উত্তৰ-পূৱ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ

ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি । ন-নদীৰ বানত এসপ্তাহে সহাৱস্থান কৰি থকাৰ পিছতো জিলা প্ৰশাসনে খবৰ নোলোৱা অভিযোগ বানাক্ৰান্তৰ ৷প্ৰৱল বৰষুণৰ ফলত এইবাৰ বাৰিষাত জিলাখনৰ গোগামুখ ৰাজহ চক্ৰৰ ক্ৰমে গোগামুখ, ভেবেলী, ওখমাটি, মধ্যমিংমাং, লতাক আদি পঞ্চায়তৰ ২০ খনৰো অধিক গাঁও বানৰ কবলত পৰিছে ৷ দেওবাৰৰ বাঢ়নী পানীয়ে ন ন অঞ্চল প্লাৱিত কৰে ৷ সোমবাৰে দুই এখন গাঁৱত পানী কমিলেও অধিকাংশ গাঁৱত সোম আৰু মঙলবাৰেও কমা নাই পানী ৷
Read More
কাটাৰত সংঘটিত হৈছে প্ৰচণ্ড বিস্ফোৰণ

কাটাৰত সংঘটিত হৈছে প্ৰচণ্ড বিস্ফোৰণ

কাটাৰত সংঘটিত হৈছে প্ৰচণ্ড বিস্ফোৰণ ৷ এই বিস্ফোৰণত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে, মৃত্যুক সাৱটি লোৱা ১২ জনেই হৈছে ভাৰতীয় ৷ সাগৰৰ উপকূলীয় অঞ্চলত অৱস্থিত দেশ কাটাৰৰ শক্তি মন্ত্ৰী সাদ বিন শ্বেৰিদা আল-কাবীয়ে সোমবাৰে এই তথ্য সদৰী কৰে ৷ ডোহা নিউজত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, কাটাৰএনাৰ্জিৰ মুৰব্বী আল-কাবীয়ে কয় যে দেওবাৰে সন্ধিয়া ৰাছ লাফান ঔদ্যোগিক চহৰৰ বাৰ্জান ঘৰুৱা গেছ যোগান প্ৰকল্পত এই বিস্ফোৰণ সংঘটিত হয় ৷ বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ডত প্ৰায় ৬৬ জন লোক আহত হয় ।দূতাবাসে সকলোৰে সহায় হোৱাকৈ দুটাকৈ হেল্পলাইন নম্বৰ আৰু ই-মেইল আইডি মুকলি কৰিছে ৷ সেইসমূহ হৈছে - +৯৭৪-৫৫৬৪৭৫০২ অথবা +৯৭৫-৫৫৩৮৪৬৮৩ আৰু ই-মেইল আইডি :…
Read More
প্ৰাক্তন মন্ত্ৰীৰ ঘৰত চোৰৰ তাণ্ডৱ

