দ; দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

কাছাৰত ডেড় কোটি টকাৰ হেৰ’ইন জব্দ; দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

কাছা ৰাজ্যত নিষিদ্ধ ড্ৰাগছৰ অবাধ সৰবৰাহ অব্যাহত থকাৰ সময়তে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল কাছাৰ আৰক্ষী। সোমবাৰে কাছাৰৰ কালাইনত এক গোপন অভিযান চলাই প্ৰায় ১.৫ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। ইফালে এই নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে। অভিযানকাৰী দলটোৱে কালাইনৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয় অভিমুখে গৈ থকা সন্দেহযুক্ত বাহনখনক মাজপথতে ভেটি ধৰে। পৰৱৰ্তী সময়ত সেই বাহনখনত তন্ন তন্নকৈ তালাচী চলাই ভিতৰত অতি চতুৰতাৰে লুকুৱাই থোৱা ২২ টা চাবোনৰ বাকচ ভৰ্তি হেৰ’ইন উদ্ধাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক ক্ৰমে আছিকুৰ ৰহমান আৰু মুক্তাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। বাহনখনত ড্ৰাগছৰ…
Read More
ফোনত হঠাৎ জৰুৰীকালীন এলাৰ্ট: অহা ৩ ঘণ্টাত গুৱাহাটীত প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী

ফোনত হঠাৎ জৰুৰীকালীন এলাৰ্ট: অহা ৩ ঘণ্টাত গুৱাহাটীত প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী

হঠাৎ বাজি উঠিছে নেকি আপোনাৰ ফোনটো। এনেধৰণৰ এলাৰ্ট লাভ কৰি বহুতেই প্ৰথমে খাইছিল থতমত। এটা মেছেজৰ সৈতে মোবাইলে মোবাইলে কিছু সময় পূৰ্বে বাজি উঠিছিল বিশেষ সংকেত?প্ৰাপ্ত তথ্য অনুসৰি,অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই বিশেষ জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰিছে। এই বিশেষ বাৰ্তাটোৰ জৰিয়তে অহা ১ ৰ পৰা ৩ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহত প্ৰচণ্ড বতাহ-ধুমুহা আৰু ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে।
Read More