অসম ৰাইফলছৰ তৎপৰতাত উদ্ধাৰ ডিমাপুৰৰ সন্ধানহীন কিশোৰ; সুৰক্ষিতভাৱে ওভতাই দিলে পৰিয়ালক

এজন কৰ্তব্যৰত জোৱানৰ সতৰ্কতা আৰু মানৱীয় প্ৰচেষ্টাৰ ফলত ৰক্ষা পৰিল ঘৰৰ পৰা সন্ধানহীন হোৱা এটা ১০ বছৰীয়া শিশু। এখন যাত্ৰীবাহী ৰে’লত অকলশৰে ভ্ৰমণ কৰি থকা অৱস্থাত অসম ৰাইফলছৰ এজন জোৱানে উদ্ধাৰ কৰে কিশোৰটোক।

যোৱা ২২ আগষ্টত নাগালেণ্ডৰ ডিমাপুৰস্থিত নেইচাটুঅ’ কলনিৰ নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈছিল জোচেফ মাও নামৰ কিশোৰটি। পৰৱৰ্তী দিনা অৰ্থাৎ ২৩ আগষ্টত ত্ৰিপুৰাগামী এখন ৰে’লত পিঠিত স্কুল বেগ লৈ কোনো অভিভাৱক অবিহনে অকলশৰে বহি থকা শিশুটি প্ৰত্যক্ষ কৰে অসম ৰাইফলছৰ ৰাইফলমেন লৰেন্স হ্ৰাংখলে। সোধা-পোছাত ল’ৰাটোৱে ঘৰৰ সঠিক ঠিকনা বা কি কাৰণত ৰে’লত উঠিছিল, সেই বিষয়ে একো ক’ব নোৱাৰাত সন্দেহ ওপজে জোৱানজনৰ।

বিষয়টো তাৎক্ষণিকভাৱে উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে জোৱানজনে। ইয়াৰ পাছতে শিশুটিৰ নিৰাপত্তা সুনিশ্চিত কৰি ত্ৰিপুৰাৰ ৰাধানগৰস্থিত অসম ৰাইফলছৰ শিবিৰলৈ লৈ যোৱা হয়। তাত উপস্থিত হৈয়ে বাহিনীটোৰ জোৱানসকলে কিশোৰটিৰ পৰিচয় উদ্ধাৰৰ বাবে তৎপৰতা আৰম্ভ কৰে। সামাজিক মাধ্যম ইনষ্টাগ্ৰামত সন্ধানহীন হোৱাৰ সন্দৰ্ভত প্ৰচাৰিত এটা প’ষ্টৰ জৰিয়তে শিশুটিৰ নাম জোচেফ মাও বুলি নিশ্চিত হয় আৰু পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন কৰা হয়।

স্থানীয় আৰক্ষীৰ সহযোগত যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি কিশোৰটিক সুৰক্ষিতভাৱে নিজ পৰিয়ালৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰে অসম ৰাইফলছে। এক চৰকাৰী বিবৃতিত অসম ৰাইফলছে প্ৰকাশ কৰে যে সীমান্ত সুৰক্ষা আৰু আইন-শৃংখলা ৰক্ষাৰ সমান্তৰালকৈ জনসাধাৰণৰ নিৰাপত্তা তথা মানৱীয় সহায়ৰ ক্ষেত্ৰত বাহিনীটো সদায় প্ৰতিশ্ৰুতিবদ্ধ। জোৱানজনৰ সময়োচিত পদক্ষেপে সম্ভাৱ্য বিপদৰ পৰা শিশুটিক উদ্ধাৰ কৰি পৰিয়ালটোলৈ স্বস্তিৰ নিশ্বাস কঢ়িয়াই আনে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *