১৯৯৮ চনৰ কুখ্যাত ৱানধামা নৰসংহাৰৰ পুনৰ তদন্ত আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীৰ ৰাজ্যিক তদন্তকাৰী সংস্থাই। গান্দেৰবাল জিলাৰ ৱানধামা গাঁৱত সংঘটিত এই বৰ্বৰ আক্ৰমণত ২৩ গৰাকীকৈ কাশ্মীৰী পণ্ডিতে প্ৰাণ হেৰুৱাইছিল। বিগত কেইবাদিনো ধৰি এই হত্যাকাণ্ডৰ সৈতে জড়িত কেইবাটাও স্থানত চলোৱা তালাচী অভিযানৰ পাছতে সংস্থাই এই সিদ্ধান্ত লয়।
১৯৯৮ চনৰ গণৰাজ্য দিৱসৰ ঠিক পূৰ্বৰ নিশা ভাৰতীয় সেনাৰ পোছাক পিন্ধি লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদিনৰ উগ্ৰপন্থী দলে উপত্যকাটোৰ ৱানধামা গাঁৱত নিৰ্বিচাৰ গুলীচালনা চলাইছিল। কাশ্মীৰী পণ্ডিতসকলক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত ৯ গৰাকী মহিলা আৰু চাৰিটি শিশুকে ধৰি ২৩ জন লোক নিহত হৈছিল। সেই সময়ত ঘটনাৰ তদন্ত আৰম্ভ হৈছিল যদিও এতিয়া সংস্থাই সমগ্ৰ কাণ্ডৰ আঁৰত থকা লোকসকলক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ কৰিব।
জম্মু-কাশ্মীৰৰ ৰাজ্যিক তদন্তকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই হত্যাকাণ্ডৰ সৈতে জড়িত উগ্ৰপন্থীসকলৰ লগতে হিংসাত্মক ঘটনাৰ পৰিকল্পনাকাৰীসকলৰ ভূমিকাও নিৰ্ধাৰণ কৰা হ’ব। ৮০ আৰু ৯০ৰ দশকত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত চলোৱা নিৰ্যাতন আৰু হত্যাকাণ্ডৰ সকলো পুৰণি ঘটনাৰ ন্যায়িক নিষ্পত্তিৰ লক্ষ্যৰে প্ৰশাসন এই পদক্ষেপত অগ্ৰসৰ হৈছে।
উল্লেখ্য যে, কাশ্মীৰী পণ্ডিতসকলক উপত্যকাত পুনৰ সংস্থাপনৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে পুৰণি অপৰাধসমূহৰ তদন্ত ক্ষিপ্ৰ কৰি তুলিছে জম্মু-কাশ্মীৰ চৰকাৰে। ইয়াৰ পূৰ্বে সংস্থাই নাৰ্ছ সৰলা ভাটৰ হত্যা আৰু ধৰ্ষণ কাণ্ড, বিজেপি নেতা টীকা লাল টাপলো, বিশিষ্ট লেখক সৰ্বানন্দ কৌল প্ৰেমী আৰু তেওঁৰ পুত্ৰৰ হত্যাকাণ্ডৰ লগতে ন্যায়াধীশ নীলকণ্ঠ গাঞ্জুৰ হত্যাৰ তদন্তও পুনৰ আৰম্ভ কৰিছে। এই তদন্তৰ অংশ হিচাপে নিষিদ্ধ ঘোষিত জে কে এল এফৰ প্ৰাক্তন নেতা তথা বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকৰ বাসগৃহতো তালাচী চলোৱা হৈছে।