প্ৰাক্তন মন্ত্ৰীৰ ঘৰত চোৰৰ তাণ্ডৱ

বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জনশক্তি জনতা দলৰ (JJD) ৰাষ্ট্ৰীয় অধ্যক্ষ তেজ প্ৰতাপ যাদৱৰ পাটনাৰ চৰকাৰী বাসগৃহত এক ডাঙৰ চুৰিকাণ্ড সংঘটিত হৈছে। আচৰিত কথাটো হ’ল, প্ৰতাপে তেওঁৰ নিজৰ ব্যক্তিগত সহায়ক (PA) মোতিলাল ৰায়ৰ বিৰুদ্ধে এই চুৰিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।এজাহাৰত উল্লেখ কৰা অনুসৰি, ২২ জুনৰ নিশা প্ৰায় ১১:৩০ বজাত তেজ প্ৰতাপৰ ড্ৰাইভাৰ অনিল যাদৱ আৰু তেওঁৰ সৈতে থকা বিশাল নামৰ এজন যুৱকে মোতীলাল ৰায়ক এটা বেগ লৈ চৰকাৰী আৱাসৰ দেৱাল পাৰ হৈ পলাই যোৱা প্ৰত্যক্ষ কৰিছিল। এই দুয়োগৰাকী ব্যক্তিয়েই সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী সাক্ষী।অভিযোগ অনুসৰি, তেওঁৰ বাসগৃহৰ আলমাৰীৰ পৰা তলত দিয়া সামগ্ৰীসমূহ চুৰি হৈছে:নগদ ২০ লাখ টকা। ২ তোলা সোণৰ চেইন আৰু…
Read More
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদআমগুৰি, ১৯ জুন: অত্যাৱশ্যকীয় সামগ্ৰীৰ লাগামহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই। মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনসাধাৰণৰ জীৱন-যাপন দুৰ্বিষহ হৈ পৰাৰ অভিযোগ উত্থাপন কৰি সংগঠন দুটাই চৰকাৰৰ অৰ্থনৈতিক নীতি আৰু বজাৰ নিয়ন্ত্ৰণৰ ব্যৰ্থতাৰ তীব্ৰ সমালোচনা কৰে। প্ৰতিবাদকাৰীসকলে হাতে প্লেকাৰ্ড আৰু বেনাৰ লৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শ্লোগান দিয়ে। তেওঁলোকৰ অভিযোগ অনুসৰি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী, শাক-পাচলি, খাদ্য তেল, গেছ আদি সামগ্ৰীৰ মূল্য অব্যাহতভাৱে বৃদ্ধি পাই থকাৰ ফলত মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহ অধিক সমস্যাৰ সন্মুখীন হৈছে। সংগঠনৰ নেতৃবৃন্দই কয় যে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ…
Read More
বাতিল হ’ল জেনেভাত অনুষ্ঠিত হ’বলগা ইৰান আমেৰিকাৰ শান্তি চুক্তি

বাতিল হ’ল জেনেভাত অনুষ্ঠিত হ’বলগা ইৰান আমেৰিকাৰ শান্তি চুক্তি

বাতিল হ'ল জেনেভাত অনুষ্ঠিত হ'বলগা ইৰান আমেৰিকাৰ শান্তি চুক্তি। লেবাননৰ ওপৰত ইজৰাইলৰ ধ্বংসলীলাত প্ৰাণ গ'ল ১৮ জনৰ। জেনেভাত স্থগিত আমেৰিকা-ইৰান শান্তি আলোচনা, লেবাননত পুনৰ ৰক্তক্ষয়ী আক্ৰমণ জেনেভাত অনুষ্ঠিত হ'বলগা আমেৰিকা-ইৰানৰ গুৰুত্বপূৰ্ণ শান্তি আলোচনা অনিৰ্দিষ্টকালৰ বাবে স্থগিত কৰা হৈছে। দুয়োখন দেশৰ মাজত চলি থকা কূটনৈতিক প্ৰচেষ্টাৰ মাজতে লেবাননত পুনৰ সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিয়ে এই আলোচনাক অনিশ্চয়তাৰ মুখলৈ ঠেলি দিছে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে.ডি. ভেন্সেও সুইজাৰলেণ্ড ভ্ৰমণ বাতিল কৰিছে। ইফালে লেবাননৰ দক্ষিণাঞ্চলত ইজৰাইলী আক্ৰমণত কমেও ১৮ জন লোকৰ মৃত্যু হোৱা বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিছে। এই ঘটনাৰ পিছতেই ইৰানৰ ফালৰ পৰা শান্তি আলোচনাত অংশগ্ৰহণক লৈ সংশয় প্ৰকাশ কৰা হয়। বিশ্লেষকসকলৰ মতে, লেবাননত…
Read More
চিৰালৰ উপকাৰিতা

চিৰালৰ উপকাৰিতা

চিৰালৰ উপকাৰিতা: স্বাস্থ্যৰ বাবে এক প্ৰাকৃতিক সম্পদডিজিটেল ডেস্ক: অসমৰ গ্ৰামাঞ্চলত বহুদিন ধৰি ব্যৱহৃত হৈ অহা চিৰালক প্ৰাকৃতিক ঔষধি গুণসম্পন্ন উদ্ভিদ হিচাপে গণ্য কৰা হয়। পৰম্পৰাগতভাৱে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ উপশমৰ বাবে ইয়াৰ ব্যৱহাৰ চলি আহিছে। বিশেষজ্ঞসকলৰ মতে, চিৰালত থকা বিভিন্ন পুষ্টিকৰ উপাদানে শৰীৰৰ সামগ্ৰিক সুস্থতা বজাই ৰখাত সহায় কৰিব পাৰে। ই হজম শক্তি উন্নত কৰাত সহায় কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো ভূমিকা ল'ব পাৰে। চিৰালৰ আন কিছুমান সম্ভাৱ্য উপকাৰিতা হ'ল— হজম শক্তি উন্নত কৰা। শৰীৰৰ বিষাক্ত পদাৰ্থ নিৰ্গমন প্ৰক্ৰিয়াত সহায় কৰা। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা। কিছুমান সাধাৰণ সংক্রমণৰ বিপৰীতে সহায়ক ভূমিকা পালন কৰা। শৰীৰক সতেজ আৰু সজীৱ কৰি…
Read More
আজিৰে পৰা ২২ জুন পৰ্যন্ত দেশত নিষিদ্ধ টেলিগ্ৰাম এপ

