অসম

বিজেপিত যোগদানৰ চৰ্চা অগ্ৰাহ্য দেৱব্ৰত শইকীয়াৰ; ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ

বিজেপিত যোগদানৰ চৰ্চা অগ্ৰাহ্য দেৱব্ৰত শইকীয়াৰ; ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত চামিল হোৱাৰ চৰ্চাৰ মাজতে এইবাৰ মুখ খুলিলে অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যে তেওঁৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ বিশেষ নেটৱৰ্ক আৰু প্ৰচাৰ তন্ত্ৰৰ জৰিয়তে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ এনে উৰাবাতৰি বিয়পাইছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। কংগ্ৰেছ দলৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ বুলি উল্লেখ কৰি শইকীয়াই কয় যে বিজেপিত যোগদান কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। বিজেপিয়ে নিজৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পথ সলনি নকৰালৈকে তেনে কোনো সম্ভাৱনা নাই বুলি স্পষ্ট কৰি তেওঁ মহাত্মা…
Read More
আকৌ বিমান দুৰ্ঘটনা! প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত মৃত্যু ২ পাইলটৰ

আকৌ বিমান দুৰ্ঘটনা! প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত মৃত্যু ২ পাইলটৰ

আকৌ আকাশত মৃত্যুৰ কিৰিলি! এইবাৰ উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত এক প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন অভিজ্ঞ বৈমানে। বৃহস্পতিবাৰে পুৱা প্ৰায় ১১:৫০ বজাত গোৱালটোলি থানাৰ অন্তৰ্গত নাথাপুৰৱা গাঁৱৰ সমীপত গংগা নদীৰ পাৰৰ এখন পথাৰত আচাৰ খাই পৰে চাৰিখন আসনযুক্ত ‘টেকনাম’ নামৰ দুই ইঞ্জিনবিশিষ্ট প্ৰশিক্ষণ বিমানখন। গাৰ্গ এভিয়েচন ট্ৰেইনিং চেণ্টাৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে নিয়ন্ত্ৰণ হেৰুৱাই বিমানখন দুৰ্ঘটনাত পতিত হয়। নিহত পাইলট দুজনৰ এজন গুজৰাটৰ বাসিন্দা শচীন আৰু আনজন কৰ্ণাটকৰ অভিষেক পূজাৰী বুলি চিনাক্ত কৰা হৈছে। কানপুৰ আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালে দুয়োগৰাকী পাইলটৰ মৃত্যু নিশ্চিত কৰিছে। পাইলট শচীনৰ ৩,০০০ ঘণ্টাতকৈ অধিক সময় বিমান চলোৱাৰ অভিজ্ঞতা আছিল বুলি আৰক্ষীয়ে প্ৰকাশ…
Read More
নেপাল-তিব্বত সীমান্তৰ আকস্মিক বানত সন্ধানহীন ইশা ফাউণ্ডেচনৰ ৮০ জনীয়া দল! সদগুৰুৰ উদ্বেগ প্ৰকাশ

নেপাল-তিব্বত সীমান্তৰ আকস্মিক বানত সন্ধানহীন ইশা ফাউণ্ডেচনৰ ৮০ জনীয়া দল! সদগুৰুৰ উদ্বেগ প্ৰকাশ

নেপাল আৰু তিব্বত সীমান্তত সৃষ্টি হোৱা প্ৰলয়ংকৰী আকস্মিক বানৰ পিছতে সন্ধানহীন হৈ আছে ইশা ফাউণ্ডেচনৰ এটা ৮০ জনীয়া দল। আধ্যাত্মিক গুৰু তথা ইশা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সদগুৰু জগ্গী বাসুদেৱে সমগ্ৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তিব্বতৰ ছাগাত উপস্থিত থকা সদগুৰুৱে ব্যক্ত কৰা অনুসৰি, সীমান্ত অঞ্চলত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাৰ লগতে পথ বন্ধ হৈ পৰাত দুৰ্যোগস্থলীৰ সৈতে কোনো ধৰণৰ আনুষ্ঠানিক সংযোগ স্থাপন সম্ভৱ হোৱা নাই। আৱদ্ধ হৈ পৰা দলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২২ জন, কানাডাৰ ১২ জন, অষ্ট্ৰেলিয়াৰ ১১ জন, যুক্তৰাজ্যৰ ৯ জন, জাৰ্মানীৰ ৪ জন, ফ্ৰান্সৰ ৩ জন, নেপালৰ ৩ জনকৈ সদস্য আছে। ইয়াৰ উপৰি নেদাৰলেণ্ড, নিউজিলেণ্ড, ছিংগাপুৰ আৰু…
Read More
ধাৰাসাৰ বৰষুণৰ পিছতে ভয়ংকৰ ভূমিস্খলনত খহি পৰিল জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়! কথমপি প্ৰাণৰক্ষা বহু লোকৰ

ধাৰাসাৰ বৰষুণৰ পিছতে ভয়ংকৰ ভূমিস্খলনত খহি পৰিল জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়! কথমপি প্ৰাণৰক্ষা বহু লোকৰ

নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড ভূমিস্খলনৰ বাবে নাগালেণ্ডত বৃহস্পতিবাৰে পুৱা সম্পূৰ্ণৰূপে খহি পৰে এক গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় ভৱন। ৰাজ্যখনৰ ট্যুৱেনচাং জিলাৰ ডাকঘৰ ৱাৰ্ডত অৱস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় ভৱনটো ভূমিস্খলনৰ ফলত পুৱাৰ ভাগত ভাগি পৰে। অৱশ্যে পূৰ্বতেই ভৱনটো খালী কৰি দিয়াৰ বাবে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। উল্লেখযোগ্য যে, বিগত ২৩ জুলাইতেই ট্যুৱেনচাঙৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ লিথ্ৰংলা টংপী ৰুটছাই কাৰিকৰী পৰীক্ষণৰ পিছত এই ভৱনটোক বিপদজনক বুলি ঘোষণা কৰিছিল আৰু জৰুৰীভাৱে ভাঙি পেলোৱাৰ নিৰ্দেশ জাৰি কৰিছিল। সেই নিৰ্দেশনাৰ আধাৰত ২৪ জুলাইৰ পৰাই কাৰ্যালয়টোৰ সকলো কাম-কাজ অনিৰ্দিষ্টকাললৈ বন্ধ ৰখা হৈছিল। যাৰ ফলত ড্ৰাইভিং লাইচেঞ্চ প্ৰদান,…
Read More
ম’হৰ প্ৰকৃত গৰাকী চিনাক্ত কৰিবলৈ ডিএনএ পৰীক্ষাৰ নিৰ্দেশ বিহাৰ আৰক্ষীৰ

ম’হৰ প্ৰকৃত গৰাকী চিনাক্ত কৰিবলৈ ডিএনএ পৰীক্ষাৰ নিৰ্দেশ বিহাৰ আৰক্ষীৰ

এটা ম’হৰ মালিকীস্বত্বক লৈ দুটা পক্ষৰ মাজত সৃষ্টি হোৱা তীব্ৰ বিবাদ নিষ্পত্তিৰ বাবে বিহাৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। গয়া জিলাত সংঘটিত এই ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ অৰ্থে আৰক্ষী প্ৰশাসনে এতিয়া জন্তুটোৰ ডিএনএ পৰীক্ষা কৰোৱাৰ সিদ্ধান্ত লৈছে। মগধ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক বিকাশ বৈভৱে গয়া (গ্ৰামীণ) আৰক্ষী অধীক্ষক দিব্যাঞ্জলী জয়ছোৱালক বৈজ্ঞানিক অনুসন্ধানৰ জৰিয়তে এই বিবাদ সমাধানৰ নিৰ্দেশ দিয়ে। আই জি বিকাশ বৈভৱে জনোৱা অনুসৰি, সূৰজ যাদৱ আৰু প্ৰকাশ মাঞ্জী নামৰ দুটা পক্ষৰ মাজত ম’হটোক লৈ দীৰ্ঘদিনীয়া বিবাদ চলি আছে আৰু প্ৰকৃত গৰাকী নিশ্চিত কৰিবলৈ ডিএনএ পৰীক্ষাতকৈ আন কোনো সঠিক বৈজ্ঞানিক উপায় নাই। ঘটনাৰ বিৱৰণি অনুসৰি, কিছুদিন পূৰ্বে ছিৰ্হ গাঁৱৰ বাসিন্দা…
Read More
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অসম ডন বস্ক’ বিশ্ববিদ্যালত আন্তৰ্জাতিক যুৱ কাৰাটে খেলুৱৈ প্রতিস্মিতা দাসক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অসম ডন বস্ক’ বিশ্ববিদ্যালত আন্তৰ্জাতিক যুৱ কাৰাটে খেলুৱৈ প্রতিস্মিতা দাসক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস লগত সংগতি ৰাখি  দেশজুৰি অনুষ্ঠিত কাৰ্যসূচীৰ অংশ হিচাপে আজি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত  অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰাংগণত  ‘বিকশিত ভাৰত যুৱ সংযোগ – ক্ৰীড়া সংস্কৰণ’  অনুষ্ঠিত হয় । উল্লেখ্য যে কিংবদন্তি  হকী খেলুৱৈ তথা মেজৰ ধ্যানচান্দৰ জন্মজয়ন্তী উপলক্ষে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এইবেলি  দেশজুৰি অনুষ্ঠিত এই কাৰ্যসূচীৰ অন্যতম  আকৰ্ষণ আছিল  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অনুষ্ঠান  নতুন দিল্লীৰ পৰা ভি ডি অ' যোগে কৰা পোনপটীয়া সম্প্ৰচাৰ। অনুষ্ঠানত  প্ৰধানমন্ত্ৰীয়ে দেশৰ ১,৬০০টা স্থানত উপস্থিত ৮ লাখৰো অধিক যুৱ অংশগ্ৰহণকাৰীক সম্বোধন কৰে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, যেনে অলিম্পিক, কমনৱেলথ গেমছ আদিত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত ভাৰতীয়…
Read More
বিদ্যুৎ সংস্কাৰ, গুৱাহাটীৰ আণ্ডাৰগ্ৰাউণ্ড কেবলিঙক লৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

বিদ্যুৎ সংস্কাৰ, গুৱাহাটীৰ আণ্ডাৰগ্ৰাউণ্ড কেবলিঙক লৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নতুন দিল্লীত থকা তেওঁৰ চৰকাৰী বাসভৱনত কেন্দ্ৰীয় শক্তি আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰে আৰু ৰাজ্যৰ শক্তিৰ প্ৰয়োজনীয়তা, বিদ্যুৎ আন্তঃগাঁথনি আৰু নগৰ উন্নয়নৰ অগ্ৰাধিকাৰসমূহ সন্দৰ্ভত বিশদ আলোচনাত মিলিত হয়। বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে অসমৰ উচ্চাকাংক্ষী প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰাৰ লগতে বিদ্যুৎ খণ্ডত গ্ৰাহক-কেন্দ্ৰিক সংস্কাৰৰ বিষয়েও আলোচনা কৰে। আলোচনাত অসমৰ দীৰ্ঘম্যাদী বিদ্যুতৰ প্ৰয়োজনীয়তা আৰু কেন্দ্ৰীয় উৎপাদন কেন্দ্ৰসমূহৰ পৰা ৰাজ্যখনৰ বাবে আবণ্টিত বিদ্যুৎ অধিক যুক্তিসংগতভাৱে ব্যৱহাৰ কৰাৰ উপায়সমূহ সামৰি লোৱা হয়। বৈঠকত গুৱাহাটীৰ বিদ্যুৎ বিতৰণ নেটৱৰ্ক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়, য’ত…
Read More
গুজৰাটৰ নগৰ উন্নয়ন, চেনি উদ্যোগ, সমবায় খণ্ডৰ উত্তম পদ্ধতি অধ্যয়ন অসমৰ মন্ত্ৰীৰ

গুজৰাটৰ নগৰ উন্নয়ন, চেনি উদ্যোগ, সমবায় খণ্ডৰ উত্তম পদ্ধতি অধ্যয়ন অসমৰ মন্ত্ৰীৰ