আজিৰে পৰা ২২ জুন পৰ্যন্ত দেশত নিষিদ্ধ টেলিগ্ৰাম এপ

ভাৰত চৰকাৰে ২২ জুন পৰ্যন্ত দেশজুৰি সাময়িকভাৱে জনপ্ৰিয় মেছেজিং এপ Telegram-ৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে NEET-UG ২০২৬ পুনঃপৰীক্ষা সুকলমে আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় আৰু National Testing Agency (NTA)-ৰ পৰামৰ্শৰ ভিত্তিত তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (MeitY) এই নিৰ্দেশনা জাৰি কৰে। অভিযোগ অনুসৰি, পূৰ্বে Telegram-ৰ বিভিন্ন চেনেল আৰু গ্ৰুপৰ জৰিয়তে প্ৰশ্নকাকত ফাদিল, ভুৱা প্ৰশ্নপত্ৰ বিক্ৰী আৰু পৰীক্ষাৰ সৈতে জড়িত প্ৰতাৰণামূলক কাৰ্যকলাপ চলোৱা হৈছিল। চৰকাৰে জনোৱা মতে, ২১ জুনত অনুষ্ঠিত হ'বলগীয়া NEET পুনঃপৰীক্ষাৰ পূৰ্বে যিকোনো ধৰণৰ অসাধু চক্ৰক সক্ৰিয় হোৱাৰ পৰা ৰোধ কৰিবলৈ এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। Telegram-ৰ কিছুমান বিশেষ সুবিধা,…
Read More
ৰাজপথত ষ্টান্ট কৰি গড়চুক আৰক্ষীৰ জালত অট’চালক

ৰাজপথত ষ্টান্ট কৰি গড়চুক আৰক্ষীৰ জালত অট’চালক

ৰাজপথত ষ্টান্ট কৰি গড়চুক আৰক্ষীৰ জালত অট'চালক।অট'ৰিক্সাৰে বিপদজ্জনক স্টান্ট আৰু তীব্র গতিত গাড়ী চলোৱা দৃশ্য ভাইৰেল হৈছিল ।সামাজিক মাধ্যমত পাঞ্জাবাৰীৰ বিকি চৌধুৰী আৰু তেওঁৰ সহযোগী মৃত্যুঞ্জয় ৰায় সিংহক আটক।
Read More
নলবাৰীত এটি শিশুক অপহৰণৰ চেষ্টা ২ দুৰ্বৃত্তৰ

নলবাৰীত এটি শিশুক অপহৰণৰ চেষ্টা ২ দুৰ্বৃত্তৰ

নলবাৰীত এটি শিশুক অপহৰণৰ চেষ্টা ২ দুৰ্বৃত্তৰ।লাওদল চ’কত সংঘটিত হৈছে এই ঘটনা।বিদ্যালয়লৈ যোৱাৰ পথতে শিশুটিক অপহৰণৰ চেষ্টা।অভিভাৱকৰ সজাগতাৰ বাবে ৰক্ষা পৰে শিশুটি।আৰক্ষী উপস্থিত হৈ আটক কৰে ২ দুৰ্বৃত্তক।
Read More
সাৱধান জনতা

সাৱধান জনতা

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ নিৰ্দেশনা।এতিয়াৰে পৰা চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন অবিহনে ক্ৰয় কৰিব নোৱাৰিব কফ ছিৰাপ।অন্যান্য ছিৰাপো ক্ৰয় কৰাৰ ক্ষেত্ৰত জাৰি অনুৰূপ নিৰ্দেশনা।কফ ছিৰাপৰ পৰা দেশৰ বহু ঠাইত শিশুৰ মৃত্যুৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিলে জৰুৰী নিৰ্দেশনা।
Read More