নিজৰ বিভাগসমূহৰ সৈতে জড়িত বিভিন্ন নীতি, প্ৰাতিষ্ঠানিক পদ্ধতি আৰু উন্নয়নমূলক পদক্ষেপ অধ্যয়নৰ বাবে গুজৰাট ভ্ৰমণৰ অংশ হিচাপে অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী কৌশিক ৰায়ে মঙলবাৰে আহমেদাবাদত নগৰ উন্নয়ন, পৌৰ শাসন, চেনিৰ মূল্য ব্যৱস্থাপনা আৰু সমবায় চেনি উদ্যোগৰ ওপৰত গুৰুত্ব দি একাধিক পৰিদৰ্শন আৰু উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে আহমেদাবাদৰ চাবৰমতী ৰিভাৰফ্ৰণ্ট পৰিদৰ্শন কৰে আৰু আইকনিক অটল দলং পৰিদৰ্শন কৰি প্ৰায় ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিভাৰফ্ৰণ্ট প্ৰকল্পৰ পৰিকল্পনা, উন্নয়ন আৰু বিভিন্ন উপাদানৰ প্ৰত্যক্ষভাৱে বুজ লয়। ইয়াৰ পিছত চাবৰমতী ৰিভাৰফ্ৰণ্ট ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ (SRFDCL) কাৰ্যালয়ত আহমেদাবাদ প্ৰশাসনৰ…
Read More
ৰাষ্ট্ৰীয় ঘাইপথত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ! ৫ গৰাকী মহিলাসহ নিহত ৬, আহত ২০

ৰাষ্ট্ৰীয় ঘাইপথত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ! ৫ গৰাকী মহিলাসহ নিহত ৬, আহত ২০

ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ জন লোকে। ভয়ংকৰ দুৰ্ঘটনাটোত আহত হয় আন ২০ জন যাত্ৰী। তেলেংগানাৰ সূৰ্য্যপেট জিলাৰ ডোৰাকুন্টাত হায়দৰাবাদ-বিজয়ৱাড়া ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱা প্ৰায় ৫ বজাত এখন যাত্ৰীবাহী ব্যক্তিগত বাছ আৰু লোৰ পাইপ কঢ়িওৱা ট্ৰাকৰ মাজত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীৰ তথ্য অনুসৰি, নিহতসকলৰ ভিতৰত পাঁচগৰাকীয়েই মহিলা। লোৰ পাইপভৰ্তি ট্ৰাকখনে আন এখন বাহনক অতিক্ৰম কৰাৰ চেষ্টা চলোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত ট্ৰাকখনৰ আধাপ্ৰান্ত ডিভাইডাৰৰ ওপৰত আৰু বাকী অংশ পথৰ মাজভাগত আৱদ্ধ হৈ ৰয়। তাৰ কিছু সময়ৰ পিছতে হায়দৰাবাদৰ পৰা অন্ধ্ৰপ্ৰদেশৰ এলুৰু অভিমুখী যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই থমকি ৰোৱা…
Read More
অসম-মেঘালয় সংঘাতত পৰ্যটন খণ্ডৰ ১০০ শতাংশ ক্ষতি! ক্ষতিগ্ৰস্ত অসমৰ বাহনক ক্ষতিপূৰণ দিয়াৰ ঘোষণা শ্বিলঙৰ

অসম-মেঘালয় সংঘাতত পৰ্যটন খণ্ডৰ ১০০ শতাংশ ক্ষতি! ক্ষতিগ্ৰস্ত অসমৰ বাহনক ক্ষতিপূৰণ দিয়াৰ ঘোষণা শ্বিলঙৰ

সাম্প্ৰতিক সীমা সংঘাত আৰু পথ অৱৰোধৰ ফলত মেঘালয়ত পৰ্যটন উদ্যোগ প্ৰায় ১০০ শতাংশ লোকচানৰ সন্মুখীন হৈছে। মেঘালয় বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা এই কথা সদৰী কৰে ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী টিমথি ডি চিৰাই। পৰ্যটকৰ সংখ্যা অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ফলত স্থানীয় হোটেল, হোমষ্টে’ আৰু ব্যৱসায়ীসকল গভীৰ আৰ্থিক সংকটত পৰা বুলিও তেওঁ প্ৰকাশ কৰে। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ সফল আলোচনাৰ পাছত সমস্যাৰ সমাধান হোৱা বুলি সদৰী কৰে পৰ্যটন মন্ত্ৰীগৰাকীয়ে। সেয়েহে এতিয়া আন্তঃৰাজ্যিক পথত কোনো ধৰণৰ অৱৰোধ বা বাহন চলাচলত বাধা আৰোপ কৰাৰ প্ৰয়োজন নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। সংঘাতৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত হোৱা অসমৰ পঞ্জীয়নভুক্ত বাহনসমূহৰ গৰাকীক মেঘালয় চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব বুলিও…
Read